HomeBlogScienceDinosaurs: ডাইনছৰবোৰ পৃথিৱীৰ পৰা কেনেকৈ নাইকিয়া হল?

Dinosaurs: ডাইনছৰবোৰ পৃথিৱীৰ পৰা কেনেকৈ নাইকিয়া হল?

তোমালোকে জানানে বাৰু আজিৰ পৰা কেইবাশ বছৰ আগতে আমাৰ পৃথিৱীত এক প্ৰকাৰৰ প্ৰকাণ্ড ডাইন’ছৰ (Dinosaurs) নামৰ জীৱ বাস কৰিছিল, কিন্তু বিশাল ডাইনোছৰবোৰে পৃথিৱীৰ পৰা কেনেকৈ প্ৰব্ৰজন কৰে আপুনি জানিলে? সকলোবিলাক ভালদৰে জানিবলৈ আজিৰ এই বিষয়ে ব্লগ পষ্টটো শেষলৈ পঢ়িবা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

সেয়ে আজি আমি এই ব্লগ পষ্টত জানিম যে – ডাইন’ছৰবোৰ পৃথিৱীৰ পৰা কেতিয়া আৰু কেনেকৈ নাইকিয়া হ’ল?

Dinosaurs: ডাইন’ছৰবোৰ পৃথিৱীৰ পৰা কেনেকৈ নাইকিয়া হ’ল?

তোমালোকে জানানে বাৰু আজিৰ পৰা কেইবাশ বছৰ আগতে আমাৰ পৃথিৱীত এক প্ৰকাৰৰ প্ৰকাণ্ড Dinosaurs (ডাইন’ছৰ) নামৰ জীৱ বাস কৰিছিল।

ডাইন’ছৰবোৰেই আছিল পৃথিৱীৰ ইতিহাসৰ সৰ্ববৃহৎ প্ৰাণী। তোমালোকে বোধহয় কিছুমান বিজ্ঞান ভিক্তিক চলচিত্ৰত ডাইন’ছৰৰ কম্পিউটা গ্ৰাফিছ (Graphic) চবি দেখিছা।

জীৱ বিজ্ঞানীসকলৰ ধাৰণা অণুসৰি ডাইন’ছৰবোৰ আজিৰ পৰা প্ৰায় ৬৫ নিযুত বছৰৰ আগতে পৃথিৱী পৃষ্ঠৰ পৰা নিঃশেষ হৈছিল।

ডাইন’ছৰবোৰ পৃথিৱীৰ পৰা কেনেকৈ নাইকিয়া হ’ল ইয়াৰ ওপৰতো বহুতো বিজ্ঞানীয়ে সময়ে সময়ে বহুতো ধাৰণা মতাবাদ আগবঢ়াইছে। ইয়াৰে মূলত দুটা বেছিকৈ প্ৰচলিত মতাবাদৰ বিষয়ে আলোচনা কৰিম –

  • উল্কাপিণ্ডই পৃথিৱী পৃষ্ঠত খুন্দা মৰাৰ মতবাদ
  • মিলাৰৰ তত্ত্ব (Miller’s theory)

এই দুটা তত্ত্বৰ বিষয়ে সহজ ভাষাত চমুকৈ জানো আহক।

উল্কাপিণ্ডই পৃথিৱী পৃষ্ঠত খুন্দা মৰাৰ মতবাদ:

প্ৰথমটো মতবাদ মতে, ডাইন’ছৰবোৰ আজিৰ পৰা প্ৰায় ২২৫ নিযুত বছৰৰ আগৰ মেছজইক মহাপ্ৰকল্প (Mesozoic Era)ৰ ৬৩ নিযুত বছৰ ধৰি পৃথিৱীত বাস কৰি আছিল। ডাইন’ছৰবোৰ চাৰিঠেঙীয়া যদিও পাছৰ ঠং দুটাৰ দ্বাৰাইহে খোজ কাঢ়িছিল।

এক প্ৰকাণ্ড উল্কা পিণ্ডই পৃথিৱী পৃষ্ঠত খুন্দা মৰাৰ ফলত সেই সময়ত জীৱিত ডাইন’ছৰকে ধৰি আন বহুতো প্ৰাণী আৰু উদ্ভিদ প্ৰজাতি পৃথিৱীৰ পৰা চিৰ দিনৰ বাবে লুপ্ত হৈ পৰিছিল।

বিজ্ঞানীসকলৰ মতে এই উল্কা পিণ্ডই পৃথিৱী পৃষ্ঠত খুন্দা মৰাৰ ফলত পৃথিৱী পৃষ্ঠ বালিৰে আৱৰি পেলোৱাত উশাহ-নিশাহ লোৱাত অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে জলবায়ুৰ প্ৰচণ্ড সালসলনিৰ লগত নিজকে খাপ খুৱাব নোৱাৰি ডাইন’ছৰবোৰ লুপ্ত হৈ পৰিল।

মিলাৰৰ তত্ত্ব (Miller’s theory):

দ্বিতীয় মতবাদ মতে, ইংলেণ্ডৰ লিড্ছ বিশ্ববিদ্য়ালয়ৰ অধ্য়াপক ডেভিদ মিলাৰ আৰু তেওঁৰ সহযোগীসকলে এটা মতাবাদ তত্ত্ব আগবঢ়াইছিল। এই তত্ত্ব মতে, ডাইন’ছৰবোৰৰ মাজত মাইকী ডাইন’ছৰৰ সংখ্যা কম হোৱাৰ বাবেও ইহঁতৰ সংখ্যা কমিছিল কাৰণ এটা সময়ত নিম্নহাৰৰ প্ৰজননহে হৈছিল।

তেওঁলোকৰ গৱেষণা মতে, ডাইন’ছৰবোৰৰ প্ৰজননৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা উত্তাপ জলবায়ুৰ সাল-সলনিৰ হেতু সঠিক পৰিমাণৰ নোহোৱাত প্ৰজনন কমি গৈছিল আৰু মতা মাইকীৰ অনুপাত ৫০:৫০ হোৱাৰ ফলতো মাইকী ডাইন’ছৰবোৰৰ সংখ্যা কমি যোৱাৰ ফলত পৃথিৱী পৃষ্ঠৰ পৰা এই সৰীসৃপটো ক্ৰমাৎ শেষ হৈ আহিছিল।

এই দুয়োটা মতবাদৰ প্ৰথটোৰ সৈতে সকলোৱে একমত আৰু বহুলভাৱে মানি লৈছে।

ডাইন’ছৰ দেখাত কিমান বৃহৎ জনানে?

কিছুমান প্ৰজাতিৰ ডাইন’ছৰৰ উচ্চতা প্ৰায় ২৫ মিটাৰ আছিল। কিন্তু তোমালোকে কেতিয়াবা এটা কথা ভাবি চাইচানে যে এই প্ৰকাণ্ড ডাইন’ছৰ নামৰ প্ৰাণীবোৰ পৃথিৱীৰ পৰা কেনেকৈ নাইকিয়া হ’ল?

ডাইন’ছৰবোৰ অতি ভয়ংকৰ আৰু বৃহৎ জেঠী আকাৰৰ সৰীসৃপ প্ৰাণী। কিছুমান ডাইন’ছৰৰ চৰাইৰ আকৃতিৰ পাখিও আছিল।

ডাইন’ছৰ শব্দটো কেনেকৈ উৎপত্তি হৈছিল?

‘Dinosaur’ শব্দটো গ্ৰীক শব্দ ‘Denios’ (যাৰ অৰ্থ ‘terrible’ ভয়ানক) আৰু ‘Saurus’ (মানে হ’ল ‘Lizard’ সৰীসৃপ) – এই দুয়োটা শব্দ লগ হৈ উৎপত্তি হৈছে।

বৃটিছ শৰীৰবিদ্যা বিশাৰদ ৰিছাৰ্ড অ’ৱেনে (Richard Owen) ১৮৪১ চনত ‘Dinosaur’ শব্দটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল।

ডাইনোছৰে কি খাইছিল?

কানাডাৰ মিউজিয়াম অৱ নেচাৰ (Canadian Museum of Nature) ৰ পুৰাজীৱবিজ্ঞানী (Paleontologist) আৰু গৱেষক বিজ্ঞানী ড° জৰ্ডান মেলনৰ মতে ডাইনোছৰৰ খাদ্যাভ্যাস ভিন্ন আছিল। কিছুমান ডাইনোছৰে উদ্ভিদ খাইছিল, কিছুমানে মাংস খাইছিল আৰু কিছুমানে দুয়োটা খাইছিল, কিন্তু বেছিভাগেই আচলতে উদ্ভিদ খোৱা আছিল।

আটাইতকৈ ডাঙৰ ডাইনোছৰটো কি আছিল?

টাইটান’ছৰ আৰ্জেন্টিনোছ’ৰাছ হুইনকুলেনচিছ (Titanosaur Argentinosaurus huinculensis) হৈছে আটাইতকৈ ডাঙৰ ডাইনোছৰ আৰু ইয়াৰ ওজন ৭০–৮০ টন আৰু দৈৰ্ঘ্য ৩৬ মিটাৰ (১১৮ ফুট) বুলি অনুমান কৰা হৈছে।

ভাৰতত ডাইনোছৰ বাস কৰিছিল নেকি?

হয়, ডাইনোছৰ ভাৰতত বাস কৰিছিল। আমাৰ দেশৰ বহু ঠাইত ডাইন’ছৰৰ কণী আৰু কংকালকে ধৰি ডাইনোছৰৰ জীৱাশ্ম পোৱা গৈছে।

আটাইতকৈ সৰু ডাইনোছৰটো কি?

আজিলৈকে আৱিষ্কাৰ হোৱা আটাইতকৈ সৰু ডাইনোছৰটো হৈছে প্ৰায় ১০ কোটি বছৰ আগতে ম্যানমাৰত বাস কৰা সৰু সৰীসৃপ Oculudentavis। ইয়াৰ আকাৰ আছিল প্ৰায় হামিংবাৰ্ডৰ সমান।

উপসংহাৰ

আশা কৰোঁ তোমালোকে আজি এই ব্লগ পষ্টটো পঢ়ি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related Articles