আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা ECG কি? ECG ৰ বিষয়ে অসমীয়া ভাষাত সম্পূৰ্ণ জ্ঞান। সকলোবিলাক ভালদৰে জানিবলৈ আজিৰ এই বিষয়ে ব্লগ পষ্টটো শেষলৈ পঢ়িবা।
ECG কি?
ই চি জি বৈদুত্য়িক শক্তিৰ সহায়ত এক ধৰণৰ যাত্ৰিক কৌশলেৰে হৃদপিণ্ডৰ ৰেখচিত্ৰ অংকিত কৰা হয়। এই হৃদপিণ্ডৰ ৰেখচিত্ৰৰ ধৰণ দেখি হৃদ চিকিৎসক এজনে ৰোগিজনৰ হৃদপিণ্ডৰ কাৰ্যকাৰিতাৰ ত্ৰূতি-বিচ্য়ুতি অতি সহজে ধৰা পেলাব পাৰি।
ইলেক্ট্ৰ’কাৰ্ডিঅ’গ্ৰাম (ECG) হৃদযন্ত্ৰৰ মূল্যায়নৰ বাবে ব্যৱহাৰ কৰা অন্যতম সহজ আৰু দ্ৰুত পৰীক্ষা। বুকু, হাত, ভৰিৰ কিছুমান বিশেষ ঠাইত ইলেক্ট্ৰ’ড (ছালত লাগি থকা সৰু, প্লাষ্টিকৰ ঠাই) স্থাপন কৰা হয়।
ইলেক্ট্ৰ’ডবোৰ ইচিজি মেচিনৰ সৈতে সীহৰ তাঁৰৰ দ্বাৰা সংযোগ কৰা হয়।
ইলেক্ট্ৰ’কাৰ্ডিঅ’গ্ৰাম ত হৃদযন্ত্ৰৰ বৈদ্যুতিক কাৰ্য্যকলাপ জুখি হৃদযন্ত্ৰৰ অৱস্থা পৰীক্ষা কৰা হয়। ই হৃদযন্ত্ৰৰ ছন্দৰ সমস্যা, হাৰ্ট এটেক, আৰু অন্যান্য হৃদৰোগৰ সমস্যা নিৰ্ণয় কৰাত সহায় কৰিব পাৰে।
ECG Full Form in Assamese
ECG stand for Electro-Cardiogram. The Full-Form of ECG is Electro-Cardiogram or Electrocardiography. ই চি জি (ECG) হ’ল ইলেকট্ৰ-কাৰ্দিয়গ্ৰাম।
ইচিজি (ECG) কোনে উদ্ভাৱন কৰিছিল?
ডাচ (The Netherlands) শৰীৰবিজ্ঞানী উইলেম আইনথোভেনে ১৯০০ চনৰ আৰম্ভণিতে ইলেক্ট্ৰ’কাৰ্ডিঅ’গ্ৰাম (ECG) আৱিষ্কাৰ কৰিছিল। এই আৱিষ্কাৰৰ বাবে তেওঁ ১৯২৪ চনত শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
উপসংহাৰ
এইখিনিতে আজিৰ ব্লগ পষ্টটো সমৰিলো। আশা কৰোঁ তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।