NCERT class 10 science chapter 5: Periodic Classification Of Elements মৌলৰ পর্যাবৃত্ত শ্ৰণীবিভাজন – অসমীয়াত সম্পূৰ্ণ সমাধান। আমি এই ব্লগত অসমৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৭, ৮, ৯, ১০, ১১ আৰু ১২ শ্ৰেণীৰ বাবে বিনামূলীয়া NCERT সমাধান প্ৰদান কৰোঁ।
এই পৃষ্ঠাত আপুনি দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৫: মৌলৰ পর্যাবৃত্ত শ্ৰণীবিভাজনৰ সম্পূৰ্ণ প্ৰশ্ন আৰু উত্তৰৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ অতিৰিক্ত পৰীক্ষামুখী চুটি প্ৰশ্ন আৰু উত্তৰ আমাৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে আপোনাক অধ্যায়টো অতি ভালদৰে বুজিবলৈ সহায় কৰিব।
Content | NCERT Solution |
Class | Class 10 |
Subject | General Science |
Chapter 5 | Periodic Classification Of Elements (মৌলৰ পর্যাবৃত্ত শ্ৰণীবিভাজন) |
Medium | Assamese |
Class 10 Science Chapter 5 Solutions – মৌলৰ পর্যাবৃত্ত শ্ৰণীবিভাজন
Class 10 Science Chapter 5 Intext Questions & Answers
Question 1: নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ডবাৰেইনাৰৰ ট্ৰায়াড আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা।
Answer: নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ডটবাৰেইনাৰৰ ট্ৰায়াড আছিল। ডটবাৰেইনাৰে দেখুৱাইছিল যে ট্ৰায়াড এটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান হয়। উদাহৰণস্বৰূপে, লিথিয়াম (Li), ছ’ডিয়াম (Na) আৰু পটেছিয়াম (K)ৰে গঠিত ট্ৰায়াডটো ল’লে দেখা যায় যে Naৰ পাৰমাণৱিক ভৰৰ সৈতে প্ৰায় একে হয়।
ড’বাৰেইনাৰৰ ট্ৰায়াড:

সেইদৰে, নিউলেণ্ডছৰ অষ্টক সূত্ৰত লিথিয়াম আৰু ছ’ডিয়ামৰ ধৰ্মসমূহ একে হোৱা দেখা যায়। নিউলেণ্ডছৰ অষ্টকৰ মূল গাঁথনিৰ এটা অংশ হ’ল

Question 2: ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল?
Answer: ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ হ’ল –
(i) ড’বাৰেইনাৰে সেইসময়লৈকে জ্ঞাত হোৱা মৌলবোৰৰ মাজৰ পৰা মাত্ৰ তিনিটা ট্ৰায়াডহে চিনাক্ত কৰিব পাৰিছিল।
(ii) সেই সময়ত বহু মৌলৰ পাৰমাণৱিক ভৰ জনা হোৱা নাছিল আৰু পাৰমাণৱিক ভৰ জনা বহুবোৰ মৌলকে এনে গোটত অন্তৰ্ভুক্ত কৰিব পৰা নগ’ল।
Question 3: নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল?
Answer: নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ হ’ল –
(i) অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য় হোৱা দেখা গৈছে। কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰ সৈতে একেধৰণৰ নাছিল।
(ii) নিউলেণ্ডছে প্ৰকৃতিত কেৱল 56 টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্য়তেও আৰু অধিক মৌল আৱিষ্কাৰ নহ’ব বুলিয়েই ধৰিছিল। কিন্তু পৰৱৰ্তী কালত অনেক নতুন মৌল আৱিষ্কাৰ হোৱাত এইবোৰৰ ধৰ্মবোৰ অষ্টক সূত্ৰৰ লগত খাপ খোৱা নাছিল।
(iii) নিউলেণ্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকে মৌলক স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তৰ্ভূক্তও কৰিছে। উদাহৰণস্বৰূপে, ক’বাল্ট আৰু নিকেলৰ স্থান একেটা আৰু ইহঁতক ফ্ল’ৰিন, ক্ল’ৰিন আৰু ব্ৰ’মিনৰ সৈতে একেটা স্তম্ভতে ৰখা হৈছে। অথচ ইহঁতৰ ধৰ্ম এই কেইটা মৌলৰ পৰা যথেষ্ট পৃথক। আইৰনৰ ধৰ্ম ক’বাল্ট আৰু নিকেলৰ লগত মিলে যদিও ইয়াাক এই মৌল কেইটাৰ পৰা আঁতৰত ঠাই দিয়া হৈছে।
Question 4: মেণ্ডেলিভৰ পয্য়াবৃত্ত তালিকাখন ব্য়ৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা।
K, C, Al, Si, Ba
Answer: মেণ্ডেলিভৰ পয্য়াবৃত্ত তালিকা অনুসৰি
K প্ৰথম বৰ্গৰ মৌল, ইয়াৰ অক্সাইডৰ সংকেত হ’ব K2O
C চতুৰ্থ বৰ্গৰ মৌল, ইয়াৰ অক্সাইডৰ সংকেত হ’ব CO2
Al তৃতীয় বৰ্গৰ মৌল, ইয়াৰ অক্সাইডৰ সংকেত হ’ব Al2O3
Si চতুৰ্থ বৰ্গৰ মৌল, ইয়াৰ অক্সাইডৰ সংকেত হ’ব SiO2
Ba দ্বিতীয় বৰ্গৰ মৌল, ইয়াৰ অক্সাইডৰ সংকেত হ’ব BaO
Question 5: গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৃাৰ হোৱাৰ পূবেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যিকোনো দুটা)
Answer: স্কেনডিয়াম আৰু জাৰ্মেনিয়াম।
Question 6: মেণ্ডেলিভে তেওঁৰ পৰ্য্য়াবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি কি আছিল?
Answer: মেণ্ডেলিভে মৌলসমূহৰ পাৰমানৱিক ভৰৰ সৈতে সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ সম্পৰ্ক পৰীক্ষা কৰি চাইছিল। ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্ৰজেনেৰে সৈতে গঠন কৰা যৌগবোৰৰ ওপৰতহে মেণ্ডেলিভে গুৰুত্ব। তেওঁ অক্সিজেন আৰু হাইড্ৰজেনক এইবাবেই বাচি লৈছিল যে ইহঁত যথেষ্ট সক্ৰিয় আৰু অধিকাংশ মৌলৰেই সৈতে ইহঁতে যৌগ গঠন কৰে।
মৌল এটাক শ্ৰেণীভক্ত কৰিবলৈ তেওঁ মৌলটোৱে গঠন কৰা হাইড্ৰাইড আৰু অক্সাইডসমূহৰ সংকেতক মৌলটোৰ অন্য়তম মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল। তাৰ পাছত তেওঁ টা কাৰ্ড লৈ মৌল একোটাৰ ধৰ্মবোৰ একোখন কাৰ্ডত লিখি গৈছিল। অনুৰূপ ধৰ্ম প্ৰদৰ্শন কৰা মৌলসমূহ ভাগে ভাগে বাচি সেইমতে কাৰ্ডবোৰ বেৰত গাঁঠি গৈছিল। তেওঁ লক্ষ্য় কৰিছিল যে মৌলবোৰৰ অধিকাংশই পৰ্যাবৃত্ত তালিকা এখনত ঠাই পাইছিল আৰু সিহঁত পাৰমাাণৱিক ভৰৰ বৰ্দ্ধিত ক্ৰমত সজ্জিত ইৈছিল। এইটোও দেখা গৈছিল যে এটা নিৰ্দ্দিষ্ট ব্য়ৱধানৰ অন্তৰত একেধৰণৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম দেখুওৱা মৌলবোৰৰ পুনৰাবৃত্তি ঘটে।
Question 7: সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে?
Answer: সম্ভ্ৰান্ত গেছবোৰ অতিশয় নিষ্ক্ৰিয়। ইয়াৰ বহিঃকক্ষৰ ইলেক্ট্ৰনবোৰ সদায় সম্পূৰ্ণ হৈ থাকে বাবে ই অন্য় মৌলৰ লগত বিক্ৰিয়া ননকৰে। সেইবাবে সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছে।
Question 8: আধুনিক পৰ্য্য়াবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্য্য়াবৃত্ত তালিকাত থকা আঁসোৱাসহবোৰ কি দৰে দূৰ কৰিছিল?
Answer: 1913 চনত হেনৰী ম’জলে দেখুৱাইছিল যে মৌল এটাৰ পাৰমাণৱিক সংখ্য়া তাৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক। এই অনুসৰি মেণ্ডেলিভৰ পৰ্য্য়াবৃত্ত সূত্ৰটোক সংশোধন কৰা হৈছিল আৰু পাৰমাণৱিক সংখ্য়াক আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হিচাপে লোৱা হৈছিল। আধুনিক পৰ্যাবৃত্ত সূত্ৰটো — “মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্য়াৰ পৰ্যায়ক্ৰমে সলনি হয়।”
পাৰমাণৱিক সংখ্য়াই পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰ’টনৰ সংখ্য়াক বুজায় আৰু এই সংখ্য়াটো এটা মৌলৰ পৰা পাছৰটো মৌললৈ যাওঁতে এককৈ বাঢ়ে। মৌলবোৰক সিহঁতৰ পাৰমাণৱিক সংখ্য়া (Z) ৰ বৰ্ধিত ক্ৰম অনুসৰি সজালে মৌলবোৰৰ এখন তালিকা পোৱা যয়া। ইয়াকে আধুনিক পৰ্য্য়াবৃত্ত তালিকা বোলা হয়। মৌলবোৰক বৰ্ধিত পাৰমাণৱিক সংখ্য়াৰ ভিত্তিত সজাই সিহঁতৰ ধৰ্মসমূহ অধিক শুদ্ধকৈ পূৰ্বানুমান কৰিব পৰা গৈছিল।
Question 9: মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুুটা মৌলৰ নাম লিখা। তোমাৰ এই বাচনিৰ ভিত্তি কি?
Answer: মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুুটা মৌলৰ নাম হ’ল — কেলছিয়াম (Ca) আৰু বেৰিয়াম (Ba)। এই দুই মৌল বাচনিৰ কাৰণ ইহঁতৰ প্ৰতিটোৰে যোজ্য়তা দুই (2)।
Question 10: নাম লিখা
(a) বহিৰতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনিটা মৌলৰ।
(b) বহিৰতম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা দুটা মৌলৰ।
(c) পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ।
Answer: (a) বহিৰতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনিটা মৌলৰ নাম হ’ল লিথিয়াম (Li), ছডিয়াম (Na) আৰু পটেছিয়াম (K)।
(b) বহিৰতম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা দুটা মৌলৰ নাম হ’ল কেলছিয়াম (Ca) আৰু বেৰিয়াম (Ba)।
(c) পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ নাম হ’ল নিয়ন (Ne), আৰ্গন (Ar) আৰু জেনন (Xe)।
Question 11: (a) লিথিয়াম, ছডিয়াম, পটেছিয়াম এই আটাইকেইটা ধাতু। ইহঁতে পানীৰে সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য় আছেনে?
(b) হিলিয়াম এটা নিষ্ক্ৰিয় গেছ আৰু নিয়নো এটা প্ৰায় নিষ্ক্ৰিয় গেছ। ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায়?
Answer: (a) আছে, ইহঁত আটাইকেইটা মৌলৰে বহিৰতম কক্ষত এটাকৈ ইলেক্ট্ৰন থাকে। ইহঁত প্ৰথম বৰ্গৰ মৌল।
(b) ইহঁত দুয়োটা মৌলৰে বহিৰতম কক্ষটো সম্পূৰ্ণ হৈ থাকে।
Question 12: আধুনিক পৰ্য্য়াবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত কোনকেইটা ধাতু?
Answer: আধুনিক পৰ্য্য়াবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত লিথিয়াম (Li) আৰু বেৰিয়াম (Ba) মৌল দুটা ধাতু।
Question 13: পৰ্য্য়াবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ’ব বুুলি অনুমান কৰিবা?
Ga, Ge, As, Se, Be
Answer: পৰ্য্য়াবৃত্ত তালিকাত স্থান বিবেচনা কৰি দেখা যায় যে Ga য়ে আটাইতকৈ বেছি ধাতৱধৰ্মী হ’ব।
Class 10 Science Chapter 5 Exercise Questions & Answers
Question 1: পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিবৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয়?
Answer: (a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে।
(b) যোজক ইলেকট্ৰনৰ সংখ্য়া বাঢ়ে।
(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায়।
(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।
Question 2: মৌল Xয়ে XCl2 সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ। মৌল Xতলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভৱানা সবাতোকৈ বেছি?
(a) Na
(b) Mg
(c) Al
(d) Si
Answer: (b) Mg
Question 3: কোনটো মৌলৰ আছে
(a) ইলেকট্ৰনপূৰ্ণ দুটা কক্ষ?
(b) 2, 8, 2ইলেকট্ৰনীয় বিন্য়াস?
(c) যোজক কক্ষত চাৰিটাকৈ ইলেকট্ৰনৰে সৈতে মুঠ তিনিটা কক্ষ?
(d) যোজক কক্ষত তিনিটাকৈ ইলেকট্ৰনৰে সৈতে মুঠ দুটা কক্ষ?
(e) দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেকট্ৰন?
Answer: (a) ইলেকট্ৰনপূৰ্ণ দুটা কক্ষ থকা মৌল হ’ল নিয়ন।
(b) 2, 8, 2 ইলেকট্ৰনীয় বিন্য়াস থকা মৌলটো হ’ল মেগনেছিয়াম।
(c) যোজক কক্ষত চাৰিটাকৈ ইলেকট্ৰনৰে সৈতে মুঠ তিনিটা কক্ষ থকা মৌলটো হ’ল ছিলিকন।
(d) যোজক কক্ষত তিনিটাকৈ ইলেকট্ৰনৰে সৈতে মুঠ দুটা কক্ষ থকা মৌলটো হ’ল ব’ৰণ।
(e) দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেকট্ৰন থকা মৌলটো হ’ল কাৰ্বন।
Question 4: (a) পৰ্যাবৃত্ত তালিকাত বৰনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে?
(b) পৰ্যাবৃত্ত তালিকাত ফ্লৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে?
Answer: (a) পৰ্যাবৃত্ত তালিকাত বৰনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ সাধাৰণ ধৰ্মটো হ’ল সকলো মৌলৰে যোজ্য়তা ।
(b) পৰ্যাবৃত্ত তালিকাত ফ্লৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ সাধাৰণ ধৰ্মটো হ’ল সকলো মৌলৰে যোজক কক্ষত টাকৈ ইলেকট্ৰন থাকে। গতিকে এই স্তম্ভত থকা সকলো মৌলৰ যোজ্য়তা।
Question 5: এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্য়াস হ’ল — 2, 8, 7
(a) এই মৌলটোৰ পাৰমাণৱিক সংখ্য়া কি?
(b) তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য় থাকিব? (বান্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্য়াবোৰ দিয়া হৈছে)
N(7), F (9), P (15), Ar (18)
Answer: (a) এই মৌলটোৰ পাৰমাণৱিক সংখ্য়া 17।
(b) F (9) ৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য় থাকিব। কাৰণ ইয়াৰ ইলেকট্ৰনীয় বিন্য়াস 2, 7।
Question 6: পৰ্যাবৃত্ত তালিকাত তিনিটা মৌল আৰু ৰ স্থানসমূহ তলত দেখুওৱা হৈছে।

(a) মৌল Aধাতুনে অধাতু?
(b) C মৌলটো Aতকৈ বেছি সক্ৰিয়নে কম সক্ৰিয়?
(c) C মৌলটো আকাৰত Bতকৈ ডাঙৰ নে সৰু?
(d) মৌল A এ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব?
Answer: (a) মৌল A অধাতু।
(b) C মৌলটো A তকৈ কম সক্ৰিয়।
(c) Cমৌলটো আকাৰত Bতকৈ সৰু।
(d) মৌল Aএ কেনে ধৰণৰ আয়ন গঠন কৰিব। কৰণ ই ইয়াৰ অষ্টক পূৰ কৰিবলৈ এটা ইলেকট্ৰন গ্ৰহণ কৰিব।
Question 7: নাইট্ৰজেন (পাৰমাণৱিক সংখ্য়া 7) আৰু ফছফৰাছ (পাৰমাণৱিক সংখ্য়া 15) পৰ্য্য়াবৃত্ত তালিকাৰ বৰ্গ 15ত থাকে। এই মৌল দুটাৰ ইলেকট্ৰনীয় বিন্য়াস লিখা। ইহঁতৰ কোনটো বেছি বিদ্য়ঋণাত্মক হ’ব আৰু কিয়?
Answer: নাইট্ৰজেনৰ ইলেকট্ৰনীয় বিন্য়াস হল আৰু ফছফৰাছৰ ইলেকট্ৰনীয় বিন্য়াস হ’ল। ফছফৰাছতকৈ নাইট্ৰজেন বেছি বিদ্য়ু ঋণাত্মক মৌল। কাৰণ বৰ্গ এটাত তললৈ ক্ৰমান্বয়ে যোজক ইলেকট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লীয় আধানৰ মান কমে। ফলত বহিৰতম ইলেকট্ৰনসমূহ নিউক্লীয়াছৰ পৰা অধিক দূৰলৈ আঁতৰি যায়। সেইবাবে এনে অৱস্থাত মৌল এটাই যোজক ইলেকট্ৰন সহজে হেৰুৱাব পাৰে।
Question 8: আধুনিক পৰ্যাবৃত্ত তালিকাত কেলছিয়াম (পাৰমাণৱিক সংখ্য়া 20) 12, 19, 21আৰু 38 পাৰমাণৱিক সংখ্য়া বিশিষ্ট মৌলকেইটাৰদ্বাৰা পৰিবেষ্টিত হৈ আছে। এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিলে?
Answer: আধুনিক পৰ্যাবৃত্ত তালিকাত কেলছিয়ামৰ সৈতে 12 পাৰমাণৱিক সংখ্য়া বিশিষ্ট মৌল মেগননেছিয়ামৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ মিল থাকিব। কাৰণ ইহঁত দুয়োটা ধাতু আৰু ইহঁতৰ যোজ্য়তা 2 ।
Question 9: মেণ্ডেলিভৰ পৰ্য্য়াবৃত্ত তালিকা আৰু আধুনিক পৰ্য্য়াবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজন তুলনা কৰা।
Answer: মেণ্ডেলিভৰ পৰ্য্য়াবৃত্ত তালিকা আৰু আধুনিক পৰ্য্য়াবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজন তুলনা তলত উল্লেখ কৰা হল –
মেণ্ডেলিভৰ তালিকা | আধুনিক পৰ্য্য়াবৃত্ত তালিকা |
---|---|
1) মেণ্ডেলিভৰ তালিকাৰ সূত্ৰটো হল মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। | 1) আধুনিক পৰ্য্য়াবৃত্ত তালিকাৰ সূত্ৰটো হল মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্য়াৰ পৰ্যায়ক্ৰমে সলনি হয়। |
2) এইখন তালিকাত টা বৰ্গ আৰু টা পৰ্যায় আছে। | 2) এইখন তালিকাত টা বৰ্গ আৰু টা পৰ্যায় আছে। |
3) এইখন তালিকাত ধাতু আৰু অধাতুৰ স্থান নিৰ্ণয় কৰা নাছিল। | 3) আধুনিক পৰ্য্য়াবৃত্ত তালিকাত ধাতুবোৰক বাওঁফালে ধাতুবোৰক আৰু অধাতুবোৰক সোঁফালে স্থান দিয়া হৈছে। |
4) মেণ্ডেলিভৰ তালিকাত হাইড্ৰজেনৰ স্থানৰ বিষয়ে ব্য়াখ্য়া কৰা নাছিল। | 4) ইয়াত হাইড্ৰজেনৰ স্থানৰ বিষয়ে ব্য়াখ্য়া কৰা হৈছে। |
Read More Class 10 Science Solutions
- Chapter 6: জীৱন প্রক্রিয়া
- Chapter 7: নিয়ন্ত্ৰণ আৰু সমন্বয়
- Chapter 8: জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?
- Chapter 9: বংশগতি আৰু ক্ৰমবিকাশ
- Chapter 12: বিদ্যুৎ
- Chapter 13: বিদ্যুৎ – প্রবাহৰ চুম্বকীয় ক্রিয়া
- Chapter 15: আমাৰ পৰিবেশ
- Chapter 16: প্রাকৃতিক সম্পদৰ-ব্যৱস্থাপনা