ৱাই-ফাই (Wi-Fi) বৰ্তমান সময়ত আমাৰ দ্ৰুতগতিত চলি থকা দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। ৱাই-ফাইৰ বাবেই আমি আৰু কেবলৰ সহায়ত ইণ্টাৰনেটৰ সৈতে বান্ধ খাব নালাগে। কিন্তু আপুনি কেতিয়াবা ৰৈ ভাবিছেনে যে ই কেনেকৈ কাম কৰে? বা Wi-Fi Full Form কি?
আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা What is Wi-Fi – Wi-Fi কি? | Wi-Fi Full Form কি? Wi-Fi কেনেকৈ কাম কৰে? ৰ বিষয়ে অসমীয়া ভাষাত সম্পূৰ্ণ জ্ঞান। সকলোবিলাক ভালদৰে জানিবলৈ আজিৰ এই বিষয়ে ব্লগ পষ্টটো শেষলৈ পঢ়িবা।
What is Wi-Fi – Wi-Fi কি?
Wi-Fi Full Form, What is Wi-Fi – Wi-Fi কি? বৰ্তমান সময়ত আমি সঘনাই শুনি থকা এটা নাম Wi-Fi.
তোমালোকে কেতিয়াবা ভাবি চাইচানে Wi-Fi ৰ সম্পূৰ্ণ অৰ্থ কি?
Wi-Fi ৰ জৰিয়তে আমি কোনো তাঁৰ নোহোৱাকৈ এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ তথ্য় সহজে সৰবৰাহ কৰিব পাৰো।
ৱাই-ফাই (Wi-Fi) হৈছে এটা বেতাঁৰ নেটৱৰ্কিং প্ৰযুক্তি যিয়ে কম্পিউটাৰ, মোবাইল ডিভাইচ, আৰু অন্যান্য সঁজুলি (প্ৰিণ্টাৰ আৰু ভিডিঅ’ কেমেৰা) আদি ডিভাইচসমূহক ইণ্টাৰনেটৰ সৈতে সংযোগ স্থাপনৰ অনুমতি দিয়ে।
ৱাই-ফাই (Wi-Fi) এই ডিভাইচসমূহক ইটোৱে সিটোৰ সৈতে সহজে তথ্য বিনিময় কৰিবলৈ এটা নেটৱৰ্ক সৃষ্টি কৰে।
Wi-Fi Full Form কি?
Wi-Fi full form হ’ল দুটা ইংৰাজী শব্দ Wireless Fidelity ৰ সংক্ষেপ। Wi-Fi মানে হ’ল তাঁৰবিহীনভাৱে সংযোক স্থাপন কৰা। Wi-Fi কম্পিউটাৰ-ইন্টাৰনেটত ব্য়ৱহৃত এক পদ্ধতি।
| এতিয়া পঢ়া: WWW Full Form in Assamese | WWW কি?
Wi-Fi কেনেকৈ কাম কৰে?
কাৰিকৰী দিশত, IEEE 802.11 প্ৰামাণিকে প্ৰটোকলসমূহ সংজ্ঞায়িত কৰে যি বৰ্তমান Wi-Fi সামৰ্থবান বেতাঁৰ ডিভাইচসমূহৰ সৈতে যোগাযোগ সামৰ্থবান কৰে, বেতাঁৰ ৰাউটাৰ আৰু বেতাঁৰ অভিগম পইন্টসমূহ অন্তৰ্ভুক্ত কৰি। বেতাঁৰ অভিগম পইণ্টসমূহে বিভিন্ন IEEE প্ৰামাণিকসমূহ সমৰ্থন কৰে।
ৱাইফাই আৰু ইণ্টাৰনেটৰ পাৰ্থক্য
ৱাই-ফাই (Wi-Fi) সীমিত পৰিসৰৰ ভিতৰত ডিভাইচসমূহ সংযোগ কৰে, যেনে ঘৰ, কাৰ্যালয়, বা দোকান বা পুথিভঁৰালৰ দৰে ৰাজহুৱা স্থান। আনহাতে ইণ্টাৰনেটে (Internet) চাৰ্ভাৰ, ৰাউটাৰ আৰু অন্যান্য আন্তঃগাঁথনিৰ নেটৱৰ্কৰ জৰিয়তে বিশ্বৰ ডিভাইচসমূহক সংযোগ কৰে।
উপসংহাৰ
আশাকৰোঁ তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।