আজি এই ব্লগ পোষ্টত আমি আপোনালোকলৈ লৈ আহিছোঁ হনুমান চালীছাৰ অসমীয়া ৰূপ (Hanuman Chalisa in Assamese) অসমৰ বিহু উৎসৱৰ ওপৰত এটি ৰচনা লিখিম। আমি আশা কৰোঁ এই ব্লগ পোষ্টটোৰ পৰা আপোনালোকে কিছু শিকিব।
হনুমান চালীছা (Hanuman Chalisa) কি?
হনুমান চালীছা হৈছে ভগৱান হনুমানজীৰ প্ৰশংসাত লিখা এক পবিত্ৰ স্তোত্র, যি কবি গোস্বামী তুলসীদাসে অৱধী ভাষাত ৰচনা কৰিছিল। এই চালীছাখনত মুঠ ৪০ টা চৰণ (চালীছা মানে “চল্লিশ”) আছে।
হিন্দু ধৰ্ম অনুসাৰে, হনুমান চালীছাৰ নিয়মিত পাঠ কৰিলে মনৰ ভয়, চিন্তা, সন্দেহ, দুখ আদি দূৰ হয়। ই মানৱজীৱনক সাহসী, ধৈৰ্যশীল আৰু আত্মবিশ্বাসী কৰে।
হনুমান চালীছাত তুলসীদাসে হনুমানজীৰ অসীম শক্তি, বুদ্ধি, ভক্তি আৰু ধৰ্মনিষ্ঠাৰ কাহিনী বৰ্ণনা কৰিছে। প্ৰতিটো চৰণেৰে ভগৱান হনুমানৰ মহিমা, ৰাম প্ৰতি তেওঁৰ নিৰ্মল ভক্তি আৰু সৎ কৰ্মৰ শক্তি প্ৰকাশ পাইছে।
Hanuman Chalisa in Assamese: হনুমান চালিশা অসমীয়াত
শ্ৰীগুৰু চৰণ পদ্ম স্মৰি মনে মনে।
কোটি বাৰ প্ৰণামোহো গুৰুৰ চৰণে॥
শ্ৰীৰাম চৰণপদ্ম কৰিয়া স্মৰণ।
চতুবৰ্গ ফল যেন লভো অনুক্ষন॥
বুদ্ধিহীন মই অতি পবন কুমাৰ।
গুচোৱা মনৰ ক্লেশ মনৰ বিকাৰ॥
জয় জয় হনুমান গুণৰ সাগৰ। ১
জয়হে কপীশ-প্ৰভু দয়াৰ আধাৰ॥
শ্ৰীৰামৰ দূত তুমি অতি বলবান।
অঞ্জনাৰ পুত্ৰ তুমি পবনসুত নাম॥ ২
মহাবীৰ ব্ৰজৰঙ্গী তুমি হনুমান।
কুমতি নাশিয়া কৰা সুমতি প্ৰদান॥ ৩
কাঞ্চন বৰণ তযু তুমি হে সুবেশ।
কৰ্ণত কুণ্ডল শোভে কুঁচি কুঁচি বেশ॥ ৪
ধ্বজা বজ্ৰ শোভা কৰে হস্তত তোমাৰ।
কান্ধে শোভা কৰে গদা সুন্দৰৰ ভাৰ॥ ৫
অপৰূপ বাহু তৱ পবন নন্দন।
মহাতেজ জ্যোতিৰূপ জগত বন্দন॥ ৬
বিদ্যাৱান গুণৱান তুমি হে চতুৰ।
শ্ৰীৰামচন্দ্ৰৰ কাৰ্যে তুমি হে আঁতুৰ॥ ৭
সৰ্বদা ৰামৰ আজ্ঞা কৰিছা পালন।
হৃদয়ত লৈ ৰাম সীতা ও লক্ষ্মণ॥ ৮
সূক্ষ্মৰূপ ধৰি তুমি লঙ্কা প্ৰবেশিলা।
বিকট ৰূপৰে লঙ্কা ধ্বংস কৰিলা॥ ৯
ভীমৰূপে কৰা তুমি অসুৰ সংহাৰ।
সৰ্বকাৰ্য্য সিদ্ধি দাতা শ্ৰীৰামচন্দ্ৰৰ॥ ১০
সঞ্জীবন আনি তুমি জীয়ালা লক্ষ্মণ।
ৰঘুবীৰ তাৰ বাবে আনন্দিত মন॥ ১১
ৰঘুনাথে দিলে তোমাক আলিঙ্গন দান।
দান কৰে ভাতৃ স্থান ভৰত সমান॥ ১২
ত্ৰিভুৱনে বিয়পিয় তযু যশ খ্যাতি।
এই বুলি আলিঙ্গন কৰে ৰঘুপতি॥ ১২
সনক ব্ৰহ্মাদি যত দেৱ-মুনিগণ।
নাৰদ সাৰদ আদি দেৱ ঋষিগণ॥ ১৪
যমৰাজ কুবেৰ আৰু দিকপালগণ।
কবি কবিৰে যত ভৰা ত্ৰিভুৱন॥ ১৫
সুগ্ৰীৱৰ উপকাৰ তুমিয়ে কৰিলা।
ৰামৰ লগত মিলাই ৰাজপদ দিলা॥ ১৬
তোমাৰ মন্ত্ৰণা মানে বিভীষণ গণ।
হৈছিল ৰাৱণৰ ভয়ে কম্পমান॥ ১৭
সহস্ৰ যোজন ঊৰ্ধ্বে সূৰ্য্যদেৱে দেখে।
সুমধুৰ ফল বুলি ভাবে একে গ্ৰাসে॥ ১৮
জয় ৰাম বুলি তুমি অসীম সাগৰ।
পাৰ হৈ প্ৰবেশিলা লঙ্কাৰ ভিতৰ। ১৯
দুৰ্গম যতেক কৰ্ম আছে ত্ৰিভুবনে।
সুগম কৰিলা তুমি ’ৰাম-ৰাম’ গানে॥ ২০
শ্ৰীৰামৰ দ্বাৰৰক্ষী ৰামচন্দ্ৰৰ দ্বাৰে।
তযু অনুমতি বিনা সোমাব নোৱাৰে॥ ২১
শৰণ লইনু প্ৰভু আজি যে তোমাৰ।
ভৱ ভয়ে ৰক্ষা কৰা বিপদে আমাৰ॥ ২২
নিজ শক্তি নিজে প্ৰভু কৰা সম্বৰণ।
তোমাৰ হুঙ্কাৰতে কম্পে ত্ৰিভুৱন॥ ২৩
ভূত প্ৰেত পিশাচাদি আহিব নোৱাৰে।
মহাবীৰ তযু নাম সেই সদা ত্মৰে॥ ২৪
ৰোগ নাশ কৰা তুমি সৰ্বপীড়া হৰ।
মহাবীৰ তযু নাম স্মৰে নিৰন্তৰ॥ ২৫
সঙ্কটত হনুমানে ৰক্ষা কৰি যায়।
হনুৰ চৰণে ভক্তি ৰাখিব সদায়॥ ২৬
সৰ্বোপৰি ৰামচন্দ্ৰ তপস্বী ও ৰজা।
শ্ৰীৰামৰ শত্ৰুগণক তুমি দিলা মজা॥ ২৭
তোমাৰ চৰণে যেয়ে মন প্ৰাণ দিব।
জীৱনত সেইজনে সদা সুখ পাব॥ ২৮
প্ৰৱল প্ৰতাপ তযু হে বায়ু নন্দন।
তযু নামে উজ্জ্বলিব এই ত্ৰিভুবন॥
সাধু-সন্যাসীকো ৰক্ষা কৰা মতিমান।
শ্ৰীৰামৰ প্ৰিয় তুমি অতি গুণবান॥ ৩০
অষ্টসিদ্ধি নবসিদ্ধি কিবা যদি আছে।
সকলোই সিদ্ধি হয় তোমাৰে কৃপাতে॥ ৩১
তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ।
ৰামৰ তুমিয়ে দাস জানে সৰ্বজন॥ ৩২।
তোমাৰ ভজন কৰি লভিব ৰামক।
জনমে জনমে সেয়ে দুখ বিমোচক॥ ৩৩
অন্তকালে পাব তেওঁ ৰামৰ চৰণ।
এই সাৰ কথা শুনা সব ভক্তগণ॥ ৩৪
সকলো বিষয় ত্যাগি বোলা হনুমান।
হনুমন্তে সৰ্বসুখ কৰিব প্ৰদান॥ ৩৫
সৰ্বদুখ আঁতৰিব সঙ্কটো কাটিব।
সেইজনে হনুমন্তক স্মৰণ কৰিব॥ ৩৬
জয় জয় জয় প্ৰভু জয় হনুমান।
তযু কৃপা বিনে মোৰ গতি নাই আন॥ ৩৭
যেইজনে শতবাৰ এই পাঠ কৰে।
সকলো অশান্তি তাৰ নাশ হৈ পৰে॥ ৩৮
হনুমান চালিশা যেয়ে সদা পাঠ কৰে।
সিদ্ধি লাভ কৰে আৰু বিপদত তৰে॥ ৩৯
তুলসীদাস সৰ্বদাই শ্ৰীহৰিৰ দাস।
মনৰমন্দিৰত প্ৰভু সদা কৰা বাস॥ ৪০
ত্ৰিপদী
পবন নন্দন সঙ্কট হৰণ
মঙ্গল মুৰুটি ৰূপ।
শ্ৰীৰাম লক্ষ্মণ জানকী ৰঞ্জন
তুমি হৃদয়ৰে ভূপ॥
পবন নন্দন প্ৰবল বিক্ৰম
ৰাম অনুগত অতি।
চালিশা ইয়াতে সমাপ্ত কৰিছো
পদে থাকে যেন মতি॥
Hanuman Chalisa হনুমান চালীছাৰ মাহাত্ম্য
হনুমান চালীছা পঢ়াৰ বহু আধ্যাত্মিক আৰু মানসিক লাভ আছে। বহু ধৰ্মগ্ৰন্থত ইয়াৰ মাহাত্ম্য বৰ্ণনা কৰা হৈছে।
- ভয় আৰু নেতিবাচক শক্তিৰ পৰা সুৰক্ষা: হনুমান চালীছা পাঠে মানসিক শক্তি বৃদ্ধি কৰে আৰু ভয়, দুঃস্বপ্ন, অশুভ প্ৰভাৱ আদি দূৰ কৰে।
- ধৈৰ্য আৰু একাগ্ৰতা বৃদ্ধি: ছাত্ৰ-ছাত্ৰী আৰু কৰ্মজীৱীসকলৰ বাবে ই একাগ্ৰচিত্তে কাম কৰিবলৈ সহায় কৰে।
- স্বাস্থ্য আৰু শান্তিৰ প্ৰতীক: নিয়মিত পাঠে শৰীৰ আৰু মন দুয়োটাক শান্ত কৰে, মানসিক অস্থিৰতা হ্ৰাস কৰে।
- সাফল্য আৰু শুভ ফল: হনুমান চালীছা ভক্তিক একাগ্ৰ কৰি জীৱনত সাফল্য আৰু শুভ ফল প্ৰদান কৰে।
Hanuman Chalisa হনুমান চালীছা কেতিয়া আৰু কেনেকৈ পাঠ কৰিব লাগে?
হনুমান চালীছা যি কোনো সময়তে পাঠ কৰিব পাৰি। কিন্তু যেতিয়া কোনো ব্যক্তিয়ে বেছিকৈ ভয় অনুভৱ কৰে, মানসিক উদ্বেগত ভোগে, বা বিপদত পৰা অৱস্থাত উদ্ধাৰ হোৱাৰ পথ বিচাৰে, সেই সময়ত হনুমান চালীছা পঢ়িলে সকলো ভয়-শংকা দূৰ হয়।
আনহাতে, বহুজনৰ বিশ্বাস অনুসাৰে হনুমান চালীছা বেয়া শক্তি আৰু নেতিবাচক প্ৰভাৱ দূৰ কৰিবলৈ অত্যন্ত ফলপ্ৰদ। নিয়মিত পাঠে মানসিক শান্তি, ধৈৰ্য আৰু এক শুভ শক্তি প্ৰদান কৰে।
Hanuman Chalisa in Assamese PDF Download
উপসংহাৰ
হনুমান চালীছা কেৱল এটা ধৰ্মীয় স্তোত্র নহয়, ই হৈছে আত্মশক্তি, বিশ্বাস আৰু ধৈৰ্যৰ উৎস। আপোনিও আপোনাৰ জীৱনত এই পবিত্ৰ স্তোত্রটো অন্তৰ্ভুক্ত কৰক আৰু হনুমানজীৰ আশীৰ্বাদ লাভ কৰক।
আশা কৰো তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব।