NCERT class 10 Maths chapter 1: Real Numbers বাস্তৱ সংখ্যা – অসমীয়াত সম্পূৰ্ণ সমাধান। আমি এই ব্লগত অসমৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৭, ৮, ৯, ১০, ১১ আৰু ১২ শ্ৰেণীৰ বাবে বিনামূলীয়া NCERT সমাধান প্ৰদান কৰোঁ।
এই পৃষ্ঠাত আপুনি দশম শ্ৰেণীৰ গণিত অধ্যায় ১: বাস্তৱ সংখ্যাৰ সম্পূৰ্ণ প্ৰশ্ন আৰু উত্তৰৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ অতিৰিক্ত পৰীক্ষামুখী চুটি প্ৰশ্ন আৰু উত্তৰ আমাৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে আপোনাক অধ্যায়টো অতি ভালদৰে বুজিবলৈ সহায় কৰিব।
Content | NCERT Solution |
Class | Class 10 |
Subject | General Mathematics |
Chapter 1 | Real Numbers (বাস্তৱ সংখ্যা) |
Medium | Assamese Medium |
Class 10 Maths Chapter 1 Solutions – বাস্তৱ সংখ্যা
class-10-maths-chapter-1-ex-1Class 10 Maths Chapter 1 Exercise 1.1 Questions & Answers
Question 1: ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গ.সা.উ. উলিওৱা-
(i) 135 আৰু 225
(ii) 196 আৰু 38220
(iii) 867 আৰু 255
Solution: (i) 135 আৰু 225
ইয়াত, 225 > 135 গতিকে বিভাজন পদ্ধতি ব্যৱহাৰ কৰি পাওঁ –
225 = 135×1+ 90
যিহেতু ভগশেষ 90 ≠ 0, আমি 135 আৰু 90 ৰ ক্ষেত্ৰত বিভাজন পদ্ধতি প্ৰয়োগ কৰি পাওঁ –
135 = 90×1+ 45
নতুন ভাজক 90 আৰু নতুন ভগশেষ 45 ৰ ক্ষেত্ৰত বিভাজন পদ্ধতি প্ৰয়োগ কৰি পাওঁ –
90 = 45×2 + 0
যিহেতু ভগশেষ 0 আৰু ভাজক 45 ।
সেয়ে, 135 আৰু 225ৰ গ.সা.উ. হ’ব 45 ।
(ii) 196 আৰু 38220
ইয়াত, 38220 > 196 গতিকে বিভাজন পদ্ধতি ব্যৱহাৰ কৰি পাওঁ –
38220 = 196×195 + 0
যিহেতু ভগশেষ 0 আৰু ভাজক 195 ।
সেয়ে, 196 আৰু 38220 ৰ গ.সা.উ. হ’ব 45 ।
(iii) 867 আৰু 255
ইয়াত, 867 > 255 গতিকে বিভাজন পদ্ধতি ব্যৱহাৰ কৰি পাওঁ –
867 = 255×3 +102
যিহেতু ভগশেষ 102 ≠ 0, আমি 255 আৰু 102 ৰ ক্ষেত্ৰত বিভাজন পদ্ধতি প্ৰয়োগ কৰি পাওঁ –
255 = 102×2+ 51
নতুন ভাজক 102 আৰু নতুন ভগশেষ 51 ৰ ক্ষেত্ৰত বিভাজন পদ্ধতি প্ৰয়োগ কৰি পাওঁ –
102 = 51×2+ 0
যিহেতু ভগশেষ 0 আৰু ভাজক 51 ।
সেয়ে, 867 আৰু 255ৰ গ.সা.উ. হ’ব 51 ।
Question 2: দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম সংখ্যাই 6q +1, বা 6q+3, বা 6q+5 আৰ্হিৰ , য’ত q এটা কোনোবা অখণ্ড সংখ্যা ।
Solution: ধৰাহল, a যিকোনো যোগাত্মক অযুগ্ম সংখ্যা আৰু b = 6
গতিকে, ইউক্লিডৰ কলনবিধিৰ সহায়ত
a = 6q + r; যত q ≥ 0, আৰু r = 0, 1, 2, 3, 4, 5 কাৰণ 0 ≤ r < 6
গতিকে, a = 6q বা 6q + 1বা 6q + 2 বা 6q + 3 বা 6q + 4 নাইবা 6q + 5
যিহেতু,a অযুগ্ম সংখ্যা, সেয়ে a = 6q বা 6q + 2 বা 6q + 4 হ’ব নোৱাৰে ।
গতিকে, যিকোনো যোগাত্মক অযুগ্ম সংখ্যাই 6q +1, বা 6q+3, বা 6q+5 আৰ্হিৰ ।
Question 3: 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম –খোজ কাঢ়ি কাঢ়ি যাবলগীয়া হ’ল। দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম-খোজ কাঢ়িবলগীয়া হ’ল। তেওলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ’ব ?
Solution: (616 আৰু 32) ৰ গ.সা.উ. য়ে হ’ব খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা ।
এতিয়া, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি
616 = 32×29 + 8
32 = 8×4 + 0
∴ ( 616 আৰু 32) ৰ গ.সা.উ. = 8
গতিকে, খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ’ব 8 টা ।
Question 4: ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m+ 1 আৰ্হিৰ , য’ত m এটা কোনোবা অখণ্ড সংখ্যা ।
Solution: ধৰাহল, a যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b = 3
গতিকে, ইউক্লিডৰ কলনবিধিৰ সহায়ত
a = 3q + r; য’ত q ≥ 0, আৰু r = 0, 1, 2 কাৰণ 0 ≤ r < 3
গতিকে, a = 3q বা 3q + 1 নাইবা 3q + 2
এতিয়া,
a2 = (3q )2 বা (3q + 1)2 নাইবা (3q + 2)2
= (3q )2 বা ( 9q2+6q+1) নাইবা ( 9q2+12q+4)
= 3×(3q2) বা 3×(3q2+2q)+1 নাইবা 3×(3q2+4q)+1
= 3k1 বা 3k2 +1 নাইবা 3k3 +1, য’ত k1, k2 আৰু k3 যিকোনো অখণ্ড সংখ্যা ।
গতিকে, যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m+ 1 আৰ্হিৰ ।
Question 5: ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যি কোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m , 9m +1 নাইবা 9m+8 আৰ্হিৰ ।
Solution: ধৰাহল, a যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b = 3
গতিকে, ইউক্লিডৰ কলনবিধিৰ সহায়ত
a = 3q + r; য’ত q ≥ 0, আৰু r = 0, 1, 2 কাৰণ 0 ≤ r < 3
গতিকে, a = 3q বা 3q + 1 নাইবা 3q + 2
এতিয়া,
(i) যদি a = 3q হয়
a3 = (3q)3 = 27 q3 = 9 (3q3) = 9m
য’ত m এটা অখণ্ড সংখ্যা আৰু m = 3q3
(ii) যদি a = 3q + 1 হয়
a3 = (3q + 1)3
= 27 q3 + 27q2+ 9q2 + 1
= 9 (3q3 +3q2 + q2) + 1 = 9m +1
য’ত m এটা অখণ্ড সংখ্যা আৰু m = 3q3 +3q2 + q2
(iii) যদি a = 3q + 2 হয়
a3 = (3q + 2)3
= 27 q3 +54q2 + 36q2 + 1
= 9 (3q3 + 6q2 + 4q2) + 1 = 9m +2
য’ত m এটা অখণ্ড সংখ্যা আৰু m =3q3 + 6q2 + 4q2
গতিকে, যি কোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m , 9m +1 নাইবা 9m+8 আৰ্হিৰ ।
Class 10 Maths Chapter 1 Exercise 1.2 Questions & Answers
Question 1: প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা ।
(i) 140
(ii) 156
(iii) 3825
(iv) 5005
(v) 7429
Solution: (i) 140 = 2×2×5×7 = 22×5×7
(ii) 156 = 2×2×3×13 = 22×3×13
(iii) 3825 = 3×3×5×5×17 = 32×52×17
(iv) 5005 = 5×7×11×13
(v) 7429 = 17×19×23
Question 2: তলৰ অখণ্ড সংখ্যাকেইযোৰৰ ল.সা.গু. আৰু গ.সা.উ. উলিওৱা । সত্যাপন কৰা যে
ল.সা.গু. × গ.সা.উ. = সংখ্যাদুটাৰ গুণফল
(i) 26 আৰু 91
(ii) 510 আৰু 92
(iii) 336 আৰু 54
Solution: (i) 26 আৰু 91
26 = 2×13
91 = 7×13
গ.সা.উ. (26, 91) = 13
ল.সা.গু. (26, 91) = 2×7×13 = 182
সংখ্যাদুটাৰ গুণফল = 26×91 = 2366
ল.সা.গু.(26, 91) × গ.সা.উ.(26, 91) = 13×182 = 2366
∴ ল.সা.গু. × গ.সা.উ. = সংখ্যাদুটাৰ গুণফল ।
(ii) 510 আৰু 92
510 = 2×3×5×17
92 = 2×2×23
গ.সা.উ. (510, 92) = 2
ল.সা.গু. (510, 92) = 2×2×3×5×17×23 = 23460
সংখ্যাদুটাৰ গুণফল = 510×92 = 46920
ল.সা.গু.(510, 92) × গ.সা.উ.(510, 92) = 2×23460 = 46920
∴ ল.সা.গু. × গ.সা.উ. = সংখ্যাদুটাৰ গুণফল ।
(iii) 336 আৰু 54
336 = 2×2×2×2×3×7 = 24×3×7
54 = 2×3×3×3= 2×33
গ.সা.উ. = 2×3 = 6
ল.সা.গু. = 24×33×7 = 3024
সংখ্যাদুটাৰ গুণফল = 336×54 = 18144
ল.সা.গু. × গ.সা.উ. = 3024×6 = 18144
∴ ল.সা.গু. × গ.সা.উ. = সংখ্যাদুটাৰ গুণফল ।
Question 3: মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ ল.সা.গু. আৰু গ.সা.উ. উলিওৱা ।
(i) 12, 15 আৰু 21
(ii) 17, 23 আৰু 29
(iii) 8, 9 আৰু 25
Solution: (i) 12, 15 আৰু 21
12 = 2×2×3 = 22×3
15 = 3×5
21 = 3×7
গ.সা.উ. = 3
ল.সা.গু. = 22×3×5×7 = 420
(ii) 17, 23 আৰু 29
17 = 1×17
23 = 1×23
29 = 1×29
গ.সা.উ. = 1
ল.সা.গু. = 1×17×23×29 = 11339
(iii) 8, 9 আৰু 25
8 = 2×2×2 = 23
9 = 3×3 = 32
25 = 5×5 = 52
গ.সা.উ. = 1
ল.সা.গু. = 23 ×32 × 52 = 1800
Question 4: দিয়া আছে গ.সা.উ.(306, 657) = 9 । ল.সা.গু.(306, 657) উলিওৱা ।
Solution: গ.সা.উ.(306, 657) = 9
আমি জানো, ল.সা.গু. × গ.সা.উ. = সংখ্যাদুটাৰ গুণফল ।
ল.সা.গু. = সংখ্যাদুটাৰ গুণফল / গ.সা.উ.
= 306×657/9 = 22338
ল.সা.গু.(306, 657) = 22338
Question 5: পৰিক্ষা কৰা, কোনোৱা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 অংকৰে শেষ হ’ব পাৰেনে নাই ।
Solution: যদি কোনো সংখ্যা 0 অংকৰে শেষ হ’বলগীয়া হয়, তেন্তে ই 10 ৰে বিভাজ্য হ’ব লাগিব বা 2 আৰু 5 ৰে বিভাজ্য হ’ব লাগিব কাৰণ 10 = 2×5।
6n ৰ মৌলিক উৎপাদকীকৰণ কৰিলে আমি পাওঁ
6n = (2×3)n
দেখা গ’ল যে 6n ৰ মৌলিক উৎপাদকীকৰণত 5 নাই ।
গতিকে n ৰ যিকোনো মানৰ বাবে 6n, 5 ৰে বিভাজ্য নহয় ।
সেয়ে কোনো স্বাভাৱিক সংখ্যা n ৰ বাবে 6n সংখ্যাটো 0 অংকৰে শেষ নহয় ।
Question 6: 7×11×13+13 আৰু 7×6×5×4×3×2×1+5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা, ব্যাখ্যা কৰা ।
Solution: যৌগিক সংখ্যাবোৰৰ আৰু নিজৰ বাহিৰেও আন উৎপাদক থাকে ।
ইয়াত,
7×11×13+13 = 13(13×(7×11×1+1)
=13×(77+1)
=13×78 =13×13×6
∴ 7×11×13+13 ৰ উৎপাদক 13 আৰু 6। সেয়ে ই এটা যৌগিক সংখ্যা ।
আৰু
7×6×5×4×3×2×1+5 = 5×(7×6×1×4×3×2×1+1)
= 5×(1008+1)
= 5×1009
∴ 7×6×5×4×3×2×1+5 ৰ উৎপাদক 5 আৰু 1009। সেয়ে ই এটা যৌগিক সংখ্যা ।
Question 7: এখন খেল পথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ । খেল পথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ ছোনিয়াৰ 18 মিনিট লাগে, য’ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট । ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে । কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব ?
Solution: ইয়াত,
18 মিনিট আৰু 12 মিনিট ৰ গ.সা.উ.
18 = 2×3×3 = 2×32
আৰু 12 = 2×2×3 = 22×3
18 আৰু 12 ৰ গ.সা.উ. = 22×32 = 36
গতিকে ৰবি আৰু ছোনিয়াই 36 মিনিট পিছত আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব ।
Class 10 Maths Chapter 1 Exercise 1.3 Questions & Answers
Question 1: দেখুওৱা যে √5 অপৰিমেয় ।
Solution: ধৰাহল, √5 পৰিমেয় ।
গতিকে আমি দুটা অখণ্ড সংখ্যা a আৰু b (≠ 0)পাব পাৰো যাতে
√5 = a/b
ধৰাহল, a আৰু b ৰ 1 বাহিৰে বেলেগ সাধাৰণ উপাদক আছে । তেতিয়া আমি এই সাধাৰণ উপাদকটোৰে হৰণ কৰিব পাৰো আৰু ধৰাহল a আৰু b সহমৌলিক ।
গতিকে,
a = b√5
দুয়োপিনে বৰ্গ কৰি
a2 = 5b2
গতিকে a2 , 5 ৰে বিভাজ্য, সেয়ে a, 5 ৰে বিভাজ্য ।
ধৰাহল, a = 5k, ইয়াত k যিকোনো অখণ্ড সংখ্যা ।
(5k)2 = 5b2
⇒ 5k2 = b2
গতিকে b2 , 5 ৰে বিভাজ্য, সেয়ে b, 5 ৰে বিভাজ্য ।
গতিকে a আৰু b ৰ এটা সাধাৰণ উপাদক 5 । কিন্তু a আৰু b সহমৌলিক ।
∴ √5 এটা অপৰিমেয় ।
Question 2: দেখুওৱা যে 3 + 2√5 অপৰিমেয় ।
Solution: ধৰাহল, 3 + 2√5 পৰিমেয় ।
গতিকে আমি দুটা অখণ্ড সংখ্যা a আৰু b (≠ 0)পাব পাৰো যাতে
3 + 2√5 = a/b
⇒ 2√5 = a/b −3
⇒ √5 = (a−3b)/2b
যিহেতু a, b অখণ্ড সংখ্যা, গতিকে (a−3b)/2b পৰিমেয় আৰু সেয়ে √5 পৰিমেয় ।
কিন্তু ইয়ে √5 অপৰিমেয় এই সত্যতাৰ বিৰোধ কৰে । এই বিৰুদ্ধ ফলৰ কাৰণ হ’ল আমি ধৰা 3 + 2√5 পৰিমেয় ।
গতিকে আমি সিদ্ধান্ত পালো যে, 3 + 2√5 অপৰিমেয় ।
Question 3: দেখুওৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয়:
(i) 1/√2
(ii) 7√5
(iii) 6 + √2
Solution: (i) ধৰাহ’ল, 1/√2 পৰিমেয় ।
গতিকে আমি দুটা অখণ্ড সংখ্যা a আৰু b (≠ 0)পাব পাৰো যাতে
1/√2 = a/b
⇒√2 = b/a
যিহেতু a, b অখণ্ড সংখ্যা, গতিকে b/a পৰিমেয় আৰু সেয়ে √2 পৰিমেয় ।
কিন্তু ইয়ে √2 অপৰিমেয় এই সত্যতাৰ বিৰোধ কৰে । এই বিৰুদ্ধ ফলৰ কাৰণ হ’ল আমি ধৰা 1/√2 পৰিমে
গতিকে আমি সিদ্ধান্ত পালো যে, 1/√2 অপৰিমেয় ।গতিকে আমি সিদ্ধান্ত পালো যে, 1/√2 অপৰিমেয় ।
(ii) ধৰাহ’ল, 7/√5 পৰিমেয় ।
গতিকে আমি দুটা অখণ্ড সংখ্যা a আৰু b (≠ 0)পাব পাৰো যাতে
7/√5 = a/b
⇒√5 = 7b/a
যিহেতু a, b অখণ্ড সংখ্যা, গতিকে 7b/a পৰিমেয় আৰু সেয়ে √5 পৰিমেয় ।
কিন্তু ইয়ে √5 অপৰিমেয় এই সত্যতাৰ বিৰোধ কৰে । এই বিৰুদ্ধ ফলৰ কাৰণ হ’ল আমি ধৰা 7√5 পৰিমেয়
গতিকে আমি সিদ্ধান্ত পালো যে, 7√5 অপৰিমেয় ।
(iii) ধৰাহ’ল, 6 + √2 পৰিমেয় ।
গতিকে আমি দুটা অখণ্ড সংখ্যা a আৰু b (≠ 0)পাব পাৰো যাতে
6 + √2 = a/b
⇒√2 = a/b −6
⇒√2 = (a−6b)/b
যিহেতু a, b অখণ্ড সংখ্যা, গতিকে (a−6b)/b পৰিমেয় আৰু সেয়ে √2 পৰিমেয় ।
কিন্তু ইয়ে √2 অপৰিমেয় এই সত্যতাৰ বিৰোধ কৰে । এই বিৰুদ্ধ ফলৰ কাৰণ হ’ল আমি ধৰা 6 + √2 পৰিমেয় ।
গতিকে আমি সিদ্ধান্ত পালো যে, 6 + √2 অপৰিমেয় ।
Class 10 Maths Chapter 1 Exercise 1.4 Questions & Answers
Question 1: দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্তি (সাবধি) নাইবা কোনবোৰৰ নিৰবধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা:
(i) 13/3125
(ii) 17/8
(iii) 64/455
(iv) 15/1600
(v) 29/343
(vi) 23/23.52
(vii) 129/22.57.75
(viii) 6/15
(ix) 35/50
(x) 77/210
Solution: (i) 13/3125
3125 = 5×5×5×5×5 = 55
ইয়াত হৰটো 2n 5m আৰ্হিৰ।
গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্তি (সাবধি) হ’ব ।
(ii) 17/8
8 = 2×2×2 = 23
ইয়াত হৰটো 2n 5m আৰ্হিৰ হয় ।
গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্তি (সাবধি) হ’ব ।
(iii) 64/455
455 = 4×7×13
ইয়াত হৰটো 2n 5m আৰ্হিৰ নহয় ।
গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি নিৰবধি পৌনঃপুনিক হ’ব ।
(iv) 15/1600
1600 = 2×2×2×2×2×2×5×5 = 26 x 52
ইয়াত হৰটো 2n 5m আৰ্হিৰ হয় ।
গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্তি (সাবধি) হ’ব ।
(v) 29/343
343 = 7×7×7 = 73
ইয়াত হৰটো 2n 5m আৰ্হিৰ নহয় ।
গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি নিৰবধি পৌনঃপুনিক হ’ব ।
(vi) 23/23.52
ইয়াত হৰটো 2n 5m আৰ্হিৰ হয় ।
গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্তি (সাবধি) হ’ব ।
(vii) 129/22.57.75
ইয়াত হৰটো 2n 5m আৰ্হিৰ নহয় ।
গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি নিৰবধি পৌনঃপুনিক হ’ব ।
(viii) 6/15
6/15 = 2×3/3×5 = 2/5
ইয়াত হৰটো 2n 5m আৰ্হিৰ হয় ।
গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্তি (সাবধি) হ’ব ।
(ix) 35/50
35/50 = 5×7/2×5×5
= 7/2×5
ইয়াত হৰটো 2n 5m আৰ্হিৰ হয় ।
গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্তি (সাবধি) হ’ব ।
(x) 77/210
77/210 =7×11/2×3×5×7
= 11/2x3x5
ইয়াত হৰটো 2n 5m আৰ্হিৰ নহয় ।
গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি নিৰবধি পৌনঃপুনিক হ’ব ।
Question 2: ওপৰৰ প্ৰশ্ন – 1 ত যিবোৰ পৰিমেয় সংখ্যাৰ পৰিসমাপ্তি দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুওৱা ।
Solution: (i) 13/3125
13/3125 = 13/5×5×5×5×5
= 13/55
= 13×25/55 ×25
= 416/(2×5)5
= 416/105 = 0.00416
(ii) 17/8
17/8 = 17/2×2×2
= 17×53 / 23x53
= 2125/(2×5)3
= 2123/103 = 2.125
(iv) 15/1600
15/1600 = 3×5/2×2×2×2×2×2×5×5
= 3/26x5
= 3×55/26x56
= 3×3125/106
= 9375/106 = 0.009375
(vi) 23/23.52
23/23.52 = 23/23.52 ×5/5
= 23×5/23.53
= 115/103 = 0.115
(viii) 6/15
6/15 = 2×3/3×5
= 2/5
= 2/5 × 2/2
= 4/10 = 0.4
(ix) 35/50
35/50 = 5×7/2×5×5
= 5×7/2×52
= 7/2×5
= 7/10 = 0.7
Question 3: তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে । প্ৰতিটোৰ ক্ষেত্ৰতে ই এটা পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা । যদি ই পৰিমেয় আৰু ই p/q আৰ্হিৰ, তেন্তে ইয়াৰ q ৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি কব পাৰিবা ?
(i) 43.123456789
(ii) 0.120120012000120000…..
(iii) 43.1̅2̅3̅4̅5̅6̅7̅8̅9̅
Solution: (i) 43.123456789
যিহেতু এই সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্তি । গতিকে সংখ্যাটো পৰিমেয় আৰু ই p/q আৰ্হিৰ, য’ত q, 2n 5m আৰ্হিৰ ।
গতিকে q ৰ মৌলিক উৎপাদক 2 বা 5 নাইবা দুয়োটা ।
(ii) 0.120120012000120000….
এই সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্তিও নহয় নিৰবধি পৌনঃপুনিকো নহয় । গতিকে সংখ্যাটো অপৰিমেয় সংখ্যা ।
(iii) 43.1̅2̅3̅4̅5̅6̅7̅8̅9̅
যিহেতু এই সংখ্যাটোৰ দশমিক বিস্তৃতি নিৰবধি পৌনঃপুনিক । গতিকে সংখ্যাটো পৰিমেয় আৰু ই p/q আৰ্হিৰ, য’ত q, 2n 5m আৰ্হিৰ নহয় ।
গতিকে q ৰ মৌলিক উৎপাদক 2 বা 5 ৰ বাহিৰে অন্য এটা উৎপাদক থাকিব ।
More Class 10 Maths Solutions
- Chapter 2: বহুপদ
- Chapter 3: দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ
- Chapter 4: দ্বিঘাত সমীকৰণ
- Chapter 5: সমান্তৰ প্ৰগতি
- Chapter 6: ত্রিভুজ
- Chapter 7: স্থানাংক জ্যামিতি
- Chapter 8: ত্রিকোণমিতিৰ পৰিচয়
- Chapter 9: ত্রিকোণমিতিৰ কিছুমান প্রয়োগ
- Chapter 10: বৃত্ত
- Chapter 11: অংকন
- Chapter 12: বৃত্ত সম্বন্ধীয় কালি
- Chapter 13: পৃষ্ঠকালি আৰু আয়তন
- Chapter 14: পৰিসংখ্যা
- Chapter 15: সম্ভাৱিতা