NCERT class 10 science chapter 10: Light Reflection and Refraction পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ – অসমীয়াত সম্পূৰ্ণ সমাধান। আমি এই ব্লগত অসমৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৭, ৮, ৯, ১০, ১১ আৰু ১২ শ্ৰেণীৰ বাবে বিনামূলীয়া NCERT সমাধান প্ৰদান কৰোঁ।
এই পৃষ্ঠাত আপুনি দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১০: পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণৰ সম্পূৰ্ণ প্ৰশ্ন আৰু উত্তৰৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ অতিৰিক্ত পৰীক্ষামুখী চুটি প্ৰশ্ন আৰু উত্তৰ আমাৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে আপোনাক অধ্যায়টো অতি ভালদৰে বুজিবলৈ সহায় কৰিব।
Content | NCERT Solution |
Class | Class 10 |
Subject | General Science |
Chapter 10 | Light Reflection and Refraction (পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ) |
Medium | Assamese Medium |
Class 10 Science Chapter 10 Solutions – পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ
class-10-chapter-10-in-text-solutionsPage No. 168 Questions & Answers
Question 1: অৱতল দাপোণৰ মুখ্য় ফকাছৰ সংজ্ঞা দিয়া।
Answer: অৱতল দাপোণৰ ক্ষেত্ৰত মুখ্য় অক্ষৰ সমাান্তৰালকৈ আপতিত ৰশ্মিসমূহ প্ৰতিফলণৰ পিছত মুখ্য় অক্ষৰ ওপৰত দাপোণৰ সন্মুখত অৱস্থিত এটা বিন্দুলৈ অভিসাৰী হয়। এই বিন্দুটোক অৱতল দাপোণৰ মুখ্য় ফকাছ বোলা হয়।
Question 2: গোলাকাাৰ দাপোণ এখনৰ ভাঁজ ব্য়াসাাৰ্ধ 20ছে. মি.। ইয়াৰ ফ’কাছ দৈৰ্ঘ কিমান?
Answer: দিয়া আছে, ভাঁজ ব্য়সাৰ্ধ (R) = 20 ছে. মি.
গতিকে গোলাকাাৰ দাপোণখনৰ ফকাছ দৈৰ্ঘ (f) = R/2 = 20/2 = 10 ছে. মি.।
Question 3: এখন দাপোণৰ নাম কোৱা, যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে।
Answer: অৱতল দাপোণে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে।
[যেতিয়া লক্ষ্য়বস্তু মেৰু আৰু ফকাছৰ মাজত ৰখা হয়, তেতিয়া প্ৰতিবিম্বটো দাপোণখনৰ পিছফালে অসৎ, থিয় আৰু বিবৰ্ধিত হয়।]
Question 4: গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পছন্দ কৰা হয়?
Answer: গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ পছন্দ কৰা হয় কাৰণ উত্তল দাপোণ সদায় সৰুকৈ হলেও থিয় প্ৰতিবিম্ব গঠন কৰে। ইয়াৰ উপৰিও যিহেতু উত্তল দাপোণ বাহিৰলৈ বেঁকা গতিকে ইয়াৰ দৃষ্টিক্ষেত্ৰ বহল।
Page No. 171 Questions & Answers
Question 1: 32 cm ভাঁজ ব্য়াসাৰ্ধৰ উত্তল দাপোণ এখনৰ ফকাছ দৈৰ্ঘ্য় নিৰ্ণয় কৰা।
Answer: দিয়া আছে, ভাঁজ ব্য়সাৰ্ধ (R) = 32 cm
গতিকে উত্তল দাপোণখনৰ ফকাছ দৈৰ্ঘ (f) = R/2 = 32/2 = 16 cm
Question 2: অৱতল দাপোণ এখনে ইয়াৰ সন্মুখত 10 cm দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে। প্ৰতিবিম্বটোৰ অৱস্থান কি?
Answer: ইয়াত, লক্ষ্য়বস্তুৰ দূৰত্ব (u) = -10 cm
ধৰাহ’ল, লক্ষ্য়বস্তুৰ উচ্চতা = h
প্ৰতিবিম্বৰ উচ্চতা = h’
আৰু প্ৰতিবিম্বৰ দূূৰত্ব = – v

আকৈ প্ৰশ্নমতে, h’ = − 3h

গতিকে প্ৰতিবিম্বটো অৱতল দাপোণখনৰ পৰা 30 cm আগফলে গঠিত হ’ব। এই প্ৰতিবিম্বটো অসৎ, থিয় আৰু বিবৰ্ধিত।
Page No. 176 Questions & Answers
Question 1: পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হ’ব ? কিয়?
Answer: ইয়াত বায়ু লঘুতৰ মাধ্য়ম আৰু পানী ঘনতৰ মাধ্য়ম। যিহেতু পোহৰ ৰশ্মিডাল লঘুতৰ মাধ্য়মৰ পৰা ঘনতৰ মাধ্য়মলৈ হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে, গতিকে প্ৰতিসৰিত ৰশ্মিডাল উলম্বৰ কাষ চাপিব।
Question 2: পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাঁচৰ মাধ্য়মলৈ প্ৰৱেশ কৰিছে। কাঁচত পোহৰৰ দ্ৰুতি কিমান হ’ব? শূন্য়ত পোহৰৰ দ্ৰুতি 3 x108 m প্ৰতি ছেকেণ্ড।
Answer: দিয়া আছে, কাঁচৰ প্ৰতিসৰণাংক(μ) = 1.5
শূন্য়ত পোহৰৰ দ্ৰুতি (c) = 3 x108 m/s
কাঁচত পোহৰৰ দ্ৰুতি (vg) = ?
এতিয়া,

গতিকে কাঁচত পোহৰৰ দ্ৰুতি 2 x 108 m/s.
Question 3: তালিকা 10.3ৰ পৰা সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্য়মটো নিৰ্ণয় কৰা। আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্য়মটোও নিৰ্ণয় কৰা।
Answer: তালিকা 10.3
দ্ৰব্য়াত্মক মাধ্য়ম | প্ৰতিসৰণাংক মাধ্য়ম | দ্ৰব্য়াত্মক মাধ্য়ম | প্ৰতিসৰণাংক মাধ্য়ম |
---|---|---|---|
বায়ু | 1.0003 | কানাডা ৱালছাম | 1.53 |
বৰফ | 1.31 | শৈল লৱন | 1.54 |
পানী | 1.33 | কাৰ্বন ডাইছালফাইড | 1.63 |
এলক’হল | 1.36 | ঘন ফ্লিণ্ট কাঁচ | 1.65 |
কেৰাচিন | 1.44 | ৰুবী | 1.71 |
গলিত কোৱাৰ্টজ | 1.46 | চেফায়াৰ | 1.77 |
টাৰপেনটাইন তেল | 1.47 | হীৰা | 2.42 |
বেনজিন | 1.50 | ||
ক্ৰাউন কাঁচ | 1.52 |
সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্য়মটো হ’ল হীৰা (2.42) আৰু আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্য়মটো হ’ল বায়ু (1.0003)।
Question 4: তোমাক কেৰাচিন, টাৰপেনটাইন আৰু পানী দিয়া হৈছে। এই মাধ্য়ম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ? তালিকা 1`0.3ত দিয়া তথ্য় ব্য়ৱহাৰ কৰা।
Answer: তালিকা 1`0.3 (ওপৰৰ উত্তৰটোত দিয়া আছে) ৰ পৰা কেৰাচিন, টাৰপেনটাইন আৰু পানীৰ প্ৰতিসৰণাংক ক্ৰমে । এই তিনিটাৰ ভিতৰত পানীৰ প্ৰৰতিসৰণাংক সকলোতকৈ কম। যিহেতু প্ৰৰতিসৰণাংক কম হলে সেই মাধ্য়মটোত পোহৰৰ দ্ৰুতি সৰ্বাধিক হয়। গতিকে পানীৰ মাজেৰে পোহৰৰ দ্ৰুতি সৰ্বাধিক হ’ব।
Question 5: হীৰাৰ প্ৰতিসৰণাংক 2.42। এই উক্তিটোৰ অৰ্থ কি?
Answer: শূন্য়ত পোহৰৰ দ্ৰুতি আৰু কোনো মাধ্য়মত পোহৰৰ দ্ৰুতিৰ অনুপাতকে সেই মাধ্য়মটোৰ প্ৰতিসৰণাংক বোলা হয়। অৰ্থাৎ

গতিকে দেখা যায় যে শূন্য়ত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ অনুপাত 2.42হয়। ইয়াৰ সহায়ত আমি ক’ব পাৰো যে হীৰাৰ প্ৰতিসৰণাংক 2.42।
Page No. 184 Questions & Answers
Question 1: লেন্ছ এখনৰ 1ডয়প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।
Answer: 1 মিটাৰ ফকাছ দৈৰ্ঘ্য়ৰ লেন্ছ এখনৰ ক্ষমতাক 1ডয়প্টাৰ বোলা হয়। ইয়াক Dআখৰেৰে সূচোৱা হয়। [1D = 1m-1 ]
Question 2: উত্তল লেন্ছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50ছেমি দূৰত্বত গঠন কৰে। যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্য়বস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্য়বস্তুটো উত্তল লেন্ছৰ সন্মুখত ক’ত ৰখা হৈছিল? নিৰ্ণয় কৰা।
Answer: উত্তল লেন্ছৰ ক্ষেত্ৰত যেতিয়া লক্ষ্য়বস্তুটো ভাঁজকেন্দ্ৰত(C1) ৰখা হয়, ইয়াৰ সমান আকাৰৰ সৎ আৰু ওলোটা প্ৰতিবিম্বও ভাঁজকেন্দ্ৰত(C2) গঠিত হয়।

এতিয়া বেজীটো লেন্ছৰ পৰা 50ছে.মি. দূৰত্বত ৰাখিলে,
লক্ষ্য়বস্তুৰ দূৰত্ব (u) = −50 ছে.মি.
প্ৰতিবিম্বৰ দূৰত্ব (v) = 50 ছে.মি.
ফ’কাছ দৈৰ্ঘ্য় (f) = ?
লেন্ছৰ সূত্ৰৰ পৰা

গতিকে ফ’কাছ দৈৰ্ঘ্য় হ’ব 25 ছে.মি.।
Question 3: 2mফ’কাছ দৈৰ্ঘ্য়ৰ অৱতল লেন্ছ এখনৰ ক্ষমতা নিৰ্ণয় কৰা।
Answer: ইয়াত, ফ’কাছ দৈৰ্ঘ্য় (f) = −2m
গতিকে লেন্ছখনৰ ক্ষমতা (P) = 1/f = 1/2 = 0.5 D
Class 10 Science Chapter 10 Exercise Questions & Answers
Question 1: তলত দিয়া কোনটো পদাৰ্থ লেন্ছ তৈয়াৰ কৰিবলৈ ব্য়ৱহাৰ কৰিব নোৱাৰি?
(a) পানী
(b) কাঁচ
(c) প্লাষ্টিক
(d) মৃত্তিকা
Answer: (d) মৃত্তিকা
Question 2: অৱতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্য়বস্তুতকৈ ডাঙৰ পোৱা গ’ল। লক্ষ্য়বস্তুৰ অৱস্থান ক’ত হ’ব লাগিব?
(a) মুখ্য় ফকাছ আৰু ভাঁজ ব্য়াসাৰ্ধৰ মাজত
(b) ভাঁজ কেন্দ্ৰত
(c) ভাঁজ কেন্দ্ৰৰ বাহিৰত
(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য় ফকাছৰ মাজত।
Answer: (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য় ফকাছৰ মাজত।
Question 3: লক্ষ্য়বস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ’লে লক্ষ্য়বস্তুটো উত্তল লেন্ছৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব?
(a) লেন্ছৰ মুখ্য় ফকাছত
(b) ফকাছ দৈৰ্ঘ্য়ৰ দুগুণ দূৰত্বত
(c) অসীমত
(d) লেন্ছৰ আলোক কেন্দ্ৰ আৰু মুখ্য় ফকাছৰ মাজত
Answer: (b) ফকাছ দৈৰ্ঘ্য়ৰ দুগুণ দূৰত্বত
Question 4: এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্ছ প্ৰত্য়েকৰে ফকাছ দৈৰ্ঘ্য় । দাপোণ আৰু লেন্ছৰ প্ৰকৃত কেনেকুৱা হব পাৰে
(a) দুয়োখন অৱতল
(b) দুয়োখন উত্তল
(c) দাপোণখন অৱতল লেন্ছখন উত্তল
(d) দাপোণখন উত্তল লেন্ছখন অৱতল।
Answer: (a) দুয়োখন অৱতল
Question 5: দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়। দাপোণখন কেনেকুৱা হ’ব পাৰে?
(a) সমতল
(b) অৱতল
(c) উত্তল
(d) হয় সমতল নতুবা উত্তল।
Answer: (d) হয় সমতল নতুবা উত্তল।
Question 6: অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্ছ ব্য়ৱহাৰ কৰিবলৈ বিচাৰিবা
(a) 50 cm ফ’কাছ দৈৰ্ঘ্য়ৰ উত্তল লেন্ছ
(b) 50 cmফ’কাছ দৈৰ্ঘ্য়ৰ অৱতল লেন্ছ
(c) 5 cmফ’কাছ দৈৰ্ঘ্য়ৰ উত্তল লেন্ছ
(d) 5 cm ফ’কাছ দৈৰ্ঘ্য়ৰ অৱতল লেন্ছ
Answer: (c) 5 cmফ’কাছ দৈৰ্ঘ্য়ৰ উত্তল লেন্ছ
Question 7: 50 ছেমি ফ’কাছ দৈৰ্ঘ্য়ৰ অৱতল দাপোণ এখন ব্য়ৱহাৰ কৰি আমি লক্ষ্য়বস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো। দাপোণৰ পৰা লক্ষ্য়বস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত? প্ৰতিবিম্বৰ প্ৰকৃতি কি হ’ব? প্ৰতিবিম্বটো লক্ষ্য়বস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মিচত্ৰ আঁকা।
Answer: অৱতল দাপোণৰ ক্ষেত্ৰত যেতিয়া লক্ষ্য়বস্তুটো মেৰু আৰু ফকাছৰ মাজত ৰাখা হয় ইয়াৰ থিয় আৰু অস প্ৰতিবিম্ব দাপোণখনৰ পিছফালে গঠিত হয়।
যিহেতু অৱতল দাপোণখনৰ ফ’কাছ দৈৰ্ঘ্য় 50 ছেমি। গতিকে লক্ষ্য়বস্তুটো দাপোণখনৰ পৰা 50 ছেমি তকৈ কম আৰু শূন্য়তকৈ বেছি দূৰত্বত অৱস্থান কৰিব লাগিব।
প্ৰতিবিম্বটো লক্ষ্য়বস্তুতকৈ আকাৰত ডাঙৰ হ’ব।

Question 8: তলত দিয়া পৰিসস্থিতি সমূহত ব্য়ৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা —
(a) গাড়ীৰ হেডলাইট
(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ
(c) সৌৰ ভাঁতী
Answer: (a) গাড়ীৰ হেডলাইটত অৱতল দাপোণ ব্য়ৱহাৰ কৰা হয়।
(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ ব্য়ৱহাৰ কৰা হয়।
(c) সৌৰ ভাঁতীত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰিবলৈ অৱতল দাপোণ ব্য়ৱহাৰ কৰা হয়।
Question 9: উত্তল লেন্স এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ’ল। এই লেন্সখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে ? তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্ৰতিপন্ন কৰা। তোমাৰ পৰ্যৱেক্ষণসমূহ ব্য়াখ্য়া কৰা।
Answer: উত্তল লেন্স এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিলে, ইয়াৰ সন্মুখত থকা লক্ষ্য়বস্তু এটাৰ প্ৰতিবিম্ব কেনেকৈ গঠিত হয় তাক তলত চিত্ৰৰ সহায়ত ব্য়াখ্য়া কৰা হ’ল —
1. যেতিয়া উত্তল লেন্সখনৰ ওপৰৰ অৰ্ধাংশত কলা কাগজেৰে ঢাকি দিয়া হয় —
এনে অৱস্থাত লক্ষ্য়বস্তুৰ পৰা পোহৰ ৰশ্মি উত্তল লেন্সখনৰ তলৰ অংশৰ মাজেৰে প্ৰতিফলিত হ’ব। এই ক্ষেত্ৰত লক্ষ্য়বস্তুটো ফকাছ আৰু ভাঁজ ব্য়াসাৰ্ধৰ মাজত ৰাখিলে প্ৰতিবিম্বটো ভাঁজ ব্য়াসাৰ্ধৰ পৰা আঁতৰত গঠিত হয়। প্ৰতিবিম্বটো সৎ, ওলোটা আৰু আকাৰত লক্ষ্য়বস্তুতকৈ ডাঙৰ হয়। (চিত্ৰত দেখুৱাৰ দৰে)।
2. যেতিয়া উত্তল লেন্সখনৰ তলৰ অৰ্ধাংশত কলা কাগজেৰে ঢাকি দিয়া হয় —
এই ক্ষেত্ৰটো যদি লক্ষ্য়বস্তুটো ফকাছ আৰু ভাঁজ ব্য়াসাৰ্ধৰ মাজত ৰখা হয়, তেতিয়া ইয়াৰ পৰা যোৱা পোহৰ ৰশ্মি উত্তল লেন্সখনৰ ওপৰৰ অংশৰ মাজেৰে প্ৰতিফলিত হৈ ভাঁজ ব্য়াসাৰ্ধৰ পৰা আঁতৰত প্ৰতিবিম্ব গঠন কৰে। প্ৰতিবিম্বটো সৎ, ওলোটা আৰু আকাৰত লক্ষ্য়বস্তুতকৈ ডাঙৰ হয়।
Question 10: 5 cmদৈৰ্ঘ্য়ৰ বস্তু এটা 10 cmফ’কাছ দৈৰ্ঘ্য়ৰ অভিসাৰী লেন্স এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ’ল। ইয়াৰ ৰশ্মিচিত্ৰ আঁকা আৰু গঠিত প্ৰতবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।
Answer: দিয়া আছে, লক্ষ্য়বস্তুৰ উচ্চতা (h) = 5 cm
লক্ষ্য়বস্তুৰ দূৰত্ব (u) = – 25 cm
ফকাছ দৈৰ্ঘ্য় (f) = + 10 cm
প্ৰতিবিম্বৰ দূৰত্ব (v) = ?
এতিয়া, লেন্সৰ সূত্ৰৰ পৰা

গতিকে প্ৰতিবিম্বটো আলোক কেন্দ্ৰৰ আনটো ফালে দূৰত্বত গঠিত হ’ব।

আকৈ, প্ৰতিবিম্বৰ উচ্চতা (h’) = m × লক্ষ্য়বস্তুৰ উচ্চতা (h)
= − 0.67 × 5 cm = − 3.35 cm
m আৰু h’ ৰ মান ঋণাত্মক, গতিকে প্ৰতিবিম্বটো সৎ, ওলোটা আৰু সংকুচিত।
Question 11: 15 cmফ’কাছ দৈৰ্ঘ্য়ৰ অৱতল লেন্স এখনে তাৰ পৰা 10 cmদূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে। লক্ষ্য়বস্তুটো লেন্সৰ পৰা কিমান দূৰত্বত আছে? ৰশ্মিচিত্ৰ আঁকা।
Answer: দিয়া আছে, ফ’কাছ দৈৰ্ঘ্য়(f) = −15 cm
প্ৰতিবিম্বৰ দূৰত্ব (v) =−10 cm
লক্ষ্য়বস্তুৰ দূৰত্ব (u) =?
এতিয়া, লেন্সৰ সূত্ৰৰ পৰা

গতিকে, লক্ষ্য়বস্তুটো লেন্সৰ পৰা 30 cm দূৰত্বত গঠিত হ’ব।
Question 12: 15 cmফ’কাছ দৈৰ্ঘ্য়ৰ উত্তল দাপোণ এখনৰ পৰা 10 cmদূৰত্বত বস্তু এটা ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা।
Answer: দিয়া আছে, ফ’কাছ দৈৰ্ঘ্য়(f) = +15 cm
লক্ষ্য়বস্তুৰ দূৰত্ব (u) =−10 cm
প্ৰতিবিম্বৰ দূৰত্ব (v) =?
এতিয়া, দাপোণৰ সূত্ৰৰ পৰা

গতিকে, প্ৰতিবিম্বটো দাপোণৰ পিছফালে 6 cm দূৰত্বত থাকিব।

প্ৰতিবিম্বটো অসৎ, থিয় আৰু আকাৰত 0.6গুণ সৰু।
Question 13: সমতল দাপোণে +1 বিবৰ্ধন দিয়ে। ইয়াৰ অৰ্থ কি?
Answer: সমতল দাপোণে +1 বিবৰ্ধন দিয়ে। ইয়াৰ অৰ্থ হ’ল প্ৰতিবিম্বটো অসৎ, থিয় আৰু আকাৰত লক্ষ্য়বস্তুৰ সমান।
Question 14: 30 cmভাঁজ ব্য়াসাৰ্ধৰ উত্তল দাপোণ এখনৰ সন্মুখত 20 cmদূৰত্বত 5 cm দৈৰ্ঘ্য়ৰ বস্তু এটা ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা।
Answer: দিয়া আছে, উত্তল দাপোণখনৰ ভাঁজ ব্য়াসাৰ্ধ (R) = 30 cm
∴ ফ’কাছ দৈৰ্ঘ্য়(f) = R/2 = 30/2 = +15 cm
লক্ষ্য়বস্তুৰ দূৰত্ব (u) = – 20 cm
লক্ষ্য়বস্তুৰ উচ্চতা (h) = 5 cm
প্ৰতিবিম্বৰ দূৰত্ব(v) = ?
প্ৰতিবিম্বৰ উচ্চতা (h’) =?
এতিয়া, দাপোণৰ সূত্ৰৰ পৰা —

গতিকে, প্ৰতিবিম্বটো দাপোণৰ পিছফালে 8.57 cm দূৰত্বত থাকিব।


প্ৰতিবিম্বটো অসৎ, থিয় আৰু উচ্চতা 2.2 cm ।
Question 15: 18 cmফ’কাছ দৈৰ্ঘ্য়ৰ অৱতল দাপোণ এখনৰ সন্মুখত 27 cm দূৰত্বত 7 cmআকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোণখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব? প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।
Answer: ইয়াত, অৱতল দাপোণৰ ফ’কাছ দৈৰ্ঘ্য় (f) = − 18 cm
লক্ষ্য়বস্তুৰ দূৰত্ব (u) =− 27 cm
লক্ষ্য়বস্তুৰ উচ্চতা (h) = 7 cm
প্ৰতিবিম্বৰ দূৰত্ব (v) = ?
প্ৰতিবিম্বৰ উচ্চতা (h/) = ?

গতিকে, দাপোণখনৰ সন্মুখত 54 cmদূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব।


গতিকে, প্ৰতিবিম্বটো সৎ, ওলোটা আৰু বিবৰ্ধিত।
Question 16: −2.0 Dক্ষমতাৰ লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য় কিমান? লেন্সখনৰ প্ৰকৃতি কেনেকুৱা?
Answer:

লেন্সখন অৱতল লেন্স হ’ব।
Question 17: ডাক্টৰ এজনে বিধান দিয়া সংশোধনীমূলক লেন্সৰ ক্ষমতা +1.5 D। লেন্সখনৰ ফকাছ দৈৰ্ঘ্য় নিৰ্ণয় কৰা। এই লেন্সখন অভিসাৰী নে অপসাৰী?
Answer: দিয়া আছে, লেন্সৰ ক্ষমতা (P) = +1.5 D

লেন্সখন অভিসাৰী লেন্স।
Read More Class 10 Science Solutions
Chapter 1 | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ |
Chapter 2 | এছিড, ক্ষাৰক আৰু লৱন |
Chapter 3 | ধাতু আৰু অধাতু |
Chapter 4 | কাৰ্বন আৰু তাৰ যৌগ |
Chapter 5 | মৌলৰ পর্যাবৃত্ত শ্ৰণীবিভাজন |
Chapter 6 | জীৱন প্রক্রিয়া |
Chapter 7 | নিয়ন্ত্ৰণ আৰু সমন্বয় |
Chapter 8 | জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? |
Chapter 9 | বংশগতি আৰু ক্ৰমবিকাশ |
Chapter 10 | পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ |
Chapter 11 | মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী |
Chapter 12 | বিদ্যুৎ |
Chapter 13 | বিদ্যুৎ – প্রবাহৰ চুম্বকীয় ক্রিয়া |
Chapter 14 | শক্তিৰ উৎসসমূহ |
Chapter 15 | আমাৰ পৰিবেশ |
Chapter 16 | প্রাকৃতিক সম্পদৰ-ব্যৱস্থাপনা |