NCERT class 10 science chapter 1: Chemical Reactions and Equations ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ – অসমীয়াত সম্পূৰ্ণ সমাধান। আমি এই ব্লগত অসমৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৭, ৮, ৯, ১০, ১১ আৰু ১২ শ্ৰেণীৰ বাবে বিনামূলীয়া NCERT সমাধান প্ৰদান কৰোঁ।
এই পৃষ্ঠাত আপুনি দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১: ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ সম্পূৰ্ণ প্ৰশ্ন আৰু উত্তৰৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ অতিৰিক্ত পৰীক্ষামুখী চুটি প্ৰশ্ন আৰু উত্তৰ আমাৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে আপোনাক অধ্যায়টো অতি ভালদৰে বুজিবলৈ সহায় কৰিব।
Class 10 Science Chapter 1 Solutions – ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
(ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ)
(In-Text Question & Answer)
Question 1: বায়ুত দহনৰ আগতে মেগনেছিয়াম ফিটা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয় ?
Answer: মেগনেছিয়াম ফিটা এডাল বায়ুত দহন কৰিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয় । কিন্তু অপৰিষ্কাৰ অৱস্থাত দহন কৰিলে কাৰ্বন-ডাই-অক্সাইড উৎপন্ন হয় । সেই কাৰণে বায়ুত দহনৰ আগতে মেগনেছিয়াম ফিটা এডাল পৰিষ্কাৰ কৰি লঅনু’ব লাগে ।
Question 2: তলৰ ৰসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ।
(i) হাইড্ৰ’জেন + ক্ল’ৰিন → হাইড্ৰ’জেন ক্ল’ৰাইড
(ii) বেৰিয়াম ক্ল’ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড
(iii) ছ’ডিয়াম + পানী → ছ’ডিয়াম হাইড্ৰ’ক্সাইড + হাইড্ৰ’জেন ।
Answer:
(i) H2(g) + Cl2(g) → 2 HCl (g)
(ii) 3 BaCl2(s) + Al2(SO4)(aq) →3 BaSO4(s) + AlCl3(s)
(iii) 2 Na (s)+ 2 H2O (l) →2NaOH(aq) + H2(g)
Question 3: তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্নসহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ।
(i) বেৰিয়াম ক্ল’ৰাইড আৰু ছ’ডিয়াম ছালফেটৰ জলীয়া দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰব্য় বেৰিয়াম ছালফেট আৰু ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্ৰস্তুত হয় ।
(ii) ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰ’ক্লৰিক এছিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্ৰিয়া কৰি ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে ।
Answer:
(i) BaCl2(aq) + Na2SO4(aq) → BaSO4(s) + 2NaCl2(aq)
(ii) NaOH(aq) + HCl(aq) → NaCl(aq) + H2O(l)
Question 4: এটা পদাৰ্থ ‘X’ ৰ দ্ৰবক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় ।
(i) পদাৰ্থ ‘X’ ৰ নাম আৰু সংকেত লিখা ।
(ii) পানীৰে সৈতে পদাৰ্থ ‘X’ এ কৰা বিক্ৰিয়াটো লিখা ।
Answer:
(i) পদাৰ্থ ‘X’ ৰ নাম হ’ল কেলছিয়াম অক্সাইড আৰু সংকেত CaO।
(ii) পানীৰে সৈতে কৰা বিক্ৰিয়াটোৰ সমীকৰণটো –
CaO(s) + H2O(l) → Ca(OH)2(aq)
Question 5: লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৰ্বতন ঘটে কিয় ?
Answer: লোৰ সক্ৰিয়তা ক’পাৰতকৈ বেছি । সেইবাবে ই কপাৰ ছালফেট (CuSO4) দ্ৰৱৰ পৰা ক’পাৰক অপসাৰিত কৰি আইৰন ছালফেট আৰু কপাৰ উৎপন্ন কৰে। ফলত দ্ৰৱৰ বৰণ নীলাৰ পৰা সেউজীয়ালৈ পৰিৱৰ্তন হয় । এই বিক্ৰিযাটোৰ সমীকৰণ হ’ল
Fe(s) + CuSO4(aq) → FeSO4(aq) + Cu(s)
Question 6: তলৰ বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাচি উলিওৱা ।
(i) 4Na(s) + O2(g) → 2Na2O(s)
(ii) CuO(s) + H2(g) → Cu(s) + H2O(l)
Answer:
(i) 4Na(s) + O2(g) → 2Na2O(s)
ইয়াতNaজাৰিত হৈছে ।
(ii) CuO(s) + H2(g) → Cu(s) + H2O(l)
ইয়াত CuO(s) বিজাৰিত আৰু H2(g) জাৰিত হৈছে ।
———–
(ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ)
(অনুশীলনী)
Question 1: তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ –
2PbO(s) + C(s) → 2Pb(s) + CO2(g)
(a) লেড বিজাৰিত হৈছে ।
(b) কাৰ্বন ডাইঅক্সাইড জাৰিত হৈছে ।
(c) কাৰ্বন জাৰিত হৈছে ।
(d) লেড অক্সাইড বিজাৰিত হৈছে ।
(i) (a) আৰু (b), (ii) (a) আৰু (c), (iii) (a), (b) আৰু (c), (v) সকলো
Answer: (i) (a) আৰু (b)
Question 2: Fe2 O3 + 2Al → Al2O3 + 2Fe
ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ
(a) এটা সংযোজন বিক্ৰিয়াৰ
(b) এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ
(c) এটা বিয়োজন বিক্ৰিয়াৰ
(d) এটা অপসাৰণ বিক্ৰিয়াৰ
Answer: (d) এটা অপসাৰণ বিক্ৰিয়াৰ
Question 3: কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? শুদ্ধ উত্তৰটোক টিক্ চিন দিয়া ।
(a) হাইড্ৰজেন গেছ আৰু আইৰন ক্লৰাইড উৎপন্ন হয় ।
(b) ক্লৰিন গেছ আৰু আইৰন হাইড্ৰক্সাইড উৎপন্ন হয় ।
(c) বিক্ৰিয়া নঘটে ।
(d) আইৰন লৱণ আৰু পানী উৎপন্ন হয় ।
Answer: (a) হাইড্ৰজেন গেছ আৰু আইৰন ক্লৰাইড উৎপন্ন হয় ।
Question 4: সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে ?
Answer: ৰাসায়নিক বিক্ৰিয়া এটাৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰিমাণ সমান হ’লে, তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে ।
ৰাসায়নিক বিক্ৰিয়া এটাক সন্তুলিত কৰা হয় যাতে সমীকৰণটোৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিবিধ পৰমাণুৰ সংখ্যা একে হয় ।
Question 5: তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা ।
(a) হাইড্ৰ’জেন গেছে নাইট্ৰ’জেনেৰে সৈতে লগ হৈ এম’নিয়া প্ৰস্তুত কৰে ।
(b) হাইড্ৰ’জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে ।
(c) বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে ।
(d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে ।
Answer:
(a) 3H2 + N2 → 2NH3
(b) 2H2S + 3O2 → 2H2O + 2SO2
(c) 3BaCl3 + Al2(SO4) → 2AlCl3 + 3BaSO4
(d) K2 + 2H2O → 2KOH + H2
Question 6: তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা ।
(a) HNO3 + Ca(OH)2 → Ca(NO3)2 + H2O
(b) NaOH + H2SO4 → Na2SO4 + H2O
(c) NaCl + AgNO3 → AgCl + NaNO3
(d) BaCl2 + H2SO4 → BaSO4 + HCl
Answer:
(a) 2 HNO3 + Ca(OH)2 → Ca(NO3)2 + 2 H2O
(b) 2 NaOH + H2SO4 → Na2SO4 + 2 H2O
(c) NaCl + AgNO3 → AgCl + NaNO3
(d) BaCl2 + H2SO4 → BaSO4 + 2 HCl
Question 7: তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা ।
(a) কেলছিয়াম হাইড্ৰক্সাইড + কাৰ্বন ডাই অক্সাইড → কেলছিয়াম কাৰ্বনেট + পানী ।
(b) যিংক + ছিলভাৰ নাইট্ৰেট → যিংক নাইট্ৰেট + ছিলভাৰ ।
(c) এলুমিনিয়াম + কপাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + কপাৰ ।
(d) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড ।
Answer:
(a) Ca(OH)2 + CO2 → CaCO3 + H2O
(b) Zn + 2AgNO3 → Zn(NO3)2 + 2Ag
(c) 2Al + 3CuCl2 → 2AlCl3 + 3Cu
(d) BaCl2 + K2SO4 → BaSO4 + 2KCl
Question 8: তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা ।
(a) পটেছিয়াম ব্ৰ’মাইড(aq) + বেৰিয়াম আয়’ডাইড(aq) → পটেছিয়াম আয়’ডাইড(aq) + বেৰিয়াম ব্ৰ’মাইড(s)
(b) যিংক কাৰ্বনেট(s) → যিংক অক্সাইড(s) + কাৰ্বন ডাই অক্সাইড(g)
(c) হাইড্ৰ’জেন(g) + ক্ল’ৰিন(g) → হাইড্ৰ’জেন ক্ল’ৰাইড(g)
(d) মেগনেছিয়াম(g) + হাইড্ৰ’ক্ল’ৰিক এছিড(aq) → মেগনেছিয়াম ক্ল’ৰাইড(aq) + হাইড্ৰ’জেন(g)
Answer:
(a) 2KBr(aq) + BaI(aq) → 2KI(aq) + BaBr2(s) (প্ৰতিষ্ঠাপন বিক্ৰিয়া)
(b) ZnCO3(s) → ZnO(s) + CO2(g) (বিয়োজন বিক্ৰিয়া)
(c) H2(g) + Cl2(g) → 2HCl(g) (সংযোজন বিক্ৰিয়া)
(d) Mg(s) + 2HCl(aq) → MgCl2(aq) + H2(g) (প্ৰতিষ্ঠাপন বিক্ৰিয়া)
Question 9: তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা ? উদাহৰণ দিয়া ।
Answer: তাপবৰ্জী বিক্ৰিয়া : যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়, সেইবোৰ বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বোলে । উদাহৰণস্বৰূপে –
2NaOH + H2SO4 → Na2SO4 + 2H2O + O2
তাপগ্ৰাহী বিক্ৰিয়া : যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয়, তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে । উদাহৰণস্বৰূপে –
Pb(NO3)2 + O2 → 2PbO + 4NO2
Question 10: শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ? ব্যাখ্যা কৰা ।
Answer: আমাৰ দেহত হোৱা হজম প্ৰক্ৰিয়াত খাদ্যবস্তু সৰল পদাৰ্থলৈ ভাগি যায় ।উদাহৰণস্বৰূপে – চাউল, আলু আৰু ৰুটিত কাৰ্ব’হাইড্ৰেট থাকে । এই কাৰ্ব’হাইড্ৰেটবোৰ গ্লূক’জলৈ ভাঙি যায় । এই গ্লূক’জ আমাৰ দেহৰ কোষত অক্সিজেনেৰে সৈতে লগ হয় আৰু শক্তিৰ উৎপন্ন হয় । এই বিক্ৰিয়াৰ বিশেষ নামটোৱেই হ’ল শ্বসন ।
গ্লূক’জ অক্সিজেনৰ সৈতে বিক্ৰিয়া হৈ কাৰ্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয় । সেইবাবে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় । ইয়াৰ সমীকৰণটো হ’ল –
C6H12O6 + 6 O2 + 6 H2O → 6 CO2 + 12 H2O + শক্তি
Question 11: বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় ? এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা ।
Answer: এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি যোৱা প্ৰক্ৰিয়াকে বিয়োজন বিক্ৰিয়া বোলে । আনহাতে, দুই বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱা প্ৰক্ৰিয়াক সংযোজন বিক্ৰিয়া বোলে । সেয়ে বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় ।উদাহৰণস্বৰূপে –
CaCO3(s) CaO (s) + CO2(g) (বিয়োজন বিক্ৰিয়া)
CaO(s) + H2O(l) → Ca(OH)2(aq) (সংযোজন বিক্ৰিয়া)
Question 12: তাপ, পোহৰ আৰু বিদ্যুত শক্তিৰে সংঘটিত বিয়োজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা ।
Question 13: অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি ? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা ।
Answer: যি বিক্ৰিয়াত এটা মৌলই আন এটা মৌলক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে, সেই বিক্ৰিয়াটোক অপসৰণ বিক্ৰিয়া বোলে । আনহাতে, যি বিক্ৰিয়াত বিক্ৰিয়াক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে দ্বিঅপসৰণ বিক্ৰিয়া বোলা হয় ।উদাহৰণস্বৰূপে –
Fe(s) + CuSO4(aq) → FeSO4(aq) + Cu(s) (অপসৰণ বিক্ৰিয়া)
Na2SO4(aq) + BaCl2(aq) → BaSO4(s) + 2NaCl(aq) (দ্বিঅপসৰণ বিক্ৰিয়া)
Question 14: ছিলভাৰ পৰিশোধনত ছিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰদ্বাৰা অপসৰণ সংঘটিত কৰা হয় । জড়িত বিক্ৰিয়াটো লিখা ।
Answer: জড়িত বিক্ৰিয়াটো হ’ল –
Cu + 2AgNO3 → Cu(NO3)2 + 2Ag
Question 15: অধঃক্ষেপণ বিক্ৰিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা ।
Answer: যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থবোৰ সম্পূৰ্ণৰূপে দ্ৰৱীভূত নহৈ তলত গেদ হিচাপে অধঃক্ষেপ পৰে তাকে অধঃক্ষেপণ বিক্ৰিয়া বোলে ।
উদাহৰণস্বৰূপে – ছ’ডিয়াম ছালফেট বেৰিয়াম ক্ল’ৰাইডৰ লগত বিক্ৰিয়া কৰিলে বেৰিয়াম ছালফেট অধঃক্ষেপ পৰে । ইয়াৰ সমীকৰণটো হ’ল
Na2SO4(aq) + BaCl2(aq) → BaSO4(s) + 2NaCl(aq)
Question 16: অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা ।
(a) জাৰণ আৰু (b) বিজাৰণ ।
Answer: (a) যিবোৰ বিক্ৰিয়াত অক্সিজেন যোগ হয় তেনে বিক্ৰিয়াক জাৰণ বিক্ৰিয়া বোলে ।উদাহৰণস্বৰূপে – কাৰ্বনে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিলে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু কপাৰে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিলে কপাৰ অক্সাইড উৎপন্ন হয় । ইয়াৰ সমীকৰণ দুটা হ’ল
C + O2 → CO2
2Cu + O2 → 2CuO
(b) যিবোৰ বিক্ৰিয়াত অক্সিজেন হেৰুৱায় তেনেবোৰ বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বোলে ।উদাহৰণস্বৰূপে – কপাৰ অক্সাইডে হাইড্ৰজেনৰ সৈতে বিক্ৰিয়া কৰিলে কপাৰ আৰু পানী উৎপন্ন হয় । আকৈ কাৰ্বনে পানীৰে সৈতে বিক্ৰিয়া কৰিলে কাৰ্বন মনক্সাইড আৰু হাইড্ৰজেন উৎপন্ন কৰে । ইয়াৰ সমীকৰণ দুটা হ’ল
CuO + H2 → Cu + H2O + তাপ
C + H2O → CO + H2
Question 17: এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল । মৌল ‘X’ আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম লিখা ।
Answer: এই উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ ৰ নাম কপাৰ (Cu) । ইয়াক বায়ুত গৰম কৰিলে কলা হয় । এই যৌগটোৰ নাম হ’ব কপাৰ অক্সাইড (CuO) । ইয়াৰ সমীকৰণটো হ’ল
2Cu + O2 → 2CuO + তাপ
Question 18: লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় ?
Answer: লোই বায়ুৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি আইৰণ অক্সাইড উৎপন্ন কৰে । এই আইৰণ অক্সাইডে আইৰণখিনি মামৰত পৰিণত কৰি নষ্ট কৰি পেলায় । ফলত লোৰ ক্ষয়ীভৱন হয় । সেই কাৰণে লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয় ।
Question 19: তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰটজেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় কিয় ?
Answer: তেল আৰু চৰ্বি থকা খাদ্যবস্তু সহজে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি খাদ্যবস্তুবোৰৰ গোন্ধ আৰু স্বাদ নষ্ট কৰি পেলায় । সেয়ে বেছি দিনলৈ ভালে ৰাখিবলৈ নাইট্ৰটজেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় ।
Question 20: এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা ।
(a) ক্ষয়ীভৱন (b) চৰ্বিৰ দুৰ্গন্ধিতা ।
Answer: (a) ক্ষয়ীভৱন যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে – জলীয় বাষ্প, এছিড আদিৰদ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় হৈ নষ্ট হয়, এই প্ৰক্ৰিয়াটোকে ক্ষয়ীভৱন বোলে ।উদাহৰণস্বৰূপে – ছিলভাৰৰ ওপৰত পৰা কলা চামনি আৰু কপাৰৰ ওপৰত পৰা সেউজীয়া চামনি ক্ষয়ীভৱনৰ দুটা উদাহৰণ ।
(b) চৰ্বিৰ দুৰ্গন্ধিতা চৰ্বি থকা খাদ্যবস্তু যেতিয়া মুক্ত অৱস্থাত ৰখা হয়, তেতিয়া বায়ুৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি খাদ্যবস্তুৰ গোন্ধ আৰু সোৱাদ সলনি কৰি নষ্ট কৰি পেলায় । ইয়াকে চৰ্বিৰ দুৰ্গন্ধিতা বোলা হয় । এই খাদ্যবস্তুবোৰ নষ্ট নহবৰ বাবে কিছুমান পদাৰ্থ (প্ৰতিজাৰক পদাৰ্থ) যোগ কৰা হয় । বায়ুৰুদ্ধ পাত্ৰত খাদ্যবস্তু ৰাখিলে জাৰণ মন্থৰ হয় । সেইবাবে নাইট্ৰজেনৰ পৰিৱেশত খাদ্যবস্তুবোৰ পেকেট কৰিলে বেছি দিনলৈ ভালে থাকে ।
———–