আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা আইজাক নিউটনৰ জীৱনী (Isaac Newton Biography in Assamese) বিষয়ে অসমীয়া ভাষাত সম্পূৰ্ণ জ্ঞান। সকলোবিলাক ভালদৰে জানিবলৈ আজিৰ এই বিষয়ে ব্লগ পষ্টটো শেষলৈ পঢ়িবা।
Isaac Newton Biography – আইজাক নিউটনৰ জীৱনী
ইংলেণ্ডৰ গ্ৰান্থামৰ (Grantham) চহৰৰ নিকটৱৰ্তী উলচ্থ্ৰ’প (Woolsthorpe) নামৰ ঠাইত নিউটনৰ জন্ম হৈছিল। আইজাক নিউটনক বিজ্ঞানৰ বুৰঞ্জীত অতি মৌলিকত্ব সপন্ন আৰু প্ৰভাৱশালী তাত্বিক ৰূপে গণ্য কৰা হয়।
তেওঁ পিতৃ এগৰাকী দুখীয়া কৃষক আছিল কিন্তু নিউটন কৃষি কৰ্মত পাকৈত নাছিল। ১৬৬১ খীঃত তেওঁক ইংলেণ্ডৰ প্ৰখ্যাত কেম্ব্ৰীজ বিশ্ববিদ্যালয়ত অধ্যায়ন কৰিবলে পঠোৱা হৈছিল।
কিন্তু ১৬৬৫ খীঃত কেম্ব্ৰীজত প্লেগ্ নামৰ মহামাহীৰ সংহাৰ চলিছিল আৰু সেইবাবে নিউটনে এবছৰলৈ সেই ঠাইৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল।
জনশ্ৰুতি অনুসৰি এই সময়ছোৱাতে তেওঁ ওপৰত আপেল পৰা ঘটনাটো সংঘটিত হৈছিল। এই ঘটনাটোৱে তেওঁক মধ্যাকৰ্ষণ আৰু চন্দ্ৰক কক্ষপথত ঘূৰাই ৰখা বলটোৰ মাজত থাকিব পৰা সম্পৰ্ক বিচাৰিবলৈ অনুপ্ৰাণিত কৰিছিল। ইয়াৰ পৰাই তেওঁ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ (Universal law of gravitation) আৱিষ্কাৰ কৰিছিল।
নিউটনৰ পূৰ্বে বহুতো বিখ্যাত বিজ্ঞানীয়ে মহাকৰ্ষণৰ বিষয়ে কিছু কথা জানিছিল যদিও সেই জ্ঞান স্পষ্ট নাছিল।
নিউটনে বিখ্যাত গতি বিষয়ক সূত্ৰসমূহ লিখি উলিয়াইছিল। পোহৰ আৰু ৰঙৰ তত্বসমূহৰ ওপৰত তেওঁ গৱেষণা কৰিছিল। আকাশ নিৰীক্ষণৰ উদ্দেশ্যে তেওঁ এটা নভোবীক্ষণ যন্ত্ৰ তৈয়াৰ কৰিছিল।
তেওঁ এজন মহান গণিতজ্ঞও আছিল। তেওঁ কলন গণিত (Calculus) নামৰ গণিতৰ এটা নতুন শাখা আৱিষ্কাৰ কৰিছিল। ইয়াৰ প্ৰয়োগৰ দ্বাৰা তেওঁ প্ৰমাণ কৰিছিল যে সুষম ঘনত্বৰ গোলক এটাৰ বৰ্হিভাগৰ বস্তুৰ বাবে গোলোকটোৰৱে তাৰ সমস্ত ভৰ তাৰ কেন্দ্ৰত নিহীত থকাৰ দৰে আচৰণ কৰে।
নিউটনে তেওঁৰ গতি বিষয়ক তিনিটা সূত্ৰৰ যোগেদি ভৌতিক বিজ্ঞানৰ ৰূপৰেখাই সলনি কৰি দিছিল।
উপসংহাৰ
এইখিনিতে আজিৰ ব্লগ পষ্টটো সমৰিলো। আশা কৰোঁ তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।