NCERT class 12 Chemistry chapter 1: The Solid State কঠিন অৱস্থা – অসমীয়াত সম্পূৰ্ণ সমাধান। আমি এই ব্লগত অসমৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৭, ৮, ৯, ১০, ১১ আৰু ১২ শ্ৰেণীৰ বাবে বিনামূলীয়া NCERT সমাধান প্ৰদান কৰোঁ।
এই পৃষ্ঠাত আপুনি দ্বাদশ শ্ৰেণীৰ ৰসায়ন বিজ্ঞান অধ্যায় ১: কঠিন অৱস্থাৰ সম্পূৰ্ণ প্ৰশ্ন আৰু উত্তৰৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ অতিৰিক্ত পৰীক্ষামুখী চুটি প্ৰশ্ন আৰু উত্তৰ আমাৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে আপোনাক অধ্যায়টো অতি ভালদৰে বুজিবলৈ সহায় কৰিব।
Content | NCERT Solution |
Class | Class 12 |
Stream | Science |
Subject | Chemistry (ৰসায়ন) |
Chapter 1 | The Solid State (কঠিন অৱস্থা) |
Medium | Assamese |
Class 12 Chemistry Chapter 1 Solutions – কঠিন অৱস্থা
Class 12 Chemistry Chapter 1 Intext Questions & Solutions
Page No. 05 Questions & Answers
Question 1: কঠিন পদাৰ্থসমূহ কিয় দৃঢ় হয় লিখা ।
Answer: কঠিন পদাৰ্থসমূহত থকা কণাবোৰ ( যেনে – অণু, পৰমাণু বা আয়ন ) নিৰ্দিষ্ট অৱস্থানত থাকে আৰু এই অৱস্থান সাপেক্ষে কণাবোৰ দুলি থাকে । সেয়ে কঠিন পদাৰ্থসমূহ দৃঢ় হয় ।
Question 2: কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আয়তন থাকে – ইয়াৰ কাৰণ কি ?
Answer: কঠিন পদাৰ্থসমূহত থকা কণাবোৰ এক নিৰ্দিষ্ট ক্ৰমত সজ্জিত হৈ থাকে । ফলত কঠিন পদাৰ্থটো এক নিৰ্দিষ্ট আকৃতি লাভ কৰে । সেয়ে কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আয়তন থাকে ।
Question 3: তলত দিয়াবোৰৰ কোনকেইটা ক্ৰিষ্টেলীয় আৰু কোনকেইটা অনিয়তাকাৰ লিখা –
পলিইউৰেথেন (polyurethane), নেফথেলিন (naphthalene), বেনজয়িক এছিড (benzoic acid), টেফলন (teflon), পটাছিয়াম নাইট্ৰেট (potassium nitrate), চেল’ফেন (cellophane), পলিভিনাইল ক্লৰাইড (polyvinyl chloride), ফাইবাৰ গ্লাছ (fibre glass), কপাৰ (copper) ।
Answer: ক্ৰিষ্টেলীয়: নেফথেলিন (naphthalene), বেনজয়িক এছিড (benzoic acid), পটাছিয়াম নাইট্ৰেট (potassium nitrate), কপাৰ (copper) ।
অনিয়তাকাৰ: পলিইউৰেথেন (polyurethane), টেফলন (teflon), চেল’ফেন (cellophane), পলিভিনাইল ক্লৰাইড (polyvinyl chloride), ফাইবাৰ গ্লাছ (fibre glass) ।
Question 4: গ্লাছক কিয় অতিশীতলীকৃত জুলীয়া পদাৰ্থ বোলা হয় লিখা ।
Answer: অনিয়তাকাৰ পদাৰ্থবোৰৰ জুলীয়া পদাৰ্থৰ দৰে বৈ যোৱাৰ প্ৰৱণতা থাকে । সেইবাবে ইহঁতক অতিশীতলীকৃত জুলীয়া পদাৰ্থ বোলা হয় । যিহেতু গ্লাছ এক প্ৰকাৰৰ অনিয়তাকাৰ পদাৰ্থ আৰু গ্লাছৰো বৈ যোৱাৰ প্ৰৱণতা থাকে । সেয়ে গ্লাছক অতিশীতলীকৃত জুলীয়া পদাৰ্থ বোলা হয় ।
Question 5: এটা কঠিন পদাৰ্থৰ প্ৰতিসৰণাংকৰ মান সকলো দিশতে একে । কঠিন পদাৰ্থটো কেনেকুৱা প্ৰকৃতিৰ হ’ব মতামত দিয়া । পদাৰ্থটোৱে বিভাজন ধৰ্ম দেখুৱাবনে ?
Answer: অনিয়তাকাৰ কঠিন পদাৰ্থসমূহৰ ক্ষেত্ৰত কিছুমান ভৈতিক ৰাশি যেনে- প্ৰতিসৰণাংক, বৈদ্য়ুতিক ৰোধ আদিৰ মান সকলো দিশতে একে হয় । যিহেতু উত্ত কঠিন পদাৰ্থটোৰ ক্ষেত্ৰত প্ৰতিসৰণাংকৰ মান সকলো দিশতে একে । গতিকে ই এটা অনিয়তাকাৰ কঠিন পদাৰ্থ হ’ব ।
অনিয়তাকাৰ কঠিন পদাৰ্থটো তীক্ষ্ণ ছুৰীৰে কাটিলে দুটা টুকুৰা পোৱা যায় আৰু নতুনকৈ সৃষ্টি হোৱা পৃষ্ঠসমূহ অনিয়মিত হয় ।
Page No. 09 Questions & Answers
Question 1: আন্তঃ আণৱিক বলৰ ওপৰত নিৰ্ভৰ কৰি তলত দিয়া কঠিন পদাৰ্থবোৰক শ্ৰেণীবিভক্ত কৰা – পটাছিয়াম ছালফেট, টিন, বেনজিন, ইউৰিয়া, এম’নিয়া, পানী, জিংক ছালফাইড, গ্ৰেফাইড, ৰুবিডিয়াম, আৰ্গন, ছিলিকন কাৰ্বাইড ।
Answer: পটাছিয়াম ছালফেট → আয়নীয় কঠিন পদাৰ্থ
টিন → ধাতব কঠিন পদাৰ্থ
বেনজিন → আণৱিক কঠিন পদাৰ্থ (non-polar )
ইউৰিয়া → আণৱিক কঠিন পদাৰ্থ (polar )
এম’নিয়া → আণৱিক কঠিন পদাৰ্থ (polar )
পানী → হাইড্ৰ’জেন বান্ধনিৰে যুক্ত আণৱিক কঠিন পদাৰ্থ
জিংক ছালফাইড → আয়নীয় কঠিন পদাৰ্থ
গ্ৰেফাইড → সহযোজী কঠিন পদাৰ্থ
ৰুবিডিয়াম → ধাতব কঠিন পদাৰ্থ
আৰ্গন → আণৱিক কঠিন পদাৰ্থ (non-polar )
ছিলিকন কাৰ্বাইড → সহযোজী কঠিন পদাৰ্থ ।
Question 2: A কঠিন পদাৰ্থটো কঠিন আৰু গলিত অৱস্থাত বিদ্যুতৰ অপৰিবাহী । পদাৰ্থটো অতি টান আৰু ই অতি উচ্চ উষ্ণতাত গলে । এই কঠিন পদাৰ্থটো কোন শ্ৰেণীৰ?
Answer: A কঠিন পদাৰ্থটো সহযোজী কঠিন পদাৰ্থ শ্ৰেণীৰ হ’ব ।
[সহযোজী বান্ধনী যথেষ্ট শক্তিশালী আৰু এই বান্ধনীটো নিৰ্দিষ্ট দিশত গঠিত হয় । সেইবাবে সহযোজী কঠিন পদাৰ্থবোৰ যথেষ্ট কঠিন আৰু চনকা হয় । সহযোজী কঠিন পদাৰ্থবোৰৰ গলণাংক অতি বেছি আৰু ইহঁত বিদ্যুত বিদ্য়ুতৰ পৰিবাহী নহয় । কেইটামান সহযোজী কঠিন পদাৰ্থৰ উদাহৰণ হ’ল- হীৰা (Diamond), ছিলিকন কাৰ্বাইড আদি ।]
Question 3: আয়নীয় কঠিন পদাৰ্থই গলিত আৱস্থাত বিদ্যুত পৰিবহন কৰে যদিও কঠিন অৱস্থাত নকৰে । ইয়াৰ কাৰণ ব্যাখ্যা কৰা।
Answer: আয়নীয় কঠিন পদাৰ্থ হ’ল আয়নৰ সমষ্টি । ইয়াত কেটায়ন আৰু এনায়নে ত্ৰিমাত্ৰিকভাৱে সজ্জিত হৈ আয়নীয় কঠিন পদাৰ্থ গঠন কৰে । কঠিন অৱস্থাত ইহঁত স্থিতিবৈবিদ্যুতিক আকৰ্ষণী বলৰ দ্বাৰা যোজিত হৈ থাকে । সেইবাবে কঠিন অৱস্থাত আয়নীয় কঠিন পদাৰ্থই বিদ্যুত পৰিবহন কৰিব নোৱাৰে । কিন্তু গলিত আৱস্থাত পদাৰ্থটোত থকা আয়নবোৰে মুক্তভাৱে গতি কৰিব পাৰে । সেইবাবে আয়নীয় কঠিন পদাৰ্থই গলিত আৱস্থাত বিদ্যুত পৰিবহন কৰে ।
Question 4: কোন শ্ৰেণীৰ কঠিন পদাৰ্থসমূহ বিদ্যুতৰ পৰিবাহী, নমনীয় আৰু ঘাতসহিষ্ণু ?
Answer: ধাতব কঠিন পদাৰ্থসমূহ বিদ্যুতৰ পৰিবাহী, নমনীয় আৰু ঘাতসহিষ্ণু ।
Page No. 15 Questions & Answers
Question 1: লেটিছ বিন্দুৰ তাৎপৰ্য্য লিখা ।
Answer: লেটিছত থকা প্ৰতিটো বিন্দুকে লেটিছ বিন্দু বুলি কোৱা হয় । প্ৰতিটো লেটিছ বিন্দুৱে ক্ৰিষ্টেলটো গঠিত হোৱা কণাক বুজায় । সেই কণাটো এটা পৰমাণু বা এটা অণু বা এটা আয়ন হ’ব পাৰে । এই লেটিছ বিন্দুবোৰ সৰলৰেখাৰে যোগ কৰ লেটিছটোৰ জ্য়ামিতীয় আকৃতি নিৰ্ধাৰন কৰা হয় ।
Question 2: একক কোষ চিহ্নিত কৰা কাৰকবোৰ লিখা ।
Answer: একক কোষ এটা ছয়টা প্ৰাচলৰ সহায়ত চিহ্নিত কৰা হয় । এই কাৰকবোৰ হ’ল-
(i) এটা বিন্দুত মিলিত হৈ থকা তিনিটা দাঁতিৰ দৈৰ্ঘ্যৰ দ্বাৰা । এই দাঁতি দৈৰ্ঘ্যকেইটাক a,b আৰু c ৰে বুজোৱা হয় ।
(ii) দাঁতিসমূহৰ মাজৰ কোণৰ দ্বাৰা । b আৰু c দাঁতিৰ মাজৰ কোণক α, c আৰু a দাঁতিৰ মাজৰ কোণক β, a আৰু b দাঁতিৰ মাজৰ কোণক γ বোলা হয় ।
Question 3: নিম্নোক্তবোৰৰ প্ৰতিযোৰৰ মাজত পাৰ্থক্য দেখুওৱা –
(i) হেক্সাগনেল আৰু মনক্লিনিক একক কোষ
(ii) পৃষ্ঠকেন্দ্ৰিক আৰু প্ৰান্তকেন্দ্ৰিক কোষ
Answer: (i) হেক্সাগনেল একক কোষ: হেক্সাগনেল একক কোষৰ ক্ষেত্ৰত দাঁতিদৈৰ্ঘ্য a = b ≠ c প্ৰকাৰৰ আৰু দাঁতিসমূহৰ মাজৰ কোণ α = β = 90° γ = 120° হয় ।
মনক্লিনিক একক কোষ: মনক্লিনিক একক কোষৰ ক্ষেত্ৰত দাঁতিদৈৰ্ঘ্য a ≠ b ≠ c প্ৰকাৰৰ আৰু দাঁতিসমূহৰ মাজৰ কোণ α = γ = 90° আৰু β ≠ 120° হয় ।
(ii) পৃষ্ঠকেন্দ্ৰিক কোষ: পৃষ্ঠকেন্দ্ৰিক কোষৰ প্ৰতিটো চুকত ক্ৰিষ্টেলটো গঠিত হোৱা কণা এটাকৈ থকাৰ উপৰিও প্ৰতিখন পৃষ্ঠৰ কেন্দ্ৰত একে কণা একোটাকৈ থাকে ।
প্ৰান্তকেন্দ্ৰিক কোষ: প্ৰান্তকেন্দ্ৰিক কোষৰ প্ৰতিটো চুকত ক্ৰিষ্টেলটো গঠিত হোৱা কণা এটাকৈ থকাৰ উপৰিও যি কোনো দুখন পৰস্পৰ বিপৰীতফালে থকা পৃষ্ঠৰ কেন্দ্ৰত একোটাকৈ কণা থাকে ।
Question 4: একক কোষ এটাৰ (i) চুকত আৰু (ii) দেহকেন্দ্ৰিক অৱস্থিত পৰমাণু এটাৰ কিমান অংশ ওচৰৰ একক কোষ এটাৰ ভাগত পৰিব ব্যাখ্যা কৰা।
Answer: (i) একক কোষ এটাৰ চুকত থকা পৰমাণু এটাই আন আঠটা নিকটবৰ্তী একক কোষেৰে ভাগ-বতৰা কৰে । সেইবাবে এই পৰমাণুটোৰ 1/8 অংশহে ওচৰৰ একক কোষ এটাৰ ভাগত পৰিব।
(ii) একক কোষ এটাৰ দেহকেন্দ্ৰিক অৱস্থিত পৰমাণু এটাই কোষটোৰ কেন্দ্ৰত থকাৰ বাবে ই আন কোনো একক কোষেৰে ভাগ-বতৰা নকৰে । সেইবাবে এই পৰমাণুটোৰ কোনো অংশই ওচৰৰ একক কোষ এটাই লাভ নকৰে ।
Page No. 28 Questions & Answers
Question 1: বৰ্গাকাৰ নিৰন্ধ্ৰ সংকুলিত স্তৰত যৌগ এটাৰ দ্বিমাত্ৰিক সমন্বয়ী সংখ্যা কিমান ?
Answer: বৰ্গাকাৰ নিৰন্ধ্ৰ সংকুলিত স্তৰত প্ৰতিটো গোলকে নিকটতম আন চাৰিটা গোলকৰ সংস্পৰ্শত থাকে । গতিকে দ্বিমাত্ৰিক ক্ষেত্ৰত এই সজ্জাত সমন্বয়ী সংখ্যা 4 হ’ব ।
Question 2: এটা যৌগই ষড়ভুজীয় নিৰন্ধ্ৰ সংকুলিত গঠনৰ সৃষ্টি কৰে । এই যৌগটোৰ 0.5 mol ত মুঠতে কিমানটা ৰন্ধ্ৰ আছে ? এইবোৰৰ কিমানটা চতুৰ্ফলকীয় ৰন্ধ্ৰ ?
Answer: 0.5 mol ত থকা মুঠ পৰমাণুৰ সংখ্যা = 0.5 × 6.022 × 1023 = 3.011 × 1023
গতিকে সৃষ্টি হোৱা অষ্টৰ্ফলকীয় ৰন্ধ্ৰৰ সংখ্যা = 3.011 × 1023
আৰু চতুৰ্ফলকীয় ৰন্ধ্ৰৰ সংখ্যা = 2 × 3.011 × 1023 = 6.022 × 1023
মুঠ ৰন্ধ্ৰৰ সংখ্যা = 3.011 × 1023 + 6.022 × 1023 = 9.033 × 1023
Question 3: M আৰু N মৌল দুটাই এটা যৌগ গঠন কৰে । ইয়াৰে N মৌলটোৰ পৰমাণুবোৰে ccp গঠনৰ সৃষ্টি কৰে আৰু M পৰমাণুবোৰে মুঠ চতুৰ্ফলকীয় ৰন্ধ্ৰৰ 1/3অংশ অধিকাৰ কৰে । যৌগটোৰ সংকেত নিৰ্ণয় কৰা ।
Answer: দিয়া আছে, Nমৌলটোৰ পৰমাণুবোৰে ccp গঠনৰ সৃষ্টি কৰে ।
ধৰাহল, Nমৌলটোৰ সংখ্য়া = x
আমি জানো, চতুৰ্ফলকীয় ৰন্ধ্ৰৰ সংখ্যা চতুৰ্ফলক গঠন কৰা পৰমণুৰ সংখ্যাৰ দুগুণ হয় । যিহেতু, M পৰমাণুবোৰে মুঠ চতুৰ্ফলকীয় ৰন্ধ্ৰৰ 1/3 অংশ অধিকাৰ কৰে ।
∴ M মৌলৰ সংখ্য়া = 2x × 1/3
লেটিছটোত M আৰু N পৰমাণুৰ অণুপাত = 2x × 1/3: x = 2 : 3
গতিকে যৌগটোৰ সংকেত হ’ব M2N3
Question 4: তলৰ কোনটো লেটিছত সংকুলন দক্ষতা সৰ্বাধিক
(i) সৰল ঘনকীয়,
(ii) দেহকেন্দ্ৰিক ঘনকীয়,
(iii) ষড়ভুজীয় নিৰন্ধ্ৰ সংকুলিত লেটিছ
Answer: ষড়ভুজীয় নিৰন্ধ্ৰ সংকুলিত লেটিছত সংকুলন দক্ষতা সৰ্বাধিক 74% । আনহাতে, সৰল ঘনকীয় আৰু দেহকেন্দ্ৰিক ঘনকীয় লেটিছত সংকুলন দক্ষতা ক্ৰমে 52.4% আৰু 68% ।
Question 5: এটা মৌলৰ মলাৰ ভৰ 2.7×10-2 kg mol-1 ; মৌলটোৱে ঘনকীয় লেটিছ গঠন কৰে । ইয়াৰ একক কোষৰ দাঁতিদৈৰ্ঘ্য 405 pm আৰু মৌলটোৰ ঘনত্ব 2.7×103 kg m-3 হ’লে ঘনকীয় একক কোষটো কোন শ্ৰেণীৰ ?
Answer: দিয়া আছে ,
মৌলটোৰ মলাৰ ভৰ (M) = 2.7×10-2 kg mol-1
একক কোষৰ দাঁতিদৈৰ্ঘ্য (a) = 405 pm = 405 × 10-12 m
মৌলটোৰ ঘনত্ব (d) = 2.7×103 kg m-3
NA ( Avogrado’s constant) = 6.022 × 1023
আমি জানো, একক কোষৰ ঘনত্ব(d)

গতিকে ঘনকীয় একক কোষটো ccp বা fcc শ্ৰেণীৰ হ’ব ।
Page No. 38 Questions & Answers
Question 1: উত্তপ্ত কৰিলে কঠিন পদাৰ্থ এটাত কেনে ধৰণৰ ক্ৰটিৰ সৃষ্টি হ’ব পাৰে ? ইয়াৰ ফলত পদাৰ্থটোৰ কি ভৌতিক ধৰ্ম কেনে ধৰণে প্ৰভাবান্বিত হ’ব পাৰে লিখা ।
Answer: উত্তপ্ত কৰিলে কঠিন পদাৰ্থ এটাত অনধিকাৰ ক্ৰটিৰ সৃষ্টি হয়। অনধিকাৰ ক্ৰটিৰ ফলত পদাৰ্থটোৰ ঘনত্ব কমে ।
Question 2: তলত উল্লেখ কৰা কঠিন পদাৰ্থ দুটাই কেনেধৰণৰ ষ্টয়কিঅমিতীয় ক্ৰটি দেখুৱায় –
(i) ZnS
(ii) AgBr
Answer: (i) ZnS য়ে ফ্ৰেংকেল ক্ৰটি দেখুৱায় ।
(ii) AgBr য়ে ফ্ৰেংকেল ক্ৰটি আৰু শ্বটকি ক্ৰটি দেখুৱায় ।
Question 3: অশুদ্ধি হিচাপে বেছি যোজ্যতাবিশিষ্ট কেটায়ন আয়নীয় কঠিন পদাৰ্থত সোমালে কেনেদৰে অনধিকৃত স্থানৰ সৃষ্টি হয় ব্যাখ্যা কৰা ।
Answer: যেতিয়া অশুদ্ধি হিচাপে বেছি যোজ্যতাবিশিষ্ট কেটায়ন আয়নীয় কঠিন পদাৰ্থত সোমায় তেতিয়া এই বেছি যোজ্যতাবিশিষ্ট কেটায়নে ক্ৰিষ্টেলটোৰ পৰা এটাতকৈ অধিক কম যোজ্যতাবিশিষ্ট কেটায়নক প্ৰতিষ্ঠাপিত কৰে । ফলত ক্ৰিষ্টেলটোত কিছু স্থান খালি হৈ থাকে ।
উদাহৰণস্বৰূপে – যেতিয়া Sr2+ ক NaCl ৰ লগত যোগ কৰা হয়, তেন্তে Sr2+ আয়নে দুটা Na+ আয়নক প্ৰতিষ্ঠাপিত কৰে । সেইবাবে এটা Sr2+ আয়নে এটা Na+ আয়নৰ স্থান দখল কৰে আৰু আন এটা Na+ আয়নৰ স্থান খালী ৰৈ যায় ।
Question 4: ধাতু – মাত্ৰাধিক্য ক্ৰটিৰ ফলত আয়নীয় কঠিন পদাৰ্থত এনায়নীয় অনধিকৃত স্থানৰ সৃষ্টি হ’লে পদাৰ্থটো ৰঙীণ হয় । উপযুক্ত উদাহৰণেৰে এই পৰিঘটনা ব্যাখ্যা কৰা ।
Answer: ধাতু -মাত্ৰাধিক্য ক্ৰটিত আয়নীয় কঠিন পদাৰ্থত থকা অযুগ্ম ইলেক্ট্ৰনে নিৰ্গত কৰা বিকিৰণৰ বাবেই পদাৰ্থটো ৰঙীণ হয় । উদাহৰণস্বৰূপে – ছ’ডিয়ামৰ বাস্পৰ উপস্থিতিত NaCl ৰ ক্ৰিষ্টেল উত্তপ্ত কৰিলে ক্ৰিষ্টেলটোৰ পৃষ্ঠত ছডিয়াম পৰমাণু জমা হয় । তেতিয়া ক্ৰিষ্টেলত থকা Cl-1 আয়ন পৃষ্ঠলৈ আহি Na পৰমাণুৰ সৈতে যোজিত হৈ NaCl গঠন কৰে । NaCl গঠনৰ বাবে Na পৰমাণুৱে আগতে ইলেকট্ৰন ত্যাগ কৰি Na+ আয়ন উপন্ন কৰে ।
এই নিৰ্গত ইলেকট্ৰনে ক্ৰিষ্টেলৰ ভিতৰলৈ সোমাই এনায়নৰ স্থান অধিকাৰ কৰে । এই স্থানক F- কেন্দ্ৰ বোলে । যেতিয়া ক্ৰিষ্টেলৰ ওপৰত দৃশ্য়মান পোহৰ পৰে ইয়াৰ F- কেন্দ্ৰত থকা ইলেকট্ৰনে এই পোহৰৰ পৰা শক্তি শোষণ কৰি উত্তেজিত অৱস্থালৈ যায় । পুনৰ ভুমিস্তৰ অৱস্থালৈ আহোঁতে ই শোষণ কৰা শক্তিখিনি বিকিৰণ হিচাপে নিৰ্গত কৰে । সেয়ে NaCl ৰ ক্ৰিষ্টেলটো হালধীয়া বৰণৰ হয় ।
Question 5: উপযুক্ত অশুদ্ধিৰে ডপিং কৰি বৰ্গ 14 ৰ মৌল এটাক n – শ্ৰেণীৰ অৰ্ধপৰিবাহীলৈ পৰিবৰ্তিত কৰিব লাগে । এই অশুদ্ধিটো কোন বৰ্গৰ মৌল হ’ব লাগিব ?
Answer: 15 বৰ্গৰ মৌল হ’ব লাগিব ।
Question 6: ভাল স্থায়ী চুম্বকত পৰিণত কৰিবলৈ কেনে ধৰণৰ পদাৰ্থ উপযুক্তঃ ফেৰ’চুম্বকীয় নে ফেৰিচুম্বকীয় ? তোমাৰ উত্তৰৰ সাপেক্ষে যুক্তি দিয়া ।
Answer: ফেৰ’চুম্বকীয় পদাৰ্থ ভাল স্থায়ী চুম্বকত পৰিণত কৰিবলৈ উপযুক্ত । ফেৰ’চুম্বকীয় পদাৰ্থত থকা ধাতৱ আয়নবোৰ সৰু সৰু অঞ্চলত দল বান্ধি থাকে । এই থুপক প্ৰভাৱক্ষেত্ৰ বোলে । এনে প্ৰতি প্ৰভাৱক্ষেত্ৰই একোডাল সূক্ষ্ম চুম্বকৰ দৰে আচৰণ কৰে । চুম্বকত্ব প্ৰদান নকৰা ফেৰ’চুম্বকীয় পদাৰ্থৰ টুকুৰা এটাৰ প্ৰভাৱক্ষেত্ৰসমূহ যাদৃচ্ছিক ক্ৰমত সিঁচৰিত হৈ থাকে । সেয়ে লব্ধ চুম্বকীয় ভ্ৰামকৰ মান শূন্য় হয় । কিন্তু পদাৰ্থটোক চুম্বক ক্ষেত্ৰত ৰাখিলে এই প্ৰভাৱক্ষেত্ৰসমূহৰ সজ্জা অটুট থাকে । সেইবাবে ফেৰ’চুম্বকীয় পদাৰ্থটো স্থায়ী চুম্বকত পৰিণত হয় ।
Class 12 Chemistry Chapter 1 Exercise Questions & Answers
Question 1: অনিয়তাকাৰ কঠিন পদাৰ্থৰ সংজ্ঞা লিখা । এনে পদাৰ্থৰ কেইটামান উদাহৰণ দিয়া ।
Answer: অনিয়তাকাৰ কঠিন পদাৰ্থত পদাৰ্থটোৰ কণাবোৰৰ সজ্জাৰ কোনো নিৰ্দিষ্ট ক্ৰম নাথাকে । অনিয়তাকাৰ কঠিন পদাৰ্থৰগঠন জুলীয়া পদাৰ্থৰ গঠনৰ দৰেই । উদাহৰণস্বৰূপে – গ্লাছ, ৰবৰ আৰু প্লাষ্টিক ।
Question 2: কোৱাৰ্টজৰ দৰে কঠিন পদাৰ্থৰ সৈতে গ্লাছৰ (কাঁচ) পাৰ্থক্য কোনখিনিত ? কি চৰ্ত সাপেক্ষে কোৱাৰ্টজক গ্লাছলৈ পৰিবৰ্তিত কৰিব পাৰি ?
Answer: কোৱাৰ্টজ এটা ক্ৰিষ্টেলীয় কঠিন পদাৰ্থ । ইয়াত থকা কণাবোৰ এক নিদিষ্ট সজ্জাত সজ্জিত হৈ থাকে । আনহাতে কোৱাৰ্টজ গ্লাছ এটা অনিয়তাকাৰ কঠিন পদাৰ্থ । ইয়াত থকা কণাবোৰ কোনো নিদিষ্ট ক্ৰমত সজ্জিত হৈ নাথাকে ।কোৱাৰ্টজক উত্তপ্ত কৰি গ্লাছলৈ পৰিবৰ্তিত কৰিব পাৰি ।
Question 3: তলত উল্লেখ কৰা পদাৰ্থবোৰক আয়নীয়, ধাতৱ, আণৱিক, সহযোজী বা অনিয়তাকাৰ কঠিন পদাৰ্থ হিচাপে শ্ৰেণীবিভক্ত কৰা –
(i) টেট্ৰাফছফৰাছ ডেকাক্সাইড ( P4O10 )
(ii) এমনিয়াম ফছফেট, (NH4)3PO4
(iii) SiC
(iv) I2
(v) P4
(vi) প্লাষ্টিক
(vii) গ্ৰেফাইড
(viii) ব্ৰাছ( পিতল )
(ix) Rb
(x) LiBr
(xi) Si
Answer: আয়নীয় → (ii) এমনিয়াম ফছফেট, (NH4)3PO4 , (x) LiBr
ধাতৱ → (viii) ব্ৰাছ( পিতল ), (ix) Rb
আণৱিক → (i) টেট্ৰাফছফৰাছ ডেকাক্সাইড ( P4O10 ) , (iv) I2 , (v) P4
সহযোজী → (iii) SiC, (vii)গ্ৰেফাইড, (xi) Si
অনিয়তাকাৰ → (vi) প্লাষ্টিক
Question 4: (i) ‘সমন্বয়ী সংখ্যা’ বুলিলে কি বুজা ?
(ii) তলত উল্লেখ কৰা প্ৰতিটোৰ ক্ষেত্ৰত পৰমাণুৰ সমন্বয়ী সংখ্যা কিমান হ’ব লিখা –
(a) ঘনকীয় নিৰন্ধ্ৰ সংকুলিত লেটিছ
(b) দেহকেন্দ্ৰিক ঘনকীয় লেটিছ
Answer: (i) ক্ৰিষ্টেল লেটিছত থকা কণাৰ নিকটতম প্ৰতিৱেশী কণাৰ সংখ্যাকে কণাটোৰ সমন্বয়ী সংখ্যা বোলে ।
(ii) পৰমাণুৰ সমন্বয়ী সংখ্য়া –
(a) ঘনকীয় নিৰন্ধ্ৰ সংকুলিত লেটিছত পৰমাণুৰ সমন্বয়ী সংখ্যা 12
(b) দেহকেন্দ্ৰিক ঘনকীয় লেটিছত পৰমাণুৰ সমন্বয়ী সংখ্যা 8
Question 5: ধাতু এটাৰ ঘনত্ব আৰু একক কোষৰ দাঁতিদৈৰ্ঘ্য জানিলে তাৰপৰা ধাতুটোৰ পাৰমাণৱিক ভৰ কেনেদৰে নিৰ্ধাৰণ কৰিব পাৰি ব্যাখ্যা কৰা ।
Answer: ধৰাহল, একক কোষৰ দাঁতিদৈৰ্ঘ্য a , ক্ৰিষ্টেলটোৰ ঘনত্ব d আৰু পাৰমাণৱিক ভৰ M
∴ একক কোষটোৰ আয়তন = a3
একক কোষটোৰ ভৰ = একক কোষটোত থকা পৰমাণুৰ সংখ্যা = z
প্ৰতিটো পৰমাণুৰ ভৰ = z × m
ইয়াত m হ’ল এটা পৰমাণুৰ ভৰ ।
আমি জানো এটা পৰমাণুৰ ভৰ m = M/NA
ইয়াত NA হ’ল এভগ্ৰেডৰ সংখ্যা ।
আকৈ একক কোষৰ ঘনত্ব = একক কোষটোৰ ভৰ /একক কোষটোৰ আয়তন
বা d = zm/ a3 = zM/ a3NA
∴ পাৰমাণৱিক ভৰ M = d a3NA/z
Question 6: ‘ক্ৰিষ্টেলৰ সুস্থিৰতা তাৰ গলনাংকৰ মানত প্ৰতিফলিত হয়’ – এই সম্পৰ্কে তোমাৰ মতামত দাঙি ধৰা । কঠিন অৱস্থাত থকা পানী, ইথানল, ডাইইথাইল ইথাৰ আৰু মিথেনৰ গলনাংকৰ মান সংগ্ৰহ কৰা । ইয়াৰ সহায়ত এই পদাৰ্থকেইটাত থকা আন্তঃআণৱিক বল সম্বন্ধে তুমি কেনেকুৱা ধাৰণা কৰিব পাৰা ?
Answer: কোনো ক্ৰিষ্টেলৰ সুস্থিৰতা তাৰ গলনাংকৰ মানত নিৰ্ভৰ কৰে । ক্ৰিষ্টেলটোৰ গলণাংকৰ মান বেছি হলে আন্তঃআণৱিক বলৰ মান বেছি হয় । ফলত ক্ৰিষ্টেলটোৰ সুস্থিৰতা বাঢ়ি যায় ।
পদাৰ্থকেইটাৰ গলনাংকৰ মান হল –
পানী → 273.2 K
ইথানল → 159 K
ডাইইথাইল ইথাৰ → 156.8 K
মিথেন → 91.15 K
উপৰৰ তথ্যৰ পৰা কব পাৰি যে উল্লেখিত পদাৰ্থকেইটাৰ ভিতৰত পানীত থকা আন্তঃআণৱিক বলৰ মান আটাইতকৈ বেছি আৰু মিথেনত ইয়াৰ মান আটাইতকৈ কম ।
Question 7: নিম্নোক্তবোৰৰ মাজত পাৰ্থক্য দেখুওৱা –
(i) ষড়ভুজীয় নিৰন্ধ্ৰ সংকুলন আৰু ঘনকীয় নিৰন্ধ্ৰ সংকুলন
(ii) ক্ৰিষ্টেল লেটিছ আৰু একক কোষ
(iii) চতুৰ্ফলকীয় ৰন্ধ্ৰ আৰু অষ্টফলকীয় ৰন্ধ্ৰ
Answer: (i) ষড়ভুজীয় নিৰন্ধ্ৰ সংকুলন আৰু ঘনকীয় নিৰন্ধ্ৰ সংকুলন : ষড়ভুজীয় নিৰন্ধ্ৰ সংকুলনত পৰমাণুৰ সমন্বয়ী সংখ্যা । আনহাতে ঘনকীয় নিৰন্ধ্ৰ সংকুলনত পৰমাণুৰ সমন্বয়ী সংখ্যা ।
(ii) ক্ৰিষ্টেল লেটিছ আৰু একক কোষ : এটা ক্ৰিষ্টেলৰ ত্ৰিমাত্ৰিক ক্ষেত্ৰত সজ্জিত কণাবোৰক দেখুওৱাবলৈ অঁকা চিত্ৰকে ক্ৰিষ্টেল লেটিছ বোলে । আনহাতে ক্ৰিষ্টেল লেটিছটোৰ সূক্ষ্মতম অংশটোক একক কোষ বুলি কোৱা হয় ।
(iii) চতুৰ্ফলকীয় ৰন্ধ্ৰ আৰু অষ্টফলকীয় ৰন্ধ্ৰ : চাৰিটা গোলকৰ জৰিয়তে সৃষ্টি হোৱা ৰন্ধ্ৰক চতুৰ্ফলকীয় ৰন্ধ্ৰ বোলা হয় । আনহাতে 6 টা গোলকৰ জৰিয়তে সৃষ্টি হোৱা ৰন্ধ্ৰক বোলা হয় ।
Question 8: তলত উল্লেখ কৰা প্ৰতিটো লেটিছৰ ক্ষেত্ৰত প্ৰতি একক কোষত থকা লেটিছ বিন্দুৰ সংখ্যা কিমান হব –
(i) পৃষ্ঠকেন্দ্ৰিক ঘনকীয় লেটিছ
(ii) পৃষ্ঠকেন্দ্ৰিক চতুৰ্ভুজীয় লেটিছ
(iii) দেহকেন্দ্ৰিক ঘনকীয় লেটিছ
Answer: (i) পৃষ্ঠকেন্দ্ৰিক ঘনকীয় লেটিছত মুঠ 14 টা লেটিছ বিন্দু থাকে ( 8 টা চুকত আৰু 6 টা পৃষ্টত)
(ii) পৃষ্ঠকেন্দ্ৰিক চতুৰ্ভুজীয় লেটিছত মুঠ 14 টা লেটিছ বিন্দু থাকে ( 8 টা চুকত আৰু 6 টা পৃষ্টত)
(iii) দেহকেন্দ্ৰিক ঘনকীয় লেটিছত মুঠ 9 টা লেটিছ বিন্দু থাকে ( 8 টা চুকত আৰু 1 টা কেন্দ্ৰত)
Question 9: ব্যাখ্যা কৰা –
(i) ধাতব আৰু আয়নীয় ক্ৰিষ্টেলৰ মাজত সাদৃশ্য আৰু পাৰ্থক্যৰ ভেটি
(ii) আয়নীয় কঠিন পদাৰ্থসমূহ টান (hard) যদিও চনকা
Answer: (i) ধাতব আৰু আয়নীয় ক্ৰিষ্টেলৰ মাজত সাদৃশ্য হ’ল ইহঁত দুয়োটাৰে ক্ৰিষ্টেলত স্থিতিবৈদ্যুতিক আকৰ্ষণী বলে ক্ৰিয়া কৰে । ধাতব ক্ৰিষ্টেলত এই বল ধনাত্মক আধান আৰু ইলেকট্ৰনৰ মাজত ক্ৰিয়া কৰে । আনহাতে আয়নীয় ক্ৰিষ্টেলত এই বল বিপৰীত আধানৰ আয়নৰ মাজত ক্ৰিয়া কৰে ।
ধাতব আৰু আয়নীয় ক্ৰিষ্টেলৰ মাজত পাৰ্থক্য হ’ল ধাতব ক্ৰিষ্টেলত ইলেকট্ৰনবোৰ মুক্তভাৱে গতি কৰিব পাৰে । সেইবাবে ধাতব ক্ৰিষ্টেলে বিদ্যুত পৰিবহণ কৰিব পাৰে । আনহাতে আয়নীয় ক্ৰিষ্টেলত আয়নবোৰ মুক্তভাৱে গতি কৰিব নোৱাৰে । সেইবাবে কঠিন অৱস্থাত আয়নীয় ক্ৰিষ্টেলে বিদ্যুত পৰিবহণ কৰিব নোৱাৰে ।
(ii) আয়নীয় কঠিন পদাৰ্থ আয়নৰ সমষ্টি । কেটায়ন আৰু এনায়নে ত্ৰিমাত্ৰিকভাৱে সজ্জিত হৈ আয়নীয় কঠিন পদাৰ্থৰ গঠন কৰে । এই আয়নবোৰ তীব্ৰ কুলম্বিক আকৰ্ষণী বলৰদ্বাৰা যোজিত হৈ থাকে । এই আকৰ্ষণী বলৰ বাবে আয়নবোৰ এক নিৰ্দিষ্ট স্থানত থাকে । ফলত পদাৰ্থটো টান আৰু চনকা হয় ।
Question 10: নিম্নোক্ত প্ৰতিটো ধাতব লেটিছৰ ক্ষেত্ৰত সংকুলনৰ মাত্ৰা গণনা কৰা –
(i) সৰল ঘনকীয়
(ii) দেহকেন্দ্ৰিক ঘনকীয় লেটিছ
(iii) পৃষ্ঠকেন্দ্ৰিক ঘনকীয় লেটিছ
Answer: (i)

ধৰাহ’ল, ঘনকটোৰ দাঁতিদৈৰ্ঘ্য় a আৰু ব্য়াসাৰ্ধ r
∴ a = 2r
গতিকে ঘনকীয় একক কোষটোৰ আয়তন = a3 = (2r)3 = 8r3
প্ৰতিটো সৰল ঘনকীয় একক কোষত এটাকৈ পৰমাণু থাকে ।
∴ পৰমাণুটোৰ আয়তন = 4/3 πr3
গতিকে, সংকুলন দক্ষতা = (একক কোষটোত পৰমাণুটোৰ আয়তন ×100/ একক কোষটোৰ আয়তন )%
= (4/3 πr3 × 100 )/8r3 %
= (3.14 × 100)/6 % = 52.36 %
(ii)

দেহকেন্দ্ৰিক ঘনকীয় লেটিছৰ কেন্দ্ৰত থকা গোলকটো আৰু কৰ্ণ দিশৰ দুই চুকত থকা গোলক দুটা পৰস্পৰৰ সংস্পৰ্শত থাকে ।
এতিয়া ΔEFD ৰ পৰা –
b2 = a2 + a2
বা b = √2 a
আৰু ΔAFD ৰ পৰা –
c2 = a2 + b2 = a2 + 2a2 = 3a2
বা c = √3 a
ধৰাহল, গোলকৰ ব্যাসাৰ্ধ = r
∴ ঘনকটোৰ কৰ্ণ দৈৰ্ঘ্য (c) = 4r
বা √3 a = 4r
বা a = 4/√3 r
গতিকে ঘনকীয় একক কোষটোৰ আয়তন = a3 = (4/√3 r)3
যিহেতু দেহকেন্দ্ৰিক ঘনকীয় লেটিছ গঠনৰ একক কোষত দুটাকৈ গোলক (পৰমাণু ) থাকে ।
∴ গোলক দুটাৰ মুঠ আয়তন = 2 × 4/3 πr3
গতিকে, সংকুলন দক্ষতা = একক কোষত থকা গোলক দুটাৰ আয়তন ×100/একক কোষটোৰ আয়তন %
= (2 × 4/3 πr3 × 100)/(4/√3 r)3 = (8×3√3×3.14×100)/3×64 % = 68 %
(iii)

ধৰাহ’ল, পৃষ্ঠকেন্দ্ৰিক ঘনকীয় লেটিছটোৰ একক কোষৰ দাঁতিদৈৰ্ঘ্য = a
আৰু পৃষ্ঠ কৰ্ণৰ দৈৰ্ঘ্য = b
এতিয়া, ΔABC ৰ পৰা –
AC2 = BC2 + AB2
বা b2 = a2 + a2 = 2a2
∴ b = √2 a
ধৰাহ’ল, প্ৰতিটো গোলকৰ ব্যাসাৰ্ধ = r
∴ b = 4r
বা √2 a = 4r
বা a = 4/√2 r = 2√2 r
গতিকে ঘনকীয় একক কোষটোৰ আয়তন = a3 = (2√2 r)3
যিহেতু পৃষ্ঠকেন্দ্ৰিক ঘনকীয় লেটিছ গঠনৰ একক কোষত 4 টাকৈ গোলক (পৰমাণু ) থাকে ।
∴ 4 টাৰ গোলকৰ মুঠ আয়তন = 4×4/3 πr3
গতিকে, সংকুলন দক্ষতা = একক কোষত থকা গোলক 4 টাৰ আয়তন×100 /একক কোষটোৰ আয়তন %
= [(4×4/3)πr3×100]/(2√2 r)3 %
= (16/3×3.14×100)/16√2 %
= 3.14×100/3√2 % = 74 %
Question 11: ছিলভাৰে fcc লেটিছ গঠন কৰে । ইয়াৰ একক কোষৰ দাঁতিৰ্দৈঘ্য 4.07×10−8 cm ; ছিলভাৰৰ ঘনত্ব 10.5 g cm−3 হ’লে পাৰমাণৱিক ভৰ গণনা কৰা ।
Answer: দিয়া আছে, একক কোষৰ দাঁতিৰ্দৈঘ্য (a) = 4.07×10-8 cm
ঘনত্ব (d) = 10.5 g cm-3
আৰু এভগ্ৰেডৰ সংখ্যা NA = 6.022×1023 mol-1
আমি জানো, d = zM/a3NA
বা M = a3NAd/z
ইয়াত M পাৰমাণৱিক ভৰ আৰু z প্ৰতি একক কোষত থকা পৰমাণুৰ সংখ্যা (fcc ত z = 4 )
গতিকে, M = [(4.07×10-8 cm)3 ×6.022×1023 mol-1 ×10.5 g cm-3 ]/4
= 107.8 g mol-1
∴ ছিলভাৰৰ পাৰমাণৱিক ভৰ = 107.8 u
Question 12: P আৰু Q মৌল দুটাই লগ লাগি ঘনকীয় লেটিছযুক্ত কঠিন পদাৰ্থ এটা গঠন কৰে । Q মৌল পৰমাণুবোৰ ঘনকটোৰ চুককেইটাত আৰু P মৌলৰ পৰমাণুবোৰ ঘনকৰ কেন্দ্ৰত আছে । যৌগটোৰ সংকেত নিৰ্ণয় কৰা । P আৰু Q ৰ সমন্বয়ী সংখ্য়া কিমান হ’ব ?
Answer: দিয়া আছে, Q মৌল পৰমাণুবোৰ ঘনকটোৰ চুককেইটাত থাকে ।
∴ একক কোষটোত Q পৰমাণুৰ সংখ্যা = 8×1/8 = 1
আকৈ P মৌলৰ পৰমাণুবোৰ ঘনকৰ কেন্দ্ৰত থাকে ।
∴ একক কোষটোত P পৰমাণুৰ সংখ্যা = 1
গতিকে, P আৰু Q পৰমাণুৰ অনুপাত হ’ব = 1:1
গতিকে, যৌগটোৰ সংকেত হ’ব PQ
P আৰু Q দুয়োটাৰে সমন্বয়ী সংখ্যা হ’ব 8 ।
Question 13: নায়’বিয়ামে দেহকেন্দ্ৰিক ঘনকীয় লেটিছ গঠন কৰে । নায়’বিয়ামৰ ঘনত্ব 8.55 g cm-3 আৰু পাৰমাণৱিক ভৰ 93 u হ’লে ইয়াৰ পাৰমাণৱিক ব্যাসাৰ্ধ গণনা কৰা ।
Answer: দিয়া আছে, নায়’বিয়ামৰ ঘনত্ব (d) = 8.55 g cm-3
পাৰমাণৱিক ভৰ (M) = 93 u = 93 g mol-1
দাঁতিৰ্দৈঘ্য (a) = ?
যিহেতু লেটিছটো । গতিকে প্ৰতি একক কোষত থকা পৰমাণুৰ সংখ্যা (z) = 2
আমি জানো, NA = 6.022×1023
এতিয়া, d = zM/a3 NA
বা a3 = zM/dNA
= 2×93 g mol-1/8.55 g cm-3×6.022×1023
= 3.612×10-23 cm3
∴ a = 3.306×10-8 cm
দেহকেন্দ্ৰিক ঘনকীয় লেটিছৰ বাবে –
r = √3/4 a
= √3/4 × 3.303×10-8 cm
= 1.432×10-8 cm = 14.32×10-9 cm = 14.32 nm
Question 14: অষ্টফলকীয় ৰন্ধ্ৰৰ ব্যাসাৰ্ধ r আৰু নিৰন্ধ্ৰ সংকুলনত থকা পৰমাণুৰ ব্যাসাৰ্ধ R হ’লে, r আৰু R ৰ মাজত সম্বন্ধ স্থাপন কৰা ।
Answer:

O কেন্দ্ৰ আৰু r ব্যাসাৰ্ধ বিশিষ্ট সৰু গোলক এটা চিত্ৰত দেখুওৱাৰ দৰে অষ্টফলকীয় ৰন্ধ্ৰত ৰখা হ’ল । চিত্ৰৰ পৰা আমি পাওঁ ∠POQ = 90°
গতিকে, ΔPOQ ৰ পৰা –
PQ2 = PO2 + OQ2
⇒ (2R)2 = (R + r)2 + (R + r)2
⇒ (2R)2 = 2(R + r)2
⇒ 2R2 = (R + r)2
⇒ √2 R = R + r
⇒ r = √2 R − R
⇒ r = (√2 − 1)R
Question 15: কপাৰে fcc লেটিছ গঠন কৰে । ইয়াৰ একক কোষৰ দাঁতিদৈৰ্ঘ্য 3.61×10-8 cm হ’লে ঘনত্ব গণনা কৰা । দেখুওৱা যে গণনা কৰি পোৱা ঘনত্বৰ এই মান ইয়াৰ পৰীক্ষালব্ধ ঘনত্বৰ মানৰ সমান (8.92 cm-3 ) ।
Answer: দিয়া আছে, একক কোষৰ দাঁতিদৈৰ্ঘ্য (a) = 3.61×10-8 cm
যিহেতু লেটিছটো গতিকে প্ৰতি একক কোষত থকা পৰমাণুৰ সংখ্যা z = 4
কপাৰৰ পাৰমাণৱিক ভৰ M = 63.5 g mol-1
আমি জানো, NA = 6.022×1023
গতিকে, ঘনত্ব (d) = zM/a3NA
= 4×63.5 g mol-1/(3.61×10-8 cm)3×6.022×1023 mol-1
= 8.97 cm-3
গতিকে, গণনা কৰি পোৱা ঘনত্বৰ মান ইয়াৰ পৰীক্ষালব্ধ ঘনত্বৰ মানৰ সমান ।
Question 16: বিশ্লেষণ কৰি নিকেল অক্সাইডৰ সংকেত Ni0.98O1.00 পোৱা গৈছে যৌগটোত Ni2+ আৰু Ni3+ অনুপাত ( অংশ ) কিমান হ’ব ?
Answer: দিয়া আছে, নিকেল অক্সাইডৰ সংকেত Ni0.98O1.00
গতিকে, যৌগটোত Ni আৰু O ৰ পৰমাণুৰ সংখ্যাৰ অনুপাত
Ni : O = 0.98 : 1.00 = 98 : 100
∴ 100 O2− আয়নত থকা আধানৰ সংখ্যা = 100×(−2) = −200
ধৰাহল, Ni2+ আয়নৰ সংখ্যা = x
গতিকে, Ni3+ আয়নৰ সংখ্যা = 98 − x
∴ Ni2+ আয়নত মুঠ আধানৰ সংখ্যা = x (+2) = + 2x
আৰু আয়নত মুঠ আধানৰ সংখ্যা = (98−x)(+3) = 294 − 3x
যিহেতু যৌগটো উদাসীন সেয়ে
2x + (294 − 3x) + (−200) = 0
⇒ − x + 94 = 0
⇒ x = 94
∴ Ni2+ আয়নৰ সংখ্যা = 94 আৰু Ni3+ আয়নৰ সংখ্যা = 98 − 94 = 4
গতিকে যৌগটোত Ni2+ ৰ অনুপাত = 94/98 = 0.959 আৰু Ni3+ ৰ অনুপাত = 4/98 = 0.041
Question 17: অৰ্ধপৰিবাহী বুলিলে কি বুজা ? মূল অৰ্ধপৰিবাহী দুবিধৰ বিষয়ে বৰ্ণনা কৰা আৰু সিহঁতৰ বিদ্য়ুৎ পৰিবহনৰ ক্ৰিয়াবিধিৰ পাৰ্থক্য দেখুওৱা ।
Answer: অৰ্ধপৰিবাহীৰ পৰিবাহিতা পৰিবাহী আৰু অপৰিবাহীৰ মাজত । পৰম শূন্য উষ্ণতা বঢ়াৰ লগে লগে ই কিছু পৰিমানে বিদ্যুৎ পৰিবহন কৰে । উদাহৰণস্বৰূপে – ছিলিকন আৰু জাৰ্মেনিয়াম । অৰ্ধপৰিবাহী দুই প্ৰকাৰৰ – (i) অন্তৰ্নিহিত অৰ্ধপৰিবাহী আৰু (ii) আভ্যন্তৰিক অৰ্ধপৰিবাহী ।
(i) অন্তৰ্নিহিত অৰ্ধপৰিবাহী : যিবোৰ অৰ্ধপৰিবাহীৰ পৰিবাহিতা উচ্চ উষ্ণতাত বাঢ়ি যায়, তেনে অৰ্ধপৰিবাহীক আভ্যন্তৰিক অৰ্ধপৰিবাহী বোলে । এই প্ৰকাৰৰ অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত যোজ্যতা বেণ্ড আৰু পৰিবহন বেণ্ডৰ মাজত শক্তিৰ পাৰ্থক্য কম হয় । সেইবাবে কিছু ইলেকট্ৰন পৰিবহন বেণ্ডলৈ গতি কৰিব পাৰে । ফলস্বৰূপে পদাৰ্থটোৱে কিছু পৰিমানে বিদ্যুৎ পৰিবহন কৰে । কিন্তু উষ্ণতা বাঢ়িলে বেছি সংখ্যক ইলেকট্ৰন পৰিবহন বেণ্ডলৈ গতি কৰে । সেইবাবে উচ্চ উষ্ণতাত ইয়াৰ পৰিবাহীতা বাঢ়ে । যেনে – ছিলিকন আৰু জাৰ্মেনিয়াম ।
(ii) আভ্যন্তৰিক অৰ্ধপৰিবাহী : যেতিয়া অন্তৰ্নিহিত অৰ্ধপৰিবাহীৰ পৰিবাহীতা বঢ়োৱাৰ বাবে উপযুক্ত পৰিমাণৰ অশুদ্ধি যোগ কৰা হয়, তেতিয়া ইয়াক আভ্যন্তৰিক অৰ্ধপৰিবাহী বোলা হয় । উদাহৰণস্বৰূপে – ছিলিকন আৰু জাৰ্মেনিয়ামৰ (বৰ্গ ) বিশুদ্ধ অৱস্থাত পৰিবাহীতা অতি কম । কিন্তু যেতিয়া ইয়াত বৰ্গ বা বৰ্গ ৰ মৌল অশুদ্ধি হিচাপে যোগ (বা ডপিং) কৰা হয় । ইয়াৰ বিদ্যুৎ পৰিবাহীতা বাঢ়ি যায় ।
Question 18: অনা-ষ্টয়কিঅমিতীয় কিউপ্ৰাছ অক্সাইড (Cu2O)পৰীক্ষাগাৰত প্ৰস্তত কৰিব পাৰি । এই অক্সাইডটোত কপাৰ আৰু অক্সিজেনৰ অনুপাত 2 : 1 তকৈ সামান্য কম । এই পদাৰ্থটোৱে P- শ্ৰেণীৰ অৰ্ধপৰিবাহীৰ আচৰণ কিয় দেখুৱায় ? কাৰণ দৰ্শোৱা ।
Answer: পৰীক্ষাগাৰত প্ৰস্তত কৰা কিউপ্ৰাছ অক্সাইড (Cu2O) ত কপাৰ আৰু অক্সিজেনৰ অনুপাত 2 : 1 তকৈ সামান্য় কম হয়। অৰ্থাৎ Cu+ আয়নৰ সংখ্যা O2−আয়নৰ দুগুণ সংখ্যাতকৈ সামান্য় কম । ইয়াৰ কাৰণ কিছু Cu+ আয়ন Cu2+আয়নে প্ৰতিস্থাপিত কৰে। প্ৰতিটো Cu2+ আয়নে দুটা Cu+ আয়ন প্ৰতিস্থাপিত কৰে । ফলত ৰন্ধ্ৰৰ সৃষ্টি কৰে । ইয়াৰ সহায়তেই পদাৰ্থটোৱে বিদ্যুৎ পৰিবহন কৰে । গতিকে পদাৰ্থটো P- শ্ৰেণীৰ অৰ্ধপৰিবাহী ।
Question 19: ফেৰিক অক্সাইড যৌগটোত অক্সাইড আয়নে ষড়ভুজীয় নিৰন্ধ্ৰ সংকুলিত গঠনৰ সৃষ্টি কৰে । এনেকুৱা প্ৰতি তিনিটা অষ্টফলকীয় ৰন্ধ্ৰৰ ভিতৰত দুটা ৰন্ধ্ৰ ফেৰিক আয়নে অধিকাৰ কৰে । ফেৰিক অক্সাইডৰ সংকেত নিৰূপন কৰা ।
Answer: ধৰাহল, অক্সাইড (O2−)আয়নৰ সংখ্যা = x
গতিকে অষ্টফলকীয় ৰন্ধ্ৰৰ সংখ্যা = x
দিয়া আছে, প্ৰতি তিনিটা অষ্টফলকীয় ৰন্ধ্ৰৰ ভিতৰত দুটা ৰন্ধ্ৰ ফেৰিক আয়নে অধিকাৰ কৰে ।
গতিকে ফেৰিক (Fe3+ ) আয়নৰ সংখ্যা = 2/3 x
যৌগটোত Fe3+ আৰু O2− আয়নৰ অনুপাত
Fe3+ : O2− = 2/3 x : x = 2 : 3
গতিকে ফেৰিক অক্সাইডৰ সংকেত হ’ব Fe2O3 ।
Question 20: তলত উল্লেখ কৰাবোৰক p – শ্ৰেণী বা n – শ্ৰেণীৰ অৰ্ধপৰিবাহী হিচাপে শ্ৰেণীবিভক্ত কৰা-
(i) In ৰে ডপিং কৰা Ge
(ii) Si ৰে ড’পিং কৰা B
Answer: (i) Ge (14 বৰ্গৰ মৌল ) ত In ( 13 বৰ্গৰ মৌল ) ৰে ডপিং কৰা হৈছে । গতিকে অৰ্ধপৰিবাহীটো p – শ্ৰেণীৰ অৰ্ধপৰিবাহী ।
(ii) B (13 বৰ্গৰ মৌল ) ত Si( 14 বৰ্গৰ মৌল ) ৰে ডপিং কৰা হৈছে । গতিকে অৰ্ধপৰিবাহীটো n – শ্ৰেণীৰ অৰ্ধপৰিবাহী ।
Question 21: গ’ল্ডে ( পাৰমাণৱিক ব্য়াসাৰ্ধ = 0.144 nm) পৃষ্ঠকেন্দ্ৰিক ঘনকীয় একক কোষ গঠন কৰে । ইয়াৰ একক কোষৰ দাঁতিদৈৰ্ঘ্য কিমান হ’ব ?
Answer: পৃষ্ঠকেন্দ্ৰিক ঘনকীয় একক কোষৰ বাবে
a = 2√2 r
ইয়াত r একক কোষৰ দাঁতিদৈৰ্ঘ্য আৰু a পাৰমাণৱিক ব্য়াসাৰ্ধ ।
দিয়া আছে, a = 0.144 nm
গতিকে a = 2√2×0.144 nm = 0.407 nm
∴ একক কোষৰ দাঁতিদৈৰ্ঘ্য = 0.407 nm
Question 22: বেণ্ড তত্ত্ব (Band theory) ব্য়ৱহাৰ কৰি নিম্নোক্ত যোৰবোৰৰ মাজত পাৰ্থক্য় দেখুওৱা –
(i) পৰিবাহী আৰু অন্তৰক
(ii) পৰিবাহী আৰু অৰ্ধপৰিবাহী
Answer: (i) পৰিবাহীৰ ক্ষেত্ৰত যোজ্যতা বেণ্ডটো ইলেকট্ৰনৰ দ্বৰা আংশিকভাৱে পূৰ্ণ বা পৰবৰ্তী উচ্চ শক্তিৰ বেণ্ডৰ সৈতে অভিলেপিত হৈ থাকে । ফলত ইলেকট্ৰনবোৰ সহজে পৰিবাহী বেণ্ডলৈ গতি কৰিব পাৰে ।
আনহাতে অন্তৰক ক্ষেত্ৰত যোজ্যতা বেণ্ডটো ইলেকট্ৰনৰ দ্বৰা পৰিপূৰ্ণ আৰু যোজ্যতা বেণ্ড আৰু পৰিবাহী বেণ্ডৰ মাজত শক্তিৰ পাৰ্থক্য অতি বেছি । ফলত ইলেকট্ৰনবোৰ যোজ্যতা বেণ্ডৰ পৰা পৰিবাহী বেণ্ডলৈ গতি কৰাটো সম্ভৱ নহয় ।
(ii) পৰিবাহীৰ ক্ষেত্ৰত যোজ্যতা বেণ্ড আৰু পৰিবাহী বেণ্ডৰ মাজত শক্তিৰ পাৰ্থক্য প্ৰায় নাই । সেইবাবে ইলেকট্ৰনবোৰ সহজে পৰিবাহী বেণ্ডলৈ গতি কৰিব পাৰে । আনহাতে অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত যোজ্যতা বেণ্ড আৰু পৰিবাহী বেণ্ডৰ মাজত শক্তিৰ কিছু পাৰ্থক্য থাকে । সেইবাবে কিছু পৰিমানৰ ইলেকট্নহে পৰিবাহী বেণ্ডলৈ গতি কৰিব পাৰে । ফলস্বৰূপে পদাৰ্থটোৱে কিছু পৰিমানে বিদ্যুত পৰিবহণ কৰে ।
Question 23: উপযুক্ত উদাহৰণেৰে ব্যাখ্যা কৰা –
(i) শ্বটকি ক্ৰটি
(ii) ফ্ৰেংকেল ক্ৰটি
(iii) F – কেন্দ্ৰ আৰু
(iv) অন্তৱৰ্তী (interstitials)
Answer: (i) শ্বটকি ক্ৰটি : শ্বটকি ক্ৰটি সাধাৰণতে আয়নীয় যৌগৰ ক্ষেত্ৰত দেখা যায় । লেটিছটোৱে সমসংখ্যক কেটায়ন আৰু এনায়ন হেৰুওৱাৰ বাবে এই ক্ৰটিৰ সৃষ্টি হয় । শ্বটকি ক্ৰটিৰ ফলত পদাৰ্থটোৰ ঘনত্ব কমে । সমসংখ্যক কেটায়ন আৰু এনায়ন হেৰুওৱাৰ বাবে এনে ক্ৰটিত যৌগটো বৈদ্যুতিকভাৱে নিৰপেক্ষ হয় । উদাহৰণস্বৰূপে – NaCl, KCl, CsCl আৰু AgBr ত শ্বটকি ক্ৰটি দেখা যায় ।
(ii) ফ্ৰেংকেল ক্ৰটি : ফ্ৰেংকেল ক্ৰটি আয়নীয় যৌগত দেখা যায় । লেটিছত সৰু আয়নে ( সাধাৰণতে কেটায়ন ) তাৰ সাধাৰণ স্থানৰ পৰা বিচ্যুত হৈ আন অন্তৰ্বৰ্তী স্থানত সোমাই পৰিলে এনে ক্ৰটিক ফ্ৰেংকেল ক্ৰটি বোলে । ইয়াৰ ফলত সৰু আয়নটোৰ মূল স্থানত অনধিকাৰ ক্ৰটিৰ সৃষ্টি হয় । আনহাতে আয়নটোৱে দখল কৰা আন স্থানটোত অন্তৰ্বৰ্তী ক্ৰটিৰ সৃষ্টি হয় । ফ্ৰেংকেল ক্ৰটিৰ ফলত পদাৰ্থটোৰ ঘনত্বৰ কোনো পৰিৱৰ্তন নহয় । উদাহৰণস্বৰূপে ZnS, AgBr আৰু AgI ত শ্বটকি ক্ৰটি দেখা যায় ।
(iii) F – কেন্দ্ৰ : ক্ৰিষ্টেলৰ এনায়নৰ স্থান অযুগ্ম ইলেকট্ৰনে অধিকাৰ কৰিলে এনে এনায়নৰ স্থানক F – কেন্দ্ৰ বুলি কোৱা হয় । F – কেন্দ্ৰ শব্দটো জাৰ্মান শব্দ ৰ পৰা লোৱা হৈছে । ইয়াৰ অৰ্থ হৈছে বৰণ কেন্দ্ৰ । F – কেন্দ্ৰৰ বাবেই NaCl ৰ ক্ৰিষ্টেলটোৰ বৰণ হালধীয়া হয় । NaCl ক্ৰিষ্টেলৰ ওপৰত যেতিয়া দৃশ্যমান পোহৰ পৰে ইয়াৰ F – কেন্দ্ৰত থকা ইলেকট্ৰনে এই পোহৰৰ পৰা শক্তি শোষণ কৰে । শক্তি শোষণ কৰি এই ইলেকট্ৰনে উত্তেজিত অৱস্থালৈ যায় আৰু পুনৰ ভূমিস্তৰ অৱস্থালৈ আহোতে শোষণ কৰা শক্তিখিনি বিকিৰণ হিচাপে নিৰ্গত কৰে । সেয়ে NaCl ৰ ক্ৰিষ্টেলটোৰ বৰণ হালধীয়া হয় ।
(iv) অন্তৱৰ্তী (interstitials) : ক্ৰিষ্টেলত থকা কোনো কণাই ( পৰমাণু বা অণু ) লেটিছৰ নিৰ্দিষ্ট স্থানত নাথাকি আন কোনো স্থানত সোমাই থাকিলে ক্ৰিষ্টেলটোত অন্তবৰ্তী ক্ৰটিৰ সৃষ্টি হয় । অন্তবৰ্তী ক্ৰটিৰ ফলত পদাৰ্থটোৰ ঘনত্ব বাঢ়ে ।
Question 24: এলুমিনিয়াম ঘনকীয় নিৰন্ধ্ৰ সংকুলিত গঠন প্ৰস্তত কৰে । ইয়াৰ ধাতব ব্যাসাৰ্ধ 125 pm হ’লে,
(i) একক কোষটোৰ দাঁতিদৈৰ্ঘ্য কিমান হব ?
(ii) এলুমিনিয়ামৰ 1cm3 আয়তনত কিমানটা একক কোষ থাকিব ?
Answer: (i) দিয়া আছে, ধাতব ব্যাসাৰ্ধ (r) = 125 pm = 125×10−12 m
ঘনকীয় নিৰন্ধ্ৰ সংকুলিৰ বাবে
a = 2√2 r
= 2√2×125×10−12 m
= 353.55×10−12 m = 354 pm (প্ৰায়)
(ii) এটা একক কোষৰ আয়তন = (354 pm)3
= 4.4×107 pm3
= 4.4×107×10−30cm3
= 4.4×10−23cm3
1 cm3 আয়তনত থকা একক কোষৰ সংখ্যা
= 1 cm3/4.4×10−23cm3 = = 2.27×1022
Question 25: NaCl ত 10−3 mol% SrCl2 ৰে ড’পিং কৰিলে কেটায়ন অনধিকাৰৰ গাঢ়তা কিমান হ’ব ?
Answer: দিয়া আছে, NaCl ত 10−3 mol% SrCl2 ৰে ড’পিং কৰা হৈছে । অৰ্থাৎ 100 mol NaCl ত 10−3 mol SrCl2 ড’পিং কৰা হৈছে ।
গতিকে, 1 mol NaCl ত 10−3/100 mol SrCl2 ড’পিং কৰা হৈছে ।
এটা Sr2+ আয়নৰ দ্বৰা সৃষ্ট কেটায়ন অনধিকাৰ সংখ্যা = 1
∴ 10−3/100 mol SrCl2ৰ দ্বৰা সৃষ্ট কেটায়ন অনধিকাৰৰ গাঢ়তা
= 10−3/100 ×6.022×1023
= 10−5×6.022×1023
= 6.022×1018 mol−1
গতিকে, SrCl2 ৰ দ্বৰা সৃষ্ট কেটায়ন অনধিকাৰৰ গাঢ়তা = 6.022×1018 mol−1
Question 26: উপযুক্ত উদাহৰণৰে ব্য়াখ্য়া কৰা –
(i) ফেৰ’চুম্বকত্ব
(ii) অনুচুম্বকত্ব
(iii) ফেৰিচুম্বকত্ব
(iv) প্ৰতিফেৰ’চুম্বকত্ব
(v) বৰ্গ 12 – 16 যৌগ আৰু বৰ্গ 13 – 15 যৌগ
Answer: (i) ফেৰ’চুম্বকত্ব : ফেৰ’চুম্বকীয় পদাৰ্থবোৰক চুম্বকে তীব্ৰভাৱে আকৰ্ষণ কৰে । কঠিন অৱস্থাত ফেৰ’চুম্বকীয় পদাৰ্থত থকা ধতুৰ আয়নবোৰ সৰু সৰু অঞ্চলত দল বান্ধি থাকে । এই থূপক প্ৰভাৱক্ষেত্ৰ বোলে । প্ৰতিটো প্ৰভাৱক্ষেত্ৰই একোডাল সূক্ষ্ম চুম্বকৰ দৰে আচৰণ কৰে । চুম্বত্ব প্ৰদান নকৰা ফেৰ’চুম্বকীয় পদাৰ্থ এটাৰ টুকুৰা এটাত এনে প্ৰভাৱক্ষেত্ৰসমূহ যাদৃচ্ছিক ক্ৰমত সিঁচৰিত হৈ থাকে । ফলস্বৰূপে লব্ধ চুম্বকীয় ভ্ৰামকৰ মান শূন্য হয় । কিন্তু পদাৰ্থটোক চুম্বক ক্ষেত্ৰত ৰাখিলে এই প্ৰভাৱক্ষেত্ৰসমূহৰ সজ্জা অটুট থাকে । সেইবাবে ফেৰ’চুম্বকীয় পদাৰ্থক স্থায়ী চুম্বকত পৰিণত কৰিব পাৰি । যেনে আইৰণ, কবাল্ট, নিকেল, গেডলিনিয়াম আদি ফেৰ’চুম্বকীয় পদাৰ্থৰ উদাহৰণ।
(ii) অনুচুম্বকত্ব: অনুচুম্বকীয় পদাৰ্থবোৰ চুম্বকৰ দ্বাৰা অতি কম পৰিমাণে আকৰ্ষিত হয় । চুম্বক ক্ষেত্ৰৰ উপস্থিতিত ইহঁতে ক্ষেত্ৰৰ দিশত চুম্বত্ব লাভ কৰে । কিন্তু চুম্বক ক্ষেত্ৰ আঁতৰালে ই লাভ কৰা চুম্বত্বও হেৰুৱায় । পদাৰ্থ এটাৰ অণু বা পৰমাণুত অযুগ্ম ইলেকট্ৰন থাকিলে পদাৰ্থটো অনুচুম্বকীয় হয় । অনুচুম্বকীয় পদাৰ্থৰ কেইটামান উদাহৰণ হ’ল O2, Cu2+, Fe3+, Cr3+ আদি ।
(iii) ফেৰিচুম্বকত্ব : ফেৰিচুম্বকত্ব থকা পদাৰ্থবোৰত থকা প্ৰভাৱক্ষেত্ৰসমূহৰ চুম্বকীয় ভ্ৰামকসমূহৰ কিছুমান সমান্তৰাল আৰু কিছুমান বিপৰীত দিশত সজ্জিত হৈ থাকে । ফেৰিচুম্বকীয় পদাৰ্থবোৰ ফেৰ’চুম্বকীয় পদাৰ্থৰ তুলনাত চুম্বকৰ দ্বাৰা কমকৈ আকৰ্ষিত হয় । ফেৰিচুম্বকীয় পদাৰ্থক উত্তপ্ত কৰিলে ই চুম্বত্ব হেৰুৱাই অনুচুম্বকীয় পদাৰ্থত পৰিণত হয় । ফেৰিচুম্বকীয় পদাৰ্থৰ উদাহৰণ হ’ল – Fe3O4, MgFe2O4 আৰু ZnFe2O4 ।
(iv) প্ৰতিফেৰ’চুম্বকত্ব : প্ৰতিফেৰ’চুম্বকত্ব বিশিষ্ট পদাৰ্থৰো ফেৰ’চুম্বকীয় পদাৰ্থৰ দৰে প্ৰভাৱক্ষেত্ৰ থাকে । কিন্তু এই প্ৰভাৱক্ষেত্ৰসমূহ পৰস্পৰ বিপবীত দিশত সজ্জিত হৈ থাকে । ফলত প্ৰতিফেৰ’চুম্বকীয় পদাৰ্থৰ লব্ধ চুম্বকীয় ভ্ৰামকৰ মান শূন্য হয় ।
(v) বৰ্গ 12 – 16 যৌগ আৰু বৰ্গ 13 – 15 যৌগ : বৰ্গ 12 – 16 যৌগবোৰ বৰ্গ 12 আৰু বৰ্গ 16 ৰ মৌলৰ সংমিশ্ৰণেৰে প্ৰস্তুত কৰা হয় । আনহাতে বৰ্গ 13 – 15 যৌগবোৰ বৰ্গ 13 আৰু বৰ্গ 15 ৰ ৰ মৌলৰ সংমিশ্ৰণেৰে প্ৰস্তুত কৰা হয় । বৰ্গ 12 – 16 যৌগবোৰ হ’ল ZnS, CdS, CdSe আৰু HgTe । আনহাতে বৰ্গ 13 – 15 যৌগবোৰ হ’ল InSb, AlP আৰু GaAs ।