NCERT class 10 science chapter 14: Sources of Energy শক্তিৰ উৎসসমূহ – অসমীয়াত সম্পূৰ্ণ সমাধান। আমি এই ব্লগত অসমৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৭, ৮, ৯, ১০, ১১ আৰু ১২ শ্ৰেণীৰ বাবে বিনামূলীয়া NCERT সমাধান প্ৰদান কৰোঁ।
এই পৃষ্ঠাত আপুনি দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৪: শক্তিৰ উৎসসমূহৰ সম্পূৰ্ণ প্ৰশ্ন আৰু উত্তৰৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ অতিৰিক্ত পৰীক্ষামুখী চুটি প্ৰশ্ন আৰু উত্তৰ আমাৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে আপোনাক অধ্যায়টো অতি ভালদৰে বুজিবলৈ সহায় কৰিব।
Class 10 Science Chapter 5 Solutions – মৌলৰ পর্যাবৃত্ত শ্ৰণীবিভাজন
(অধ্যায় ১৪: শক্তিৰ উৎসসমূহ)
(In-Text Question & Answer)
Page No. 243 Questions & Answers
Question 1: শক্তিৰ ভাল উৎস কি?
Answer: শক্তিৰ ভাল উৎস হবলৈ হলে তলত উল্লেখ কৰা গুণবোৰ থাকিব লাগিব
(1) যিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমানৰ কাৰ্য কৰে।
(2) যিটো সহজেই উপলব্ধ।
(3) যিটোৰ সঞ্চয় আৰু পৰিবহন সহজসাধ্য়।
(4) যি মিতব্য়য়ী।
Question 2: ভাল ইন্ধন কি?
Answer: যিটো ইন্ধন দহনৰ ফলত প্ৰচুৰ পৰিমানৰ শক্তি পোৱা যায় কিন্তু ধোঁৱা কমকৈ ওলায় আৰু অৱশেষ সৃষ্টি নহয়, তেনে ইন্ধনক ভাল ইন্ধন বোলা হয়।
Question 3: যদি তুমি আহাৰ গৰম কৰিবলৈ যিকনো শক্তিৰ ব্য়ৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো কৰিবা আৰু কিয়?
Answer: আহাৰ গৰম কৰিবলৈ মই প্ৰাকৃতিক গেছ ব্য়ৱহাৰ কৰিম। কাৰণ প্ৰাকৃতিক গেছৰ দহনৰ ফলত ধোঁৱা কমকৈ ওলায়, অৱশেষ নাথাকে আৰু ইয়াক সহজে পৰিবহণ কৰিব পাৰি।
—————–
Page No. 248 Questions & Answers
Question 1: জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি?
Answer: জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ হ’ল
(a) জীৱাশ্মজাত ইন্ধনৰ ভাণ্ডাৰ সীমিত।
(b) জীৱাশ্মজাত ইন্ধনৰ দহনত নিৰ্গত হোৱা কাৰ্বন, নাইট্ৰ’জেন আৰু ছালফাৰৰ আম্লিক অক্সাইডবোৰে আম্লিক বৃষ্টিৰ সৃষ্টি কৰে যাৰ ফলত জল আৰু স্থল সম্পদসমূহৰ ক্ষতি হয়।
(c) এই ইন্ধন দহনৰ ফলত নিৰ্গত হোৱা কাৰ্বন-ডাই-অক্সাইডৰ দৰে গেছে সেউজ গৃহ ক্ৰিয়াৰ সৃষ্টি কৰে।
Question 2: আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয়?
Answer: সমগ্ৰ বিশ্বৰ শক্তিৰ চাহিদা জীৱাশ্মজাত ইন্ধন অথা কয়লা আৰু খনিজ তেলেৰে পূৰণ কৰা হয়। কিন্তু এই ইন্ধনসমূহৰ সৃষ্টি হৈছিল বহু নিযুত বছৰৰ আগেয়ে আৰু ইহঁতৰ ভাণ্ডাৰো সীমিত। জীৱাশ্মজাত ইন্ধন অনবীকৰণযোগ্য় শক্তিৰ উৎস, গতিকে ইয়াক এবাৰ ব্য়ৱহাৰৰ পিছত পুনৰাই ব্য়ৱহাৰ কৰিব নোৱাৰি। আকৈ জীৱাশ্মজাত ইন্ধনৰ দহনত নিৰ্গত হোৱা কাৰ্বন, নাইট্ৰ’জেন আৰু ছালফাৰৰ আম্লিক অক্সাইডবোৰে আম্লিক বৃষ্টিৰ সৃষ্টি কৰে যাৰ ফলত জল আৰু স্থল সম্পদসমূহৰ ক্ষতি হয়। এই ইন্ধনসমূহৰ দহনত নিৰ্গত হোৱা কাৰ্বন-ডাই-অক্সাইডৰ দৰে গেছে সেউজ গৃহ ক্ৰিয়াৰ দৰে গুৰুত্বপূৰ্ণ সমস্য়াৰ সৃষ্টি কৰে। সেইবাবে আমি শক্তিৰ বিকল্প উৎস বিচাৰিব লাগে।
Question 3: আমাৰ সুবিধাৰ বাবে বায়ু আৰু জল শক্তিৰ পৰম্পৰাগত ব্য়ৱহাৰৰ কি পৰিবৰ্তন অনা হৈছে?
Answer: বৰ্তমান সময়ত বায়ুকলৰ সহায়ত বিদ্য়ু উপাদনৰ বাবে বায়ু শক্তিক ব্য়ৱহাৰ কৰা হয়। বিদ্য়ুত উপাদনৰ বাবে, বায়ুকলৰ ঘূৰ্ণন গতি ব্য়ৱহাৰ কৰি বৈদ্য়ুতিক জেনেৰেটৰৰ টাৰবাইন ঘূৰোৱা হয়। এক বৃহত অঞ্চলত বহুটো বায়ুকল স্থাপন কৰি প্ৰতিটো বায়ুকলৰ উপাদিত শক্তি একেলগ কৰি বাণিজ্য়িক মাত্ৰাত বিদ্য়ুত শক্তি উপন্ন কৰিব পাৰি। বায়ুুশক্তি এক প্ৰকাৰৰ প্ৰদূষণমুক্ত আৰু নবীকৰণযোগ্য় শক্তিৰ উৎস।
শক্তিৰ আন এটা পৰম্পৰাগত উৎস হ’ল বোৱতী পানীৰ গতি শক্তি বা উচ্চতাত থকা পানীৰ স্থিতি শক্তি। জলশক্তি প্ৰকল্পত অধোগামী পানীৰ স্থিতি শক্তিক বৈদ্য়ুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয়। জল বিদ্য়ুত উপন্ন কৰিবলৈ নদীত যথেষ্ট উচ্চতাৰ বান্ধ নিৰ্মাণ কৰি পানীৰ প্ৰবাহক বাধা দিয়া হয় আৰু তেনেদৰে জলাশয়ত পানী জমা কৰা হয়। জলস্তৰৰ উচ্চতা বৃদ্ধি কৰি প্ৰবাহমান পানীৰ গতিশক্তিলৈ ৰূপান্তৰ কৰা হয়। বান্ধৰ ওপৰৰ স্তৰৰ পানী পাইপৰ সহায়ত বান্ধৰ পাদদেশত থকা টাৰবাইন ঘূৰোৱা হয়। জলশক্তি এক প্ৰকাৰৰ নবীকৰণযোগ্য় শক্তিৰ উৎস।
—————
Page No. 253 Questions & Answers
Question 1: কোন ধৰণৰ দাপোন অৱতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্য়ৱহাৰ বাবে উৎকৃষ্ট? কিয়?
Answer: অৱতল দাপোন সৌৰ কুকাৰত ব্য়ৱহাৰ বাবে উৎকৃষ্ট। কাৰণ সৌৰ কুকাৰৰ ক্ষেত্ৰত সূৰ্যৰ পোহৰ এটা বিন্দুতে একত্ৰিত কৰিব লাগে, যাতে অধিক পৰিমাণে তাপ উপন্ন হয়। যিহেতু অৱতল দাপোনে সূৰ্যৰ পোহৰ এটা বিন্দুলৈ অভিসাৰী কৰে। সেইবাবে সৌৰ কুকাৰত অৱতল দাপোন ব্য়ৱহাৰ কৰা হয়।
Question 2: মহাসমুদ্ৰৰ পাৰ পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি?
Answer: মহাসমুদ্ৰৰ পাৰ পাব পৰা শক্তিৰ সীমাবদ্ধতাবোৰ তলত উল্লেখ কৰা হ’ল —
1. পৃথিৱীৰ ওপৰত চন্দ্ৰৰ মহাকৰ্ষণিন টানৰ বাবে সাগৰৰ জলস্তৰ উঠা নমা কৰে। এই পৰিঘটনাটোক জোৱাৰ আৰু ভাতা বোলে। সুমুদ্ৰলৈ যোৱা এটা ঠেক পথত বান্ধ নিৰ্মাণ কৰি জোৱাৰ-ভাতাৰ শক্তি আহৰণ কৰা হয়। বান্ধৰ মুখত সংস্থাপিত টাৰবাইন এটাই জোৱাৰ ভাতাৰ শক্তিক বৈদ্য়ুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয়। কিন্তু এনে বান্ধ নিৰ্মাণ কৰিব পৰা উপযুক্ত স্থানৰ অভাৱ।
2. সমুদ্ৰৰ উপকূল অঞ্চলত উঠা প্ৰকাণ্ড প্ৰকাণ্ড তৰংগৰ গতি শক্তি আহৰণ কৰিও বিদ্য়ুত শক্তি উৎপাদন কৰিব পাৰি। যিবোৰ স্থানত তৰংগবোৰ অতিশয় শক্তিশালী তেনেবোৰ স্থানতহে তৰংগ শক্তিৰ ব্য়ৱহাৰ ফলপ্ৰসূ।
3. সাগৰ বা মহাসাগৰৰ পৃষ্ঠৰ পানীভাগ সূৰ্যৰ তাপত গৰম হয় কিন্তু গভীৰ অঞ্চলসমূহৰ পানী তুলনামূলকভাবে শীতল অৱস্থাত থাকে। সমুদ্ৰ তাপীয় শক্তি ৰূপান্তৰ প্ৰকল্পত উষ্ণতাৰ এই পাৰ্থক্য়ৰ আধাৰত শক্তি উৎপাদন কৰা হয়। ইয়াৰ প্ৰকল্পৰ সীমাবদ্ধতাটো হ’ল পৃষ্ঠ আৰু পৰ্যন্ত গভীৰতাত থকা পানীৰ উষ্ণতাৰ পাৰ্থক্য় বা ততোধিক হ’ব লাগে।
Question 3: তাপীয় শক্তি কি?
Answer: ভূতাত্বিক পৰিবৰ্তনৰ ফলত ভূত্বকৰ গভীৰতৰ উষ্ণ অঞ্চলত উৎপন্ন হোৱা তাপ শক্তিক ভূ-তাপীয় বা তাপীয় শক্তি বোলা হয়।
Question 4: নিউক্লীয় শক্তিৰ সুবিধাসমূহ কি কি?
Answer: নিউক্লীয় শক্তিৰ সুবিধাসমূহ হ’ল —
1. ইউৰেনিয়ামৰ এটা নিউক্লিয়াছৰ নিউক্লীয় বিয়োজনত, কয়লাৰ পৰা পোৱা কাৰ্বন নিউক্লীয়াচ এটাৰ দহনৰ তুলনাত 10নিযুত গুণ শক্তি উৎপন্ন হয়।
2. বিদ্য়ুত উৎপাদনৰ বাবে নিৰ্মাণ কৰা নিউক্লীয় ৰিয়েক্টৰৰ পৰা নিয়ন্ত্ৰিত হাৰত শক্তি পোৱা যায়।
3. নিৰ্গত শক্তিক বাষ্প উৎপাদন আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত বিদ্য়ুত উৎপাদনৰ বাবে ব্য়ৱহাৰ কৰিব পাৰি।
——————-
Page No. 253 Questions & Answers
Question 1: শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ’ব পাৰেনে কিয় পাৰে বা কিয় নোৱাৰে?
Answer: সকলো প্ৰকাৰৰ শক্তিৰ উৎস প্ৰদূষণমুক্ত নহয়। উদাহৰণস্বৰূপে — জীৱাশ্মজাত ইন্ধন (যেনে কয়লা, খনিজ তেল আদি) ৰ দহনৰ ফলত নিৰ্গত হোৱা কাৰ্বন, নাইট্ৰজেন আৰু ছালফাৰৰ অক্সাইডসমূহৰ আম্লিক অক্সাইডে আম্লিক বৃষ্টি আৰু কাৰ্বন-ডাই-অক্সাইডৰ দৰে গেছে সেউজ গৃহ ক্ৰিয়াৰ সৃষ্টি কৰে। আনহাতে, বায়ু শক্তি, সৌৰ শক্তি আদিয়ে কোনো পৰিৱেশ প্ৰদূৰ্ষণ নকৰে।
Question 2: ৰকেট ইন্ধন হিচাপে হাইড্ৰজেন ব্য়ৱহাৰ হয়। তোমালোকে ইয়াক চি এন জি (CNG) তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য় কৰিবা নেকি ? কিয় কৰিবা বা কিয় নকৰা?
Answer: হাইড্ৰজেন, চি এন জি (CNG) তকৈ পৰিষ্কাৰ ইন্ধন। কাৰণ হাইড্ৰজেনক ইন্ধন হিচাপে ব্য়ৱহাৰ কৰোঁতে কোনো অৱশেষ নাথাকে আৰু ইয়াক দহন কৰিলে কোনো সেউজগৃহ গেছ নিৰ্গত নহয়। আনহাতে, চি এন জি (CNG)ৰ দহনৰ ফলত কিছু পৰিমাণে কাৰ্বন নিৰ্গত হয়। সেয়েহে হাইড্ৰজেন, চি এন জি (CNG) তকৈ পৰিষ্কাৰ ইন্ধন।
—————
Page No. 254 Questions & Answers
Question 1: তুমি নবীকৰণযোগ্য় বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।
Answer: নবীকৰণযোগ্য় শক্তিৰ দুটা উৎসৰ নাম হ’ল সৌৰশক্তি আৰু বায়ুশক্তি। এই দুয়োবিধ শক্তিৰ উৎসই কোনো প্ৰদূৰ্ষনৰ সৃষ্টি নকৰে আৰু ইহঁতৰ ভঁৰাল সীমিত নহয়। আনহাতে অন্য় শক্তিৰ উৎস যেনে — জীৱাশ্মজাত ইন্ধন,নিউক্লীয় শক্তিৰ উৎস আদিৰ ভঁৰাল সীমিত আৰু ইহঁতৰ দ্বৰা পৰিৱেশ প্ৰদূৰ্ষিত হয়।
Question 2: তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।
Answer: ক্ষয়িষ্ণু শক্তিৰ দুটা উৎসৰ নাম হ’ল
1. কয়লা: আজিৰ পৰা কেইবাশ হাজাৰ বছৰ আগতে বিভিন্ন কাৰণত পৃথিৱীৰ পৃষ্ঠত থকা উদ্ভিদ আৰু প্ৰাণীবোৰ মাটিৰ তলত পোত গৈ পিছত কয়লাৰ সৃষ্টি কৰিছে। বৰ্তমান সময়ত কয়লাবোৰ বৃহ পৰিমাণে শিল্প উদ্য়োগ, কাৰখানা আদিত প্ৰতি দিনে ব্য়ৱহাৰ কৰাৰ ফলত প্ৰায় শেষ হোৱাৰ পথত। কাৰণ কয়লাৰ ভঁৰাল সীমিত আৰু ইয়াক কেৱল এবাৰহে ব্য়ৱহাৰ কৰিব পাৰি।
2. খনিজ তেল: খনিজ তেল পৃথিৱীৰ খোলৰ ভিতৰত পোৱা এটা অতি গুৰুত্বপূৰ্ণ শক্তিৰ উৎস। ইয়াক খনিসমূহৰ সহায়ত উলিয়াই পেট্ৰল, ডিজেল আদিলৈ নিষ্কাশন কৰা হয়। বিভিন্ন যান-বাহন আদিত নিতৌ ব্য়ৱহাৰ কৰাৰ ফলত নিঃশেষ হৈ যোৱাৰ সম্ভাৱনা বেছি। কাৰণ ইহঁতক এবাৰ ব্য়ৱহাৰ কৰাৰ পিছত পুনৰ ব্য়ৱহাৰ কৰিব নোৱাৰি বা ঘূৰাই পোৱা নাযায়।
———————
(অধ্যায় ১৪: শক্তিৰ উৎসসমূহ)
(Exercise Question & Answer)
Question 1: পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্য়ৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা
(a) ৰৌদ্ৰোজ্বল দিন
(b) ডাৱৰীয়া দিন
(c) গৰম দিন
(d) বতাহে কোবোৱা দিন।
Answer: (b) ডাৱৰীয়া দিন
Question 2: তলৰ কোনটো জীৱ ভৰ শক্তিৰ উসৰ উদাহৰণ নহয়?
(a) খৰি
(b) গোবৰ গেছ
(c) নিউক্লীয় শক্তি
(d) কয়লা।
Answer: (c) নিউক্লীয় শক্তি
Question 3: আমি ব্য়ৱহাৰ কৰা শক্তিৰ সৰহ সংখ্য়ক উসৰ শক্তি হল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয়?
(a) ভূ-তাপীয় শক্তি
(b) বায়ু শক্তি
(c) নিউক্লীয় শক্তি
(d) জৈৱ উপাদান।
Answer: (c) নিউক্লীয় শক্তি
Question 4: শক্তিৰ প্ৰত্য়ক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰশক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য় দেখুওৱা।
Answer: জীৱাশ্মজাত ইন্ধন আৰু সৌৰশক্তিৰ তুলনা তলত উল্লেখ কৰা হ’ল
জীৱাশ্মজাত ইন্ধন | সৌৰশক্তি |
---|---|
1. জীৱাশ্মজাত ইন্ধন (কয়লা, খনিজ তেল আদি) ৰ দহনৰ ফলত নিৰ্গত হোৱা গেছসমূহে বায়ু প্ৰদূৰ্ষণ কৰে। | 1. সৌৰশক্তিৰ ব্য়ৱহাৰৰ ফলত কোনো ধৰণৰ প্ৰদূৰ্ষণ নহয়। |
2. জীৱাশ্মজাত ইন্ধন এক প্ৰকাৰৰ অনবীকৰণযোগ্য় শক্তিৰ উস। | 2. সৌৰশক্তি এটা নবীকৰণযোগ্য় শক্তিৰ উস। |
3. ইয়াৰ ভঁণ্ডাৰ সীমিত। | 3. ইয়াৰ ভঁণ্ডাৰ সীমিত নহয়। |
Question 5: শক্তিৰ উৎস হিচাপে জৈৱ উপাদান আৰু জলবিদ্য়ুতৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য় দেখুওৱা।
Answer: শক্তিৰ উৎস হিচাপে জৈৱ উপাদান আৰু জলবিদ্য়ুতৰ তুলনা তলত উল্লেখ কৰা হ’ল
জৈৱ উপাদান | জলবিদ্য়ুত |
---|---|
1. জৈৱ উপাদানসমূহ উদ্ভিদ আৰু প্ৰাণীসমূহৰ পৰা আহৰণ কৰা হয়। | 1. জলবিদ্য়ুত এক প্ৰাকৃতিকভাৱে আহৰণ কৰা শক্তিৰ উস। |
2. জৈৱ উপাদান অনবীকৰণযোগ্য় শক্তিৰ উস। | 2. জলবিদ্য়ুত নবীকৰণযোগ্য় শক্তিৰ উস। |
3. জৈৱ উপাদানসমূহৰ দহনৰ ফলত বায়ু প্ৰদূৰ্ষণ হয়। | 3. জলবিদ্য়ুতৰ পৰা কোনো বায়ু প্ৰদূৰ্ষণ নহয়। |
Question 6: তলত দিয়া উসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি ?
(a) বতাহ
(b) তৰংগ
(c) জোৱাৰ-ভাতা
Answer: (a) বতাহ শক্তিৰ সীমাবদ্ধতা হ’ল —
1. বতাহ শক্তি আহৰণৰ বাবে পামসমূহ সেইবোৰ স্থানতহে প্ৰতিষ্ঠা কৰিব পাৰি, যিবোৰ ঠাইত বছৰৰ প্ৰায় সকলো সময়তে বতাহ বলি থাকে। ইয়াৰ দ্ৰুতি প্ৰতি ঘন্টাত তকৈ বেছি হ’ব লাগিব।
2. বতাহ শক্তিৰ পামসমূহ স্থাপনৰ বাবে বৃহ অঞ্চলৰ প্ৰয়োজন হয়।
3. পাম এখন প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়োজন হোৱা প্ৰাৰম্ভিক খৰচো অতি বেছি হয়।
(b) তৰংগ শক্তিৰ সীমাবদ্ধতা হ’ল —
1. যিবোৰ সাগৰীয় উপকূলত তৰংগবোৰ অতিশয় শক্তিশালী সেইবোৰ স্থানতহে তৰংগ শক্তিৰ ব্য়ৱহাৰ ফসপ্ৰসূ হয়।
2. সুবিধাজনকভাবে টাৰবাইন প্ৰতিষ্ঠান কৰিবলৈ উপযুক্ত উপকূলীয় অঞ্চলৰ অভাৱ।
3. তৰংগ শক্তিৰ পৰা বিদ্য়ুত উপাদন কৰিবলৈ অনেক প্ৰকাৰৰ সঁজুলিৰ প্ৰয়োজন হয়।
(c) জোৱাৰ-ভাতাৰ সীমাবদ্ধতা হ’ল —
1. সমুদ্ৰলৈ যোৱাা এটা ঠেক পথত বান্ধ নিৰ্মাণ কৰি জোৱাৰ-ভাতাৰ পৰা শক্তি আহৰণ কৰা হয়। যিহেতু এনেবোৰ ঠাই সীমিত সেয়েহে এই প্ৰকাৰে সীমিত পৰিমাণেহে শক্তি আহৰণ কৰিব পাৰি।
2. জোৱাৰ-ভাতাৰ পৰা শক্তি আহৰণৰ ফলত সেই অৱবাহিকাৰ চাৰিওফালৰ পৰিস্থিতন্ত্ৰৰ পৰিবৰ্তন হোৱা দেখা যায়।
Question 7: কি আধাৰত শক্তিৰ উসসমূহ
(a) নবীকৰণযোগ্য় আৰু অনবীকৰণযোগ্য়
(b) ক্ষয়িষ্ণু আৰু অক্ষয়িষ্ণু
বুলি শ্ৰেণীভুক্ত কৰিবা? (a) আৰু (b)ত উল্লেখ কৰা বছন একেই নে?
Answer: (a) নবীকৰণযোগ্য়: যিবোৰ শক্তিৰ উৎসক আমি নিৰৱচ্ছিন্নভাৱে ব্য়ৱহাৰ কৰিব পাাৰো যিটো শেষ নহয়, তেনে শক্তিৰ উৎসক নবীকৰণযোগ্য় শক্তিৰ উৎস বুলি কোৱা হয়। উদাহৰণস্বৰূপে — সৌৰশক্তি, বায়ু শক্তি আদি নবীকৰণযোগ্য় শক্তিৰ উৎস।
অনবীকৰণযোগ্য়: যিবোৰ শক্তিৰ উৎসক আমি এবাৰ ব্য়ৱহাৰ কৰাৰ পিছতেই শেষ হৈ যায় তেনেবোৰ শক্তিৰ উৎসসমূহক অনবীকৰণযোগ্য় শক্তিৰ উৎস বুলি কোৱা হয়। উদাহৰণস্বৰূপে — কয়লা, পেট্ৰল, ডিজেল আদি অনবীকৰণযোগ্য় শক্তিৰ উৎস।
(b) ক্ষয়িষ্ণু: যিবোৰ ইন্ধন এবাৰ ব্য়ৱহাৰৰ পিছতেই শেষ হৈ যায়, তেনেবোৰ শক্তিৰ উসসমূহক ক্ষয়িষ্ণু শক্তিৰ উৎস বোলা হয়। উদাহৰণস্বৰূপে — কয়লা, পেট্ৰল, ডিজেল আদি ক্ষয়িষ্ণু শক্তিৰ উৎস।
অক্ষয়িষ্ণু: যিবোৰ শক্তিৰ উৎসক আমি বাৰে বাৰে ব্য়ৱহাৰ কৰিব পাৰো যিটো শেষ নহয়, তেনেববোৰ শক্তিৰ উৎসসমূহক অক্ষয়িষ্ণু শক্তিৰ উৎস বোলা হয়। উদাহৰণস্বৰূপে — সৌৰশক্তি, বায়ু শক্তি আদি অক্ষয়িষ্ণু শক্তিৰ উৎস।
গতিকে ক’ব পাৰি যে (a) আৰু (b)ত উল্লেখ কৰা বছন একেই।
Question 8: এটা আদৰ্শশক্তি উৎসৰ গুণসমূহ কি কি ?
Answer: এটা আদৰ্শশক্তি উৎসৰ গুণসমূহ হ’ল —
(1) যিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমানৰ কাৰ্য কৰে।
(2) যিটো সহজেই উপলব্ধ।
(3) যিটোৰ সঞ্চয় আৰু পৰিবহন সহজসাধ্য়।
(4) যি মিতব্য়য়ী।
Question 9: সৌৰ চুলা ব্য়ৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি? এনে স্থান আছেনে য’ত সৌৰ চুলাৰ ব্য়ৱহাৰ সীমিত?
Answer: সৌৰ চুলা ব্য়ৱহাৰৰ সুবিধাসমূহ হ’ল —
1) ই এটা প্ৰদূৰ্ষণমুক্ত শক্তিৰ বিকল্প উস।
2) ইটো বেছি ব্য়য়বহুল নহয়।
3) ই এটা ভাল নবীকৰণযোগ্য় শক্তিৰ উস।
সৌৰ চুলা ব্য়ৱহাৰৰ অসুবিধাসমূহ হ’ল —
1) সৌৰ চুলা কেৱল দিনৰ ভাগতহে ব্য়ৱহাৰ কৰিব পাৰি।
2) ডাৱৰিয়া বতৰত সৌৰ চুলা ব্য়ৱহাৰ কৰিব নোৱাৰি।
3) যিবোৰ ঠাইত সূূৰ্যৰ পোহৰ।
———————
Read More Class 10 Science Solutions (Assamese Medium) | |
---|---|
Chapter 1 | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ |
Chapter 2 | এছিড, ক্ষাৰক আৰু লৱন |
Chapter 3 | ধাতু আৰু অধাতু |
Chapter 4 | কাৰ্বন আৰু তাৰ যৌগ |
Chapter 5 | মৌলৰ পর্যাবৃত্ত শ্ৰণীবিভাজন |
Chapter 6 | জীৱন প্রক্রিয়া |
Chapter 7 | নিয়ন্ত্ৰণ আৰু সমন্বয় |
Chapter 8 | জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? |
Chapter 9 | বংশগতি আৰু ক্ৰমবিকাশ |
Chapter 10 | পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ |
Chapter 11 | মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী |
Chapter 12 | বিদ্যুৎ |
Chapter 13 | বিদ্যুৎ – প্রবাহৰ চুম্বকীয় ক্রিয়া |
Chapter 14 | শক্তিৰ উৎসসমূহ |
Chapter 15 | আমাৰ পৰিবেশ |
Chapter 16 | প্রাকৃতিক সম্পদৰ-ব্যৱস্থাপনা |