NCERT class 10 science chapter 4: Carbon and Its Compounds কাৰ্বন আৰু তাৰ যৌগ – অসমীয়াত সম্পূৰ্ণ সমাধান। আমি এই ব্লগত অসমৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৭, ৮, ৯, ১০, ১১ আৰু ১২ শ্ৰেণীৰ বাবে বিনামূলীয়া NCERT সমাধান প্ৰদান কৰোঁ।
এই পৃষ্ঠাত আপুনি দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৪: কাৰ্বন আৰু তাৰ যৌগৰ সম্পূৰ্ণ প্ৰশ্ন আৰু উত্তৰৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ অতিৰিক্ত পৰীক্ষামুখী চুটি প্ৰশ্ন আৰু উত্তৰ আমাৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে আপোনাক অধ্যায়টো অতি ভালদৰে বুজিবলৈ সহায় কৰিব।
Class 10 Science Chapter 4 Solutions – কাৰ্বন আৰু তাৰ যৌগ
(অধ্যায় ৪: কাৰ্বন আৰু তাৰ যৌগ)
(In-Text Question & Answer)
Page No. 61 Questions & Answers
Question 1: কাৰ্বন ডাই অক্সাইড (CO2) ৰ ইলেকট্ৰন বিন্দু গঠন কি হ’ব?
Answer: কাৰ্বন C ৰ পাৰমাণৱিক সংখ্য়া 6 আৰু অক্সিজেন O ৰ পাৰমাণৱিক সংখ্য়া 8। ইহঁতৰ ইলেকট্ৰনীয় বিন্য়াস ক্ৰমে 2.4 আৰু 2.6। গতিকে, কাৰ্বন ডাই অক্সাইড (CO2) ৰ ইলেকট্ৰন বিন্দু গঠন হ’ব –
Question 2: আঠোটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেকট্ৰন বিন্দু গঠন কি হ’ব?
(ইঙ্গিত — আঠটাকৈ ছালফাৰ পৰমাণু এটা বলয় আকৃতিত আছে।)
Answer: ছালফাৰ ৰ পাৰমাণৱিক সংখ্য়া = 16
ছালফাৰ ৰ ইলেকট্ৰনিক বিন্য়াস ক্ৰমে 2.8.6
এটা ছালফাৰ অণুৰ ইলেকট্ৰন বিন্দু গঠন হ’ব –
————–
Page No. 68 Questions & Answers
Question 1: পেন্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা?
Answer: পেন্টেনৰ বাবে তিনিটা গঠন সমযোগী আঁকিব পাৰি –
Question 2: কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন – যৌগ পাওঁ?
Answer: কাৰ্বনৰ কোন দুটা বিশেষ ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ দেখা পাওঁ –
(i) কেটিনেচন: কাৰ্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি বৃহৎ সংখ্য়ক অণু গঠন কৰিব পাৰে। এই ধৰ্মটোক কেটিনেচন বুলি কোৱা হয়।
(ii) কাৰ্বনৰ চতুৰ্যোজ্য়তা: যিহেতু কাৰ্বনৰ যোজ্য়তা চাৰি গতিকে ই আন চাৰিটা কাৰ্বন অথবা অন্য় একযোজী মৌলৰ পৰমাণুৰ লগত সহযোজী বান্ধনি গঠন কৰিব পাৰে।
Question 3: চাইক্লপেন্টেনৰ সংকেট আৰু ইলেকট্ৰনীয় বিন্দু গঠন লিখা।
Answer: চাইক্লপেন্টেনৰ সংকেট হ’ল C5H10। ইয়াৰ ইলেকট্ৰনীয় বিন্দু গঠন হ’ল –
Question 4: তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা —
(i) ইথানয়িক এছিড
(ii) ব্ৰমপেন্টেন
(iii) বিউটানন
(iv) হেক্সানেল
* ব্ৰমপেন্টেনৰ সমযোগী সম্ভৱনে?
Answer: (i) ইথানয়িক এছিডৰ গঠন চিত্ৰ হল –
(ii) ব্ৰমপেন্টেনৰ সমযোগী বহুত আছে, তাৰে ভিতৰত তলত দিয়াবোৰ প্ৰধান –
Question 5: তলৰ যৌগবোৰৰ নাম লিখা —
Answer: (i) ব্ৰম’ইথেন।
(ii) মেথানল।
(iii) হেক্সিন।
—————
Page No. 71 Questions & Answers
Question 1: ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া?
Answer: ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰোতে অক্সিজেন যোগ হয়। সেইকাৰণে ই এটা জাৰণ বিক্ৰিয়া।
Question 2: লোহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্য়ৱহাৰ কৰা নহয়?
Answer: লোহা জোৰা দিয়া সময়তংঅক্সিজেন আৰু ইথাইন দহন কৰা হয়, কাৰণ সম্পূৰ্ণৰূপে দহন হয় যাৰ ফলত অপচয় হোৱাৰ সম্ভাৱনা কম। কিন্তু বায়ুৰ সৈতে দহন কৰিলে অপচয় হোৱাৰ সম্ভাৱনা বেছি।
————-
Page No. 74 Questions & Answers:
Question 1: পৰীক্ষাৰ সহায়ত এলকহল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি?
Answer: পৰীক্ষাৰ সহায়ত এলকহল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ দেখুৱাবলৈ তলত ঘটনাবোৰ দিয়া হ’ল –
সাধাৰণ উষ্ণতাত ইথানল জুলীয়া, ই ছডিয়ামৰ লগত বিক্ৰিয়া কৰি ইথক্সাইড উৎপন্ন কৰে। ইয়াৰ সমীকৰণটো হ’ল –
ইথানয়িক এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়া ঘটিলে সাধাৰণতে এষ্টাৰ উৎপন্ন কৰে।
Question 2: জাৰক দ্ৰৱ্য় কি?
Answer: যিবোৰ দ্ৰবই আনক অক্সিজেন দিব পাৰে, সেইবোৰ দ্ৰব্য়ক জাৰক দ্ৰৱ্য় বোলা হয়।
——————-
Page No. 76 Questions & Answers
Question 1: অপমাৰ্জক ব্য়ৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক’ব পাৰিবানে?
Answer: অপমাৰ্জকবোৰ হ’ল দীৰ্ঘ শৃংখলযুক্ত ছালফনিক এচিডৰ এমনিয়াম লৱণ। অপমাৰ্জৰ আহিত মেৰুবোৰে কঠিন পানীত থকা কেলছিয়াম আৰু মেগনেছিয়াম আয়নৰ লগত অদ্ৰৱণীয় অধঃক্ষেপ সৃষ্টি নকৰে। সেইবাবে কঠিন পানীতো অপমাৰ্জকবোৰ কাৰ্ষক্ষম হৈ থাকে। চেম্পু বা কাপোৰ ধোৱা নিকাৰক প্ৰস্তুত কৰিবলৈ অপমাৰ্জক ব্য়ৱহাৰ কৰা হয়।
Question 2: কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে। সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচলাত থুকুচে বা ভৰিৰে গছকে, ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰত ভৰাই জোকাৰি দিয়ে। কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জকাৰিব লাগে?
Answer: চাবোনৰ অণুবিলাকৰ দুটা মেৰু থাকে। এটা জলাকৰ্ষী বা জলস্নেহী যি পানীত দ্ৰৱণীয় আনটো জলঘৃণী বা জলবিকৰ্ষী যি হাইড্ৰ’কাৰ্বন দ্ৰৱণীয়। জলপৃষ্টত থকা অৱস্থাত চাবোনৰ জলবিকৰ্ষী পুচ্ছ পানীত দ্ৰৱীভূত নহয় আৰু ধ্ৰূৱীয় মেৰুটো পানীৰ মূৰ কৰি সজ্জিত হয়। এই অৱস্থা সৃষ্টি হবলৈ অণুবোৰ এনেকৈ পুঞ্জীভুত হয় যে জলঘৃণী পুচ্ছ পুঞ্জটোৰ ভিতৰত মূৰ কৰি আৰু ধ্ৰূৱীয় মেৰু পুঞ্জটোৰ বাহিৰত থাকে। ইয়াকে মাইছেল বা কণাপুঞ্জ বোলে।
তেতিয়া মলিবোৰ মাইছেলৰ কেন্দ্ৰত জমা হয় গতিকে চাবোন ফেনৰ কণাপুঞ্জৰ সহায়ত মলি আতৰ হয়। সেইবাবে সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচলাত থুকুচে বা ভৰিৰে গছকে, ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰত ভৰাই জোকাৰি দিয়ে।
—————-
(অধ্যায় ৪: কাৰ্বন আৰু তাৰ যৌগ)
(Exercise Question & Answer)
Question 1: ইথেন (C2H6) অণু এটাত
(a) 6টা সহযোজী বান্ধনি আছে।
(b) 7টা সহযোজী বান্ধনি আছে।
(c) 8টা সহযোজী বান্ধনি আছে।
(d) 9টা সহযোজী বান্ধনি আছে।
Answer: (b) 7টা সহযোজী বান্ধনি আছে।
Question 2: চাৰিটা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলক হ’ল —
(a) কাৰ্বক্সিলিক এছিড
(b) এলডিহাইড
(c) কিট’ন
(d) এলকহল
Answer: (c) কিট’ন
Question 3: ৰন্ধনৰ সময়ত ব্য়ৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক’লা পৰে কিয়নো —
(a) খাদ্য় ভালদৰে নিসিজিল।
(b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।
(c) ইন্ধনটো সিক্ত।
(d) ইন্ধনটো সম্পূৰ্ণকৈ দহন হয়।
Answer: (b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।
Question 4: CH3Cl ৰ উদাহৰণ লৈ সহযোজী বান্ধনিৰ স্বৰূপ ব্য়াখ্য়া কৰা।
Answer: কাৰ্বনৰ যোজক কক্ষত চাৰিটা ইলেকট্ৰন থাকে। কাৰ্বন পৰমাণুৰ ইলেকট্ৰন গ্ৰহণ বা ত্য়াগ কৰাৰ কোনো প্ৰৱণতা নাই। সেইবাবে কাৰ্বনে ইয়াৰ যোজক কক্ষৰ ইলেকট্ৰন অন্য় পৰমাণুৰ সৈতে সমভাগ কৰি সহযোজী বান্ধনিৰ সৃষ্টি কৰে।
উদাহৰণস্বৰূপে, CH3Cl ত কাৰ্বনৰ অষ্টকটো পূৰ্ণ হ’বৰ বাবে চাৰিটা ইলেকট্ৰনৰ আৱশ্য়ক। সেইবাবে কাৰ্বনে তিনিটা হাইড্ৰ’জেন আৰু এটা ক্লৰিণ পৰমাণুৰ সৈতে সহযোজী বান্ধনিৰে যৌগটো গঠন কৰে।
—————
Read More Class 10 Science Solutions (Assamese Medium) | |
---|---|
Chapter 1 | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ |
Chapter 2 | এছিড, ক্ষাৰক আৰু লৱন |
Chapter 3 | ধাতু আৰু অধাতু |
Chapter 4 | কাৰ্বন আৰু তাৰ যৌগ |
Chapter 5 | মৌলৰ পর্যাবৃত্ত শ্ৰণীবিভাজন |
Chapter 6 | জীৱন প্রক্রিয়া |
Chapter 7 | নিয়ন্ত্ৰণ আৰু সমন্বয় |
Chapter 8 | জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? |
Chapter 9 | বংশগতি আৰু ক্ৰমবিকাশ |
Chapter 10 | পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ |
Chapter 11 | মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী |
Chapter 12 | বিদ্যুৎ |
Chapter 13 | বিদ্যুৎ – প্রবাহৰ চুম্বকীয় ক্রিয়া |
Chapter 14 | শক্তিৰ উৎসসমূহ |
Chapter 15 | আমাৰ পৰিবেশ |
Chapter 16 | প্রাকৃতিক সম্পদৰ-ব্যৱস্থাপনা |