HomeSolutionsGrammarEssay on Bihu in Assamese | বিহুৰ বিষয়ে ৰচনা

Essay on Bihu in Assamese | বিহুৰ বিষয়ে ৰচনা

Essay on Bihu in Assamese: আজি এই ব্লগ পোষ্টত আমি অসমৰ বিহু উৎসৱৰ ওপৰত এটি ৰচনা লিখিম। আমি আশা কৰোঁ এই ব্লগ পোষ্টটোৰ পৰা আপোনালোকে কিছু শিকিব। অসমৰ জাতীয় উৎসৱ: বিহুৰ ওপৰত ৫০০ শব্দৰ এখন ৰচনা তলত দিয়া হৈছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

বিহু ভাৰতৰ অসম ৰাজ্যত উদযাপন কৰা এক উৎসৱ। বিহু তিনি প্ৰকাৰৰ – এপ্ৰিল মাহত পালন কৰা ‘ৰঙালী’ বা ‘ব’হাগ বিহু’, অক্টোবৰ বা নৱেম্বৰ মাহত পালন কৰা ‘কংগলী’ বা ‘কাতি বিহু’, আৰু জানুৱাৰী মাহত পালন কৰা ‘ভোগালী’ বা ‘মাঘ বিহু’।

Essay on Bihu in Assamese | বিহুৰ বিষয়ে ৰচনা

essay-on-bihu

অসমৰ জাতীয় উৎসৱ: বিহু

পৰিচয়: বিহু অসমীয়াৰ জাতীয় উৎসৱ। যিটো উৎসৱ এখন ৰাজ্য়ৰ সকলো ধৰ্মৰ, সকলো জাতিৰ আৰু সকলো সম্প্ৰদায়ৰ মানুহে উলহ-মালহেৰে পালন কৰে, সেই উৎসৱটোক জাতীয় উৎসৱ বোলে। বিহু অসমীয়া জাতিৰ উমৈহতীয়া উৎসৱ, জাতি-ধৰ্ম নিৰ্বিশেষে অসমীয়া মাত্ৰই বিহু উৎসৱ পালন কৰে। জাতীয় উৎসৱৰ মাজেৰে জাতিৰ আচাৰ-বিচাৰ, সভ্য়তা-সংস্কৃতিৰ প্ৰতিফলন হয়। এই বিহু উৎসৱ বছৰত তিনিটা হয় – (১) বহাগ বিহু বা ৰঙালী বিহু, (২) কাতি বিহু বা কঙালী বিহু আৰু (৩) মাঘ বিহু বা ভোগালী বিহু।

বহাগ বিহু বা ৰঙালী বিহু:

চ’ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা বহাগ বিহুৰ আৰম্ভ হয়। বহাগ বিহু সাতদিনলৈ পালন কৰা হয়। ইয়াক ‘সাত বিহু’ বুলি কোৱা হয়। বহাগ বিহুৰ প্ৰথম দিনটোক ‘গৰু বিহু’ বুলি কোৱা হয়। সেইদিনা পুৱাতে সকলোৱে গৰু-মহক মাহ-হালধিৰে গা ধুৱায় আৰু ৰাতি নতুন পঘাৰে বান্ধে।

দ্বিতীয় দিনাখন মানুহ বিহু বা বৰ বিহু। সেইদিনাখন সকোলোৱে গা ধুই নতুন কাপোৰ লয় আৰু বয়সীয়ালজনক আৰু মান্য়ৱন্ত লোকক সেৱা-সৎকাৰ কৰে। ডাঙৰে সৰুক আৰ্শীবাদ দিয়ে। সকলোৱে ঘৰে ঘৰে সান্দহ, চিৰা, পিঠা, দৈ আদিৰে জলপান খায়। ডেকা-গাভৰুৱে দল বান্ধি ঢোল, পেঁপা, গগণা আদি লৈ মুকলি পথাৰত বিহুগীত গায় আৰু নাচে। এইদৰে অতি উলহ-মালহেৰে ৰং-ধেমালিৰে বহাগ বিহু উদযাপন কৰা হয় বাবেই ইয়াৰ নাম ৰঙালী বিহু হ’ল।

কাতি বিহু বা কঙালী বিহু:

আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত খেতিয়কসকলৰ প্ৰায় সকলোৰে ঘৰত খাবলৈ নাথাকে। সেয়েহে সকলোৱে কাতি বিহু উলহ-মালহেৰে পালন কৰিব নোৱাৰে। সেইবাবেই ইয়াক ‘কঙালী বিহু’ বুলিও কোৱা হয়। কাতি বিহুত তুলসীতলত আৰু ধাননি পথাৰত চাকি জ্বলাই লখিমিক আদৰণি জনোৱা হয়।

মাঘ বিহু বা ভোগালী বিহু:

পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। এই সময়ত খেতিয়কসকলে পথাৰৰ শস্য় চপোৱা শেষ হয়। নতুন ফচল ওলাই সমসাময়িকভাৱে দুখীয়াৰো অভাৱ গুচে। সেয়েহে সকলোৱে মাঘ বিহুত সান্দহ, চিৰা, পিঠা, দৈ আদি তৈয়াৰ কৰি নিজে খায় আৰু আনকো খুৱাই আনন্দ উপভোগ কৰে। সেইবাবেই মাঘ বিহুক ‘ভোগালী বিহু’ বুলিও কোৱা হয়। মাঘ বিহুৰ আগদিনা (উৰুকা দিনা) গধূলি ভেলাঘৰ (মেজি) সাজি সকলোৱে ভোজ-ভাত খাই আনন্দ উপভোগ কৰে। মাঘ বিহুৰ দিনা পুৱাই ‘মেজি’ জ্বলাই অগ্নি দেৱতাক সেৱা কৰে।

সামৰণি:

বিহু উৎসৱৰ আচাৰ-অনুষ্ঠান, নাচ-গান, সময় আদিলৈ চাই যে মূলতে কৃষি উৎসৱ এই কথাটো সহজে বুজিব পাৰি। এই তিনিওটা বিহুৰে একোটা বৈশিষ্ট্য় আছে। বহাগ বিহু বা ৰঙালী বিহুৰ বৈশিষ্ট্য় – ‘গো সেৱা’, কাতি বিহু বা কঙালী বিহুৰ বৈশিষ্ট্য় – ‘তুলসী সেৱা’ আৰু মাঘ বিহু বা ভোগালী বিহুৰ বৈশিষ্ট্য় – ‘অগ্নি সেৱা’। বিহু অসমীয়াৰ কলা সংস্কৃতিৰ বাহক, একতা আৰু সংহতিৰ প্ৰতীক।

উপসংহাৰ

আশা কৰো তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related Articles