NCERT class 10 science chapter 3: Metals And Non Metals ধাতু আৰু অধাতু – অসমীয়াত সম্পূৰ্ণ সমাধান। আমি এই ব্লগত অসমৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৭, ৮, ৯, ১০, ১১ আৰু ১২ শ্ৰেণীৰ বাবে বিনামূলীয়া NCERT সমাধান প্ৰদান কৰোঁ।
এই পৃষ্ঠাত আপুনি দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৩: ধাতু আৰু অধাতুৰ সম্পূৰ্ণ প্ৰশ্ন আৰু উত্তৰৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ অতিৰিক্ত পৰীক্ষামুখী চুটি প্ৰশ্ন আৰু উত্তৰ আমাৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে আপোনাক অধ্যায়টো অতি ভালদৰে বুজিবলৈ সহায় কৰিব।
Class 10 Science Chapter 3 Solutions – ধাতু আৰু অধাতু
(অধ্যায় ৩: ধাতু আৰু অধাতু)
(In-Text Question & Answer)
Question 1: ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু
(i) সাধাৰণ উষ্ণতাত জুলীয়া।
(ii) কটাৰিৰে সহজে কাটিব পাৰি।
(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।
(iv) তাপৰ কম পৰিবাহী।
Answer: (i) সাধাৰণ উষ্ণতাত জুলীয়া ধাতু হ’ল পাৰা।
(ii) কটাৰিৰে সহজে কাটিব পাৰা ধাতু হ’ল লিথিয়াম।
(iii) তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু হ’ল ৰূপ আৰু তাম।
(iv) তাপৰ কম পৰিবাহী ধাতু হ’ল সীহ আৰু পাৰা।
Question 2: ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা।
Answer: আমি জানো ধাতুবোৰ সহনীয় গুণ বিশিষ্ট্য়। ধাতুবোৰক হাতুৰিৰে মৰিয়াই পাতল পাত এচটা বনাব পাৰি।এই ধৰ্মকে ধাতুৰ ঘাত সহনীয়তা বোলা হয়। উদাহৰণস্বৰূপে, সোণ আৰু ৰূপ আটাইতকৈ ঘাত সহনশীল ধাতু। ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিবৰ্তন কৰিব পৰা গুণকে নমনীয়তা বোলা হয়। সোন আটাইতকৈ নমনীয় ধাতু। এক গ্ৰাম সোনক দুই কিলোমিটাৰ দৈৰ্ঘ্য়ৰ তাঁৰলৈ পৰিবৰ্তন কৰিব পাৰি।
Question 3: ছডিয়াম ধাতু কেৰাচিন তেলত ডুবাই ৰখা হয়?
Answer: ছডিয়াম এবিধ অতি সক্ৰিয় ধাতু। ইয়াক মুকুলি অৱস্থাত ৰাখিলে ই অতি কম সময়ৰ ভিতৰতে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ছডিয়াম অক্সাইডলৈ পৰিবৰ্তিত হয়। আকৈ ছডিয়াম ধাতুক পানীত ৰাখিব নোৱাৰি কাৰণ ই পানীৰ লগত প্ৰবল বেগেৰে বিক্ৰিয়া কৰি ছডিয়াম অক্সাইড আৰু হাইড্ৰজেন গেছ উপন্ন কৰে। সেইবাবে ছডিয়াম ধাতু কেৰাচিন তেলত ডুবাই ৰখা হয়।
Question 4: তলৰ বিক্ৰিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্ৰিয়া।
(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্ৰিয়া।
Answer: (i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্ৰিয়া কৰিলে ফেৰাছ ফেৰিক অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। ইয়াৰ ৰাসায়নিক সমীকৰণটো হ’ল –
3 Fe (s) + 4 H2O (g) → Fe3O4
(s) + 4 H2 (g)
(ii) কেলছিয়ামৰ লগত পানীৰ বিক্ৰিয়া বিক্ৰিয়া কৰিলে কেলছিয়াম হাইড্ৰঅক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। ইয়াৰ ৰাসায়নিক সমীকৰণটো হ’ল –
Ca (s) + 2 H2O
(l) → Ca(OH)2 (aq) + H2 (g)
পটেছিয়ামৰ লগত পানীৰ বিক্ৰিয়া বিক্ৰিয়া কৰিলে পটেছিয়াম হাইড্ৰঅক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। ইয়াৰ ৰাসায়নিক সমীকৰণটো হ’ল –
2 K (s) + 2 H2O
(l) → 2 KOH (aq) + H2
(g) + তাপশক্তি
Question 5: A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল। ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে।
ওপৰৰ তালিকা ব্য়ৱহাৰ কৰ A, B, C, D ধাতু সম্বন্ধে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া।
(i) আটাইতকৈ সক্ৰিয় ধাতু কোনটো?
(ii) কপাৰ ছালফেট লৱণত B ধাতু দিলে কি হব?
(iii) A, B, C, D ধাতুক সক্ৰিয়তাৰ নিম্নক্ৰমত সজোৱা।
Answer: (i) B ধাতুটো আটাইতকৈ সক্ৰিয় ধাতু।
(ii) কপাৰ ছালফেট লৱণত B ধাতু দিলে প্ৰতিষ্ঠাপন বিক্ৰিয়া হব।
(iii) A, B, C, D ধাতুক সক্ৰিয়তাৰ নিম্নক্ৰমত সজালে হ’ব – B > A > C > D
Question 6: লঘু হাইড্ৰক্লৰিক এছিডত (HCl) এটা সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰনে লঘু H2SO4 ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা।
Answer: লঘু হাইড্ৰক্লৰিক এছিডত (HCl) এটা সক্ৰিয় ধাতু দিলে হাইড্ৰজেন গেছ উৎপন্ন হয়।
আইৰনে লঘু H2SO4 ৰ লগত বিক্ৰিয়া কৰিলে আইৰন ছালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়।
Fe + H2SO4 → FeSO4 + H2
Question 7: আইৰন (II) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে কি দেখিবা? সংঘটিত হোৱা বিক্ৰিয়াটো লিখা।
Answer: আইৰনতকৈ যিংক অধিক সক্ৰিয় ধাতু। সেইবাবে অাইৰন (II) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে আইৰন প্ৰতিষ্ঠাপিত হ’ব। ইয়াৰ ৰাসায়নিক সমীকৰণটো হ’ল –
FeSO4 + Zn → ZnSO4 + Fe
Question 8: (i) ছডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা।
(ii) ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে Na2O আৰু MgO ৰ গঠন লিখা।
(iii) এই যৌগটোত থকা আয়নসমূহ কি কি?
Answer: (i) ছডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন হ’ল –
ছডিয়াম (Na) (2.8.1)
অক্সিজেন (O) (2.6)
মেগনেছিয়াম (Mg) (2.8.2)
(ii) ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে Na2O আৰু MgO ৰ গঠন হ’ল –
(Na2O)
(MgO)
Question 9: আয়নীয় যৌগৰ গলনাংক কিয় বেছি?
Answer: আয়নীয় যৌগৰ গলনাংক বেছি হয়। কাৰণ ইহঁতৰ আন্তঃ আয়নীয় বিদ্য়ুৎস্থিতীয় আকৰ্ষণ বল অতি প্ৰবল। ইয়াক ভাঙি আয়নবোৰ পৃথক কৰিবলৈ বেছি তাপশক্তিৰ প্ৰয়োজন হয়।
Question 10: তলত দিয়াবোৰৰ সংজ্ঞা লিখা।
(i) মণিক (mineral) (ii) আকৰ (ore) (iii) খনিজ মল (gangue)
Answer: (i) মণিক: পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূত্বকত পোৱা পদাৰ্থবোৰক খনিজ পদাৰ্থ বা মনিক বুলি কোৱা হয়।
(ii) আকৰ: কিছুমান খনিজ পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু ইয়াৰ পৰা ধাতুবিধ লাভজনকভাৱে আহৰণ কৰিব পাৰি। এই ধৰণৰ খনিজ পদাৰ্থবিধক ধাতুটোৰ আকৰিক বা আকৰ বোলা হয়।
(iii) খনিজ মল: খনিৰ পৰা আহৰণ কৰা সময়ত আকৰৰ লগত বহুতো অশুদ্ধি যেনে মাটি, বালি আদি মিহলি হৈ থাকে। এই অশুদ্ধি বা অপদ্ৰৱ্য়বোৰক খনিজ মল বোলা হয়।
Question 11: প্ৰাকৃতিক মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।
Answer: প্ৰাকৃতিক মুক্ত অৱস্থাত পোৱা দুটা ধাতু হল গল্ড আৰু ছিলভাৰ।
Question 12: অক্সাইডৰ পৰা ধাতু উপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়?
Answer: অক্সাইডৰ পৰা ধাতু উপন্ন কৰিবলৈ কাৰ্বনৰ দ্বাৰা বিজাৰিত কৰাৰ উপৰিও প্ৰতিস্থাপন বিক্ৰিয়াও ব্য়ৱহাৰ কৰা হয়।
Question 13: যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হল।
Answer: যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হল।
কোনবিলাক ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব?
Answer:
Question 14: কোনবোৰ ধাতু সহজে ক্ষয় নহয়?
Answer: কম সক্ৰিয় ধাতুবোৰ সহজে ক্ষয় নহয়। উদাহৰণস্বৰূপে, গোল্ড, ছিলভাৰ আদি ধাতুবোৰ সহজে ক্ষয় নহয়।
Question 15: সংকৰ ধাতু কি?
Answer: দুটা তাতোধিক ধাতু নািইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্ৰণকে সংকৰ ধাতু বোলা হয়। উদাহৰণস্বৰূপে, কপাৰ আৰু যিংকৰ সংকৰ ধাতু পিতল (Brass) আৰু কপাৰ আৰু টিনৰ সংকৰ ধাতু ব্ৰঞ্জ (Bronze)।
————–
Class 10 Science Chapter 3 Solutions
(অধ্যায় ৩: ধাতু আৰু অধাতু)
(Exercise Question & Answer)
Question 1: তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব?
(a) NaCl ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
(b) MgCl2 ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু।
(c) FeSO4 ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু।
(d) AgNO3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
Answer: (d) AgNO3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
Question 2: লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হব –
(a) গ্ৰীজ ব্য়ৱহাৰ কৰি
(b) ৰং ব্য়ৱহাৰ কৰি
(c) যিংকৰ প্ৰলেপ দি
(d) ওপৰৰ সকলো
Answer: (c) যিংকৰ প্ৰলেপ দি
Question 3: এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো –
(a) কেলছিয়াম
(b) কাৰ্বন
(c) ছিলিকন
(c) আইৰন
Answer: (a) কেলছিয়াম
Question 4: খাদ্য়বস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়; যিংকৰ নহয়। কিয়নো?
Answer: (a) টিনতকৈ যিংক দামী।
(b) যিংকৰ গলনাংক টিনতকৈ বেছি।
(c) যিংক টিনতকৈ অধিক সক্ৰিয়।
(d) যিংক টিনতকৈ কম সক্ৰিয়।
Answer: (c) যিংক টিনতকৈ অধিক সক্ৰিয়।
Question 5: তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হ’ল।
(a) এই বস্তুবোৰ ব্য়ৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা?
(b) ধাতু/অধাতৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্য়াঙ্কন কৰা।
Answer: (a) আমি জানো ধাতুৰ মাজেৰে বিদ্য়ৎ প্ৰবাহিত হয় কিন্তু অধাতুৰ মাজেৰে বিদ্য়ৎ প্ৰবাহিত নহয়। যদি হাতুৰীৰ মাজেৰে বিদ্য়ৎ প্ৰবাহিত হয় তেন্তে ই ধাতু হব। আনহাতে যদি হাতুৰীটোৰ মাজেৰে বিদ্য়ৎ প্ৰবাহিত নহয় তেন্তে ই অধাতু হব।
Question 6: উভধৰ্মী অক্সাইড কাক বোলে? দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া।
Answer: যিবোৰ ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সিহঁতক উভধৰ্মী অক্সাইড বোলে। দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ হ’ল – এলুমিনিয়াম অক্সাইড (Al2O3) আৰু জিংক অক্সাইড (ZnO)।
Question 7: দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।
Answer: লঘু এছিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰা দুটা ধাতুৰ নাম হ’ল ছডিয়াম আৰু পটেছিয়াম। আনহাতে লঘু এছিডৰ পৰা হাইড্ৰজেন অপসাৰণ নকৰা দুটা ধাতুৰ নাম হ’ল কপাৰ আৰু ছিলভাৰ।
Question 8: M ধাতুৰ বৈদ্য়ুতিক শোধনৰ বেলিকা এনড, কেথড আৰু বিদ্য়ুৎবিশ্লেষ্য় কি ল’ব লাগিব?
Answer: M ধাতুৰ বৈদ্য়ুতিক শোধনৰ ক্ষেত্ৰত –
এনড M ধাতুৰ অশুদ্ধ পাত, কেথড M ধাতুৰ বিশুদ্ধ পাত আৰু বিদ্য়ুৎবিশ্লেষ্য় আৰু বিদ্য়ুৎবিশ্লেষ্য় হিচাপে M ধাতুযুক্ত লৱণ হ’ব লাগিব।
Question 9: প্ৰত্য়ুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে উদ্ভৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুৱা ধৰণে এটা পৰীক্ষানলী ওলোটাকৈ ধৰি সংগ্ৰহ কৰিলে।
(a) (i) শুষ্ক লিটমাছ কাগজৰ লগত
(ii)সিক্ত লিটমাছ কাগজৰ লগত গেছটোৰ বিক্ৰিয়া কেনে হ’ব?
(b) ইয়াত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখা।
Answer: (a) (i) শুষ্ক লিটমাছ কাগজৰ লগত কোনো বিক্ৰিয়া নহয়।
(ii) যদি গেছটো ছালফাৰ ডাই-অক্সাইড হয়, তেন্তে নীলা লিটমাছ
কাগজ ৰঙালৈ পৰিৱৰ্তন হব।
(b) ইয়াৰ সন্তুলিত সমীকৰণটো হ’ল –
S + O2 → SO2
Question 10: লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা।
Answer: লোত মামৰ ধৰা ৰোধ কৰা দুটা উপায় হ’ল –
(i) লোত মামৰ ধৰা ৰোধ কৰিবলৈ ৰং কৰা, তেল সনা, গ্ৰীজ সনা, দস্তা লেপন কৰা আদি প্ৰয়োগ কৰা হয়।
(ii) লোৰ লগত নিকেল আৰু ক্ৰমিয়াম মিহলাই ষ্টেইনলেচ ষ্টিল তৈয়াৰ কৰা হয়। ষ্টেইনলেচ ষ্টিল টান আৰু ইয়াক মামৰ নধৰে।
—————–