HomeBlogScienceRobot in Assamese | Robot কি? আৰু ই কেনেকৈ কাম কৰে?

Robot in Assamese | Robot কি? আৰু ই কেনেকৈ কাম কৰে?

আজিৰ এই ব্লগ পষ্টটোত তোমালোকে জানিবলৈ পাবা Robot in Assamese ৰবট (Robot) বা যান্ত্ৰিক মানৱ ৰ বিষয়ে। ৰবট কি? আৰু ই কেনেকৈ কাম কৰে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Robot in Assamese | Robot কি? আৰু ই কেনেকৈ কাম কৰে?

বৰ্তমানৰ এই বিজ্ঞানৰ টেকন’ল্জি যুগত ৰবটৰ বিষয়ে একো নোজনা বা নশুনা ছাগে বহুত কম সংখ্যক লোকহে আছে। কাৰণ বৰ্তমানে এই ৰবটবোৰে চিকিসা বিজ্ঞানৰ লগতে অনেক উদ্যোগিক কাম-কাজত ব্যৱহাৰ কৰি থকা হৈছে।

Robot (ৰবট) কি?

ৰবট হ’ল এটা লো বা ষ্টীলৰ ফ্ৰেম যাৰ লগত কিছুমান প্ৰযুক্তি যেনে – Speech Recognition, Synthetic Characterisation, Language Procession আদি প্ৰগ্ৰেম সংযুক্ত কৰি দিয়া হয়। ইয়াৰ উপৰি ৰবটৰ লগত কিছুমান ইলেকট্ৰনীক ছেনছৰ লগোৱা থাকে যেনে – কাণ, চকু, ভয়েচ, ডাটা ছিগনেল আদি সংযুক্ত কৰা হয়।

বৰ্তমান সময়ত ৰবটিকছ বিজ্ঞানীবোৰে সাইলাখ একে মানুহৰ দৰে দেখা ৰবটো তৈয়াৰ কৰি উলিয়াইছে। বিশ্বৰ প্ৰথম একেবাৰে মানুহৰ দৰে দেখা আৰু কথা পাতিব পৰা নিজৰ মনোভাৱ আনৰ সৈতে প্ৰকাশ কৰিব পৰা ৰবটটো হ’ল ছ’ফিয়া (Sophia)।

Sophia ক ২০১৬ চনৰ February মাহৰ ১৪ তাৰিখে সক্ৰিয় (Activated) কৰা হৈছিল। এই ছ’ফিয়া ৰবটটোক হংকং দেশৰ হানছন ৰবটিকছ (Hanson Robotics) নামৰ কম্পানীটোৱে তৈয়াৰ কৰিছে। ছ’ফিয়া এজনী মহিলা ৰবট।

Sophia ক প্ৰথম বাৰৰ বাবে জনসাধাৰণৰ মাজলৈ ২০১৬ চনৰ মাজ ভাগত অমেৰিকা যুক্তৰাট্ৰৰ Austin, Texas চহৰত South by Southwest Festival (SXSW) ত মুকলি কৰা হৈছিল।

ৰবট কেনেকৈ কাম কৰে?

ৰবট এটাই ইয়াৰ দেহত সংলগ্ন হৈ থকা ইলেকট্ৰনীক প্ৰযুক্তিৰ সহায়ত কাম-কাজ কৰে। ৰবতবোৰ সাধাৰণতে উদ্যোগিক ক্ষেত্ৰ, চিকিৎসা বিজ্ঞান, কঠোৰ পৰিশ্ৰম কৰা কাম, বিপজ্জনক ঠাইত যিবোৰ ঠাইত মানুহৰ দ্বাৰা কাম কৰা সম্ভৱ নহয় তেনেবোৰ কামৰ বাবে ব্যৱহাৰ কৰা হয়।

ইয়াৰ উপৰিও বৰ্তমান সময়ত উন্নত দেশত মানুহে হটেল ৰেস্তুৰেন্ট আদিত খাদ্য পৰিবেশন কৰিবলৈ, ঘৰৰ পদূলিত অভিবাদন জনাই ভিতৰলৈ সোমাই নিবলৈও ৰবট ব্যৱহাৰ কৰা দেখা গৈছে।

ৰবট কোনে আৱিষ্কাৰ কৰিছিল?

১৯৫০-৬০ চনৰ ভিতৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জৰ্জ ডেভেল আৰু জু হংগলে নামৰ দুজন বৈজ্ঞানিকে তেওঁলোকৰ সামগ্ৰী কিছুমান ওপৰলৈ তুলিবলৈ প্ৰথম ৰবট নিৰ্মাণ কৰিছিল।

বৰ্তমান সময়ত প্ৰায় সকলো আগশাৰী দেশসমূহতে ৰবট নিৰ্মান আৰু ব্যৱহাৰ আৰম্ভ হৈছে। মুখ্য ৰবট নিৰ্মানকাৰী দেশসমূহ হল জাপান, আমেৰিকা, জাৰ্মানি, ফ্ৰাস, বেলজিয়াম ইত্যাদি। এইবোৰ দেশত প্ৰতি ১০,০০০ জন কৰ্মচাৰিৰ মাজত ৰবট কৰ্মচাৰিৰ সংখ্যাৰ অনুপাত অন্য দেশবোৰতকৈ অধিক।

Times Of India ৰ এটি প্ৰতিবেদন অনুসৰি ভাৰতত ২০১৮ বৰ্ষত প্ৰায় ৪,৭৭১ টা উদ্যোগিক ৰবট আছিল। আনহাতে IFR ৰ তথ্য মতে বিশ্বত ৰবটৰ সংখ্যা ২০২০ ত আছিল ৩০,৫৩,০০০ ।

উপসংহাৰ

এইখিনিতে আজিৰ ব্লগ পষ্টটো সমৰিলো। আশা কৰোঁ তোমালোকে এই ব্লগ পষ্টটোৰ জৰিয়তে কিবা নতুন শিকিব পাৰিলা। যদি তুমি আমাৰ ব্লগ পষ্টবোৰ পঢ়ি ভালপোৱা তেন্তে অনুগ্ৰহ কৰি পষ্টটো ছচিয়েল মিডিয়া ছেয়াৰ কৰি আমাক উহাস জগায় যেন। ধন্যবাদ!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related Articles