What is Black Hole in Assamese? তোমাকোকে বোধ হয় কেতিয়াবা ‘ব্লেক হ’ল’ (Black Hole) নামটো শুনিছা ছাগে। তোমালোকে জানানে ‘ব্লেক হ’ল’ নো কি?
আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা ব্লেক হ’ল বা কৃষ্ণবিৱৰ কি? ই কেনেকৈ সৃষ্টি হয়? সকলোবিলাক ভালদৰে জানিবলৈ এই পষ্টটো শেষলৈ পঢ়িবা।
What is Black Hole in Assamese | ব্লেক হ’ল কি?
ব্লেক হ’ল বা অসমীয়াত যাক কৃষ্ণবিৱৰ বুলিও কোৱা হয়। ব্লেক হ’ল মহাকাশৰ এনে এক ক্ষেত্ৰ স্থান য’ত মহাকৰ্ষণৰ বল বহু গুণেই বেছি প্ৰৱল।
ব্লেক হ’লৰ পৃষ্ঠভাগেৰে কোনো বস্তু অতিক্ৰম কৰিব নোৱাৰে। আনকি বিদ্যুৎ চুম্বকীয় বিকিৰণ যেনে – পোহৰো ইয়াৰ মাজেৰে অতিক্ৰম কৰিব নোৱাৰে।
| এতিয়া পঢ়া: হাতীপটি তাৰকাৰাজ্য কি?
ব্লেক হ’ল কেনেকৈ সৃষ্টি হয়?
ব্লেক হ’ল সাধাৰণতে একো একোটা অতি প্ৰাচীন তৰা। এই তৰাবোৰৰ যেতিয়া মৃত্যু হয়, ইয়াৰ পদাৰ্থবোৰ ইমান বেছী ঘনীভূত হয় যে ই অতি প্ৰৱল শক্তিশালী মধ্যাকৰ্ষণৰ সৃষ্টি কৰে।
এই মাধ্যাকৰ্ষণিক শক্তিয়ে পোহৰকো আকৰ্ষণ কৰি নিঃশেষ কৰি দিয়ে বাবে তৰাটোৱে এটা কল্পনাতীত বৃহৎ আঁকাৰৰ গহবৰ হৈ পৰে।
ব্লেক হ’ল এটাই ইয়াৰ ওচৰলৈ যোৱা যিকোনো জোতিষ্ককেই ই অন্ধকাৰ গহবৰলৈ টানি লৈ যায়।
ব্লেক হ’ল ৰ বিষয়ে অধিক তথ্য ইংৰাজীত পঢ়িবলৈ তলৰ লিংক কেইটা গৈ চাব পাৰে –
- Wikipedia: Black Hole
- NASA: What Are Black Holes?
ব্লেক হ’লৰ ভিতৰত কি আছে?
সাধাৰণ আপেক্ষিকতা (General Relativity) ই ভৱিষ্যদ্বাণী কৰে যে কৃষ্ণগহ্বৰ (Black Hole)ৰ একেবাৰে কেন্দ্ৰত এটা বিন্দু থাকে য’ত পদাৰ্থক অসীম ঘনত্বলৈ থেতেলিয়াই পেলোৱা হয়। ই হৈছে পৰিঘটনাৰ দিগন্তত পৰা যিকোনো বস্তুৰ বাবে চূড়ান্ত গন্তব্যস্থান।
আটাইতকৈ ডাঙৰ ব্লেক হ’লটো কি?
আজিলৈকে আমি জনা আটাইতকৈ বৃহৎ কৃষ্ণগহ্বৰটোৱেই (Black Hole) হৈছে TON 618। ইয়াৰ এতিয়াও এটা সম্পূৰ্ণ তাৰকাৰাজ্য আছে যিয়ে ইয়াক প্ৰদক্ষিণ কৰি আছে আৰু ই তাৰকাৰাজ্যক চুহি লোৱা নাই।
উপসংহাৰ
আশা কৰো তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।