HomeBlogScienceWhy Are Bonsai Trees So Small? - বনচাই উদ্ভিদবোৰ কিয় বৃদ্ধি নহয়?

Why Are Bonsai Trees So Small? – বনচাই উদ্ভিদবোৰ কিয় বৃদ্ধি নহয়?

আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা বনচাই উদ্ভিদবোৰ (Bonsai Trees) বিষয়ে অসমীয়া ভাষাত সম্পূৰ্ণ জ্ঞান। সকলোবিলাক ভালদৰে জানিবলৈ আজিৰ এই বিষয়ে ব্লগ পষ্টটো শেষলৈ পঢ়িবা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Why Are Bonsai Trees So Small? বনচাই উদ্ভিদবোৰ কিয় ওখ নহয়?

তোমালোকে কেতিয়াবা লক্ষ্য কৰিছানে বাৰু আমিবোৰ যে নিজৰ নিজৰ ঘৰসমূহ সজাই তুলিবলৈ কিছুমান সৰু উদ্ভিদৰ জোপা লগাও বা তোমালোকে ক’ব পৰা বনচাই।

কিন্তু এই বনচাই উদ্দিদবোৰ অন্য উদ্ভিদবোৰৰ দৰে বৃদ্ধি নহয় কিয়?

আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা যে বনচাই উদ্ভিদবোৰ কিয় বৃদ্ধি নহয়?

জাপানীসকলেই পোন প্ৰথম বাৰৰ বাবে গছ-বন চুটি-চাপৰ কৰি ৰখাৰ পদ্ধতিটো আৱিষ্কাৰ কৰিছিল। জাপানী শব্দ ‘বনচাই’ মানে হ’ল টাবতকৈও কম গভীৰ পাত্ৰত গজোৱা বাগান। ইংৰাজীৰ বনচাই (Bonsai) শব্দৰ অৰ্থ হ’ল ‘ট্ৰে-গাৰ্ডেনিং’।

কিছুমান তথ্য অনুসৰি এই বনচাই পদ্ধতি প্ৰকৃততে চীনাসকলৰ ‘পেনজিং’ (Penjing) বোলা এক কলাৰ পৰাই সৃষ্ট।

পৃথিৱীৰ জীৱকুলৰ এটা বিশেষ আৰু অতি গুৰুত্বপূৰ্ণ গুণটো হ’ল বৃদ্ধিপ্ৰাপ্তি গুণ। অতি ক্ষুদ্ৰ ভ্ৰূণ এটাৰ পৰা জীৱ-জন্তু আৰু অতি ক্ষুদ্ৰ পুলি একোটাৰ পৰা বিভিন্ন গছ-গছনি, লতা-বনৰ সৃষ্টি হৈছে। পৃথিবীৰ জীৱমণ্ডত গছতকৈ ডাঙৰ আকাৰৰ কোনো প্ৰাণীয়েই সৃষ্টি হোৱা নাই।

গছ এজোপাক বিশেষ পদ্ধতিৰে চুটি-চাপৰ কৰি ৰাখিব পাৰি। এনেধৰনে সৃষ্ট উদ্ভিদবোৰক বনচাই বোলা হয়। এই পদ্ধতিত সৰু পুলি, শিপাৰ কাটিং অথবা ডালধৰা পুলিক বনচাই কৰিবৰ বাবে সাজু কৰা হয়, এনে পুলিবোৰক প্ৰথমে মাটিত ৰোৱা হয়। এই পুলিবোৰ বাঢ়ি অহা ডাল আৰু শিপাবোৰ মাজে মাজে কাটিং কৰি থকা হয়।

এনেদৰে ডাল আৰু শিপাবোৰ কেইবাবাৰো কটাৰ ফলত গছ জোপা জোপোহা হৈ উঠে। এই উদ্ভিদবোৰ এক বিশেষ আকাৰ দিবলৈ ইয়াৰ ডালবোৰ বান্ধি ৰখাৰ ব্যৱস্থা কৰি উপয়ুক্ত সময়ত খুলি দিয়া হয়।

এনেদৰে সৃষ্টি গছজোপা সাধাৰণতে মাটিত অথবা তেনে জাতীয় পাত্ৰ বা ট্ৰেত বহুৱাই সাৰজাবৰ দি গছজোপাৰ কমনীয়তা নষ্ট হ’বলৈ নিদিয়াকৈ তদাৰক কৰা হয়।

এতিয়া পঢ়া, ডাইন’ছৰবোৰ পৃথিৱীৰ পৰা কেতিয়া আৰু কেনেকৈ নাইকিয়া হ’ল?

উপসংহাৰ

এইখিনিতে আজিৰ ব্লগ পষ্টটো সমৰিলো। আশা কৰোঁ তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related Articles