HomeSolutionsClass 10 SolutionsClass 10 Science Chapter 11 Solutions – মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

Class 10 Science Chapter 11 Solutions – মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

NCERT class 10 science chapter 11: The Human Eye and Colourful World মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী – অসমীয়াত সম্পূৰ্ণ সমাধান। আমি এই ব্লগত অসমৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৭, ৮, ৯, ১০, ১১ আৰু ১২ শ্ৰেণীৰ বাবে বিনামূলীয়া NCERT সমাধান প্ৰদান কৰোঁ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

এই পৃষ্ঠাত আপুনি দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১১: মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱীৰ সম্পূৰ্ণ প্ৰশ্ন আৰু উত্তৰৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ অতিৰিক্ত পৰীক্ষামুখী চুটি প্ৰশ্ন আৰু উত্তৰ আমাৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে আপোনাক অধ্যায়টো অতি ভালদৰে বুজিবলৈ সহায় কৰিব।

ContentNCERT Solution
ClassClass 10
SubjectGeneral Science
Chapter 11Human Eye and Colourful World
(মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী)
MediumAssamese Medium

Class 10 Science Chapter 11 Solutions – মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

class-10-science-chapter-11-solutions

Class 10 Science Chapter 11 In-Text Questions & Answers

Question 1: চকুৰ উপযোজন ক্ষমতা কি?

Answer: চকুৰ লেন্ছখন আঁহযুক্ত জেলী সদৃশ পদাৰ্থৰে গঠিত। ইয়াৰ বক্ৰতা কিছু পৰিমানে চিলিয়াৰী পেশীয়ে সলনি কৰিব পাৰে। চকুৰ লেন্ছৰ বক্ৰতাৰ পৰিবৰ্তনে ইয়াৰ ফ’কাছ দৈৰ্ঘ্য়ৰ পৰিবৰ্তন ঘটায়। চকুৰ লেন্ছৰ ফ’কাছ দৈৰ্ঘ্য় পৰিবৰ্তন কৰিব পৰা সামৰ্থ্য়ক উপযোজন ক্ষমতা বোলা হয়।

Question 2: মায়’পিয়াগ্ৰস্ত চকু থকা মানুহ এজনে 1.2 m তকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্ছ ব্য়ৱহাৰ কৰিব লাগিব?

Answer: মায়’পিয়াগ্ৰস্ত বা নিকট দৃষ্টিগ্ৰস্ততা থকা মানুহ এজনে 1.2 m তকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। ইয়াৰ কাৰণ হল মানুহজনৰ চকুটোৱে 1.2 m তকৈ বেছি দূৰৰ বস্তুবোৰৰ প্ৰতিবিম্ব ৰেটিনাৰ কিছু আগত গঠিত কৰে।

উপযুক্ত ক্ষমতাৰ অৱতল লেন্ছ ব্য়ৱহাৰ কৰি এই বিকাৰ সংশোধন কৰিব পাৰি।

Question 3: স্বাভাৱিক দৃষ্টিৰ এজন মানুহ এজনৰ বাবে দূৰ-বিন্দু আৰু নিকটবিন্দু কি ?

Answer: চকুৰ পৰা যি ন্য়ূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কৃচ্ছ্ৰসাধন নকৰাকৈ দেখা পোৱা যায় তাক স্পষ্ট দৃষ্টিৰ ন্য়ূনতম দূৰত্ব বুলি কোৱা হয়। ইয়াক চকুৰ নিকট বিন্দু বোলা হয়। প্ৰাপ্ত বয়স্ক যুৱক-যুৱতীৰ সুস্থ চকুৰ বাবে এই নিকট বিন্দু চকুৰ পৰা দূৰত্ব প্ৰায় ।

চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰ বিন্দু বোলা হয়। সুস্থ চকুৰ বাবে দূৰ বিন্দু অসীমত থাকে।

Question 4: ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ব’ৰ্ডখন চোৱাত অসুবিধা পায়। ল’ৰাজনে ভোগা বিকাৰটো কি হ’ব পাৰে ? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি?

Answer: ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ব’ৰ্ডখন চোৱাত অসুবিধা পায়। অথাৎ ছাত্ৰজনে দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। গতিকে ছাত্ৰজনৰ মায়পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা আছে। এই বিকাৰ উপযুক্ত ক্ষমতাৰ অৱতল লেন্ছ ব্য়ৱহাৰ কৰি সংসোধন কৰিব পাৰি।


Class 10 Science Chapter 11 Exercise Questions & Answers

Question 1: মানুহৰ চকুৱে চকুৰ লেন্সৰ ফ’কাছ দৈৰ্ঘ্য় সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ’ল —

(a) প্ৰেছবায়পিয়া
(b) উপযোজন ক্ষমতা
(c) নিকট দৃষ্টিগ্ৰস্ততা
(d) দূৰ দৃষ্টিগ্ৰস্ততা

Answer: (b) উপযোজন ক্ষমতা

Question 2: মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান

(a) কৰ্ণিয়া
(b) চকুৰ পতা
(c) চকুৰ মণি
(d) অক্ষিপট

Answer: (d) অক্ষিপট

Question 3: নিয়মীয়া দৃষ্টিৰ সদ্য় প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা নূন্য়তম দূৰত্ব —

(a) 25 m
(b) 2.5 cm
(c) 25 cm
(d) 2.5 m

Answer: (c) 25 cm

Question 4: চকুৰ কি অঙ্গৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফ’কাছ দৈৰ্ঘ্য়ৰ পৰিবৰ্তন হয়?

(a) চকুৰ মণি
(b) অক্ষিপট
(c) চিলিয়াৰী
(d) চকুৰ পতা

Answer: (c) চিলিয়াৰী

Question 5: এজন মানুহৰ দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে −5.5 ডায়প্টাৰ ক্ষমতাৰ লেন্সৰ আৱশ্য়ক। তেওঁৰ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্য়কীয় লেন্সৰ ক্ষমতা −1.5 ডায়প্টাৰ হ’লে (i) দূৰ দৃষ্টিগ্ৰস্ততা (ii) নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্য়ক হোৱা লেন্সৰ ফ’কাছ দৈৰ্ঘ্য় কিমান?

Answer: (i) দূৰ দৃষ্টিগ্ৰস্ততাৰ বাবে ফ’কাছ দৈৰ্ঘ্য় (f) = 1/(-5.5) = -1.8 m

(ii) নিকট দৃষ্টিগ্ৰস্ততাৰ বাবে ফ’কাছ দৈৰ্ঘ্য় (f) = 1/(-1.5) = -0.67 m

Question 6: নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্মুখত 80 cm দূৰত্বত। এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান?

Answer: ইয়াত, লক্ষ্য়বস্তুৰ দূৰত্ব (u) = α (অসীম)

প্ৰতিবিম্বৰ দূৰত্ব (v) = −80 cm

ফকাছ দৈৰ্ঘ্য় (f) =?

লেন্সৰ সূত্ৰৰ পৰা –

গতিকে মানুহজনৰ বিকাৰ সংশোধনৰ বাবে −1.25 Dক্ষমতাৰ এখন অৱতল লেন্সৰ প্ৰয়োজন।

Question 7: দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্ৰ অংকন কৰা। দূৰ দৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 1m। এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ ক্ষমতা কিমান? ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 cm ।

Answer: ইয়াত,

লক্ষ্য়বস্তুৰ দূৰত্ব (u) = −25 cm

প্ৰতিবিম্বৰ দূৰত্ব(v) = − 1 m = − 100 cm

ফকাছ দৈৰ্ঘ্য় (f) = ?

লেন্সৰ সূত্ৰৰ পৰা –

গতিকে উক্ত বিকাৰটো সংশোধনৰ বাবে +3.0 D ক্ষমতাৰ এখন উত্তল লেন্সৰ প্ৰয়োজন।

Question 8: সাধাৰণ চকুৱে এটা 25 cm তকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয়?

Answer: সাধাৰণ চকুৱে এটা 25 cm তকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কাৰণ চকুৰ চিলিয়াৰী পেশী এক নিৰ্দিষ্ট পৰিসৰতকৈ বেছি প্ৰসাৰিত হব নোৱাৰে।

Question 9: চকুৰ পৰা লক্ষ্য়বস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয়?

Answer: যিহেতু চকুৰ আকাৰ বৃদ্ধি বা কম কৰিব নোৱাৰি, সেয়ে চকুৰ পৰা লক্ষ্য়বস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ একে থাকে। যেতিয়া চকুৰ পৰা লক্ষ্য়বস্তুৰ দূৰত্ব বঢ়াই নিয়া হয়, ইয়াৰ সৈতে আমাৰ চকুৱে তাৰ ফ’কাছ দৈৰ্ঘ্য়ৰ সলনি কৰে, যাতে প্ৰতিবিম্বটো সদায় ৰেটিনাত গঠিত হয়।

Question 10: তৰাই তিৰবিৰাই কিয়?

Answer: তৰাবোৰৰ পৰা অহা পোহৰৰ পৃথিৱীৰ বায়ুমণ্ডলৰ দ্বাৰা হোৱা প্ৰতিসৰণৰ বাবেই তৰাবোৰ তিৰবিৰাই থাকে। যিহেতু তৰাবোৰ পৃথিৱীৰ পৰা অতি দূৰত অৱস্থিত গতিকে ইহঁতক পোহৰৰ একোটা বিন্দু হিচাপে ধৰিব পাৰি। তৰাৰ পৰা অহা পোহৰৰ গতিপথৰ কিছু পৰিবৰ্তন হৈ থাকে বাবে তৰাৰ আপাত অৱস্থানৰ পৰিবৰ্তন হৈ থাকে আৰু চকুত সোমোৱা তৰাৰ পোহৰ কম বেছি হয়। তৰাটো কেতিয়াবা উজ্জ্বল আৰু কেতিয়াবা ম্লান যেন লাগে। সেইবাবে তৰাবোৰ তিৰবিৰাই থকা দেখা যায়।


Read More Class 10 Science Solutions

  • Chapter 6: জীৱন প্রক্রিয়া
  • Chapter 7: নিয়ন্ত্ৰণ আৰু সমন্বয়
  • Chapter 8: জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?
  • Chapter 9: বংশগতি আৰু ক্ৰমবিকাশ
  • Chapter 12: বিদ্যুৎ
  • Chapter 13: বিদ্যুৎ – প্রবাহৰ চুম্বকীয় ক্রিয়া
  • Chapter 15: আমাৰ পৰিবেশ
  • Chapter 16: প্রাকৃতিক সম্পদৰ-ব্যৱস্থাপনা
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related Articles