আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা হাতীপটি তাৰকাৰাজ্য (Milky Way Galaxy) ৰ বিষয়ে অসমীয়া ভাষাত সম্পূৰ্ণ জ্ঞান। সকলোবিলাক ভালদৰে জানিবলৈ আজিৰ এই বিষয়ে ব্লগ পষ্টটো শেষলৈ পঢ়িবা।
Milky Way Galaxy in Assamese – হাতীপটি তাৰকাৰাজ্য
হাতীপটি তাৰকাৰাজ্য প্ৰায় উত্তৰা-দক্ষিণাকৈ বিয়পি থকা এখন তাৰকাৰাজ্য বা জ্যোতিষি মণ্ডল।
তোমালোকে জানানে এইখন তাৰকাৰাজ্যতেই আমি সকলোৱে বাস কৰা পৃথিৱী তথা সৌৰজগত আৰু তেনেদৰে প্ৰায় ১০,০০০ কোটি সৰু – জাঙৰ তৰা বা নক্ষত্ৰ ইয়াত আছে।
আমাৰ সূৰ্য আৰু ৰাতিৰ আকাশত খালি চকুৰে দেখা সকলোবোৰ তৰা হাতীপটি তাৰকাৰাজ্যতেই আছে।
হাতীপটি তাৰকাৰাজ্যক ৰাতি আকাশত এটা বহল আলিবাটৰ দৰে ছাটি থকা তৰাৰ জাকৰ ৰূপত খালি চকুৰে দেখা পোৱা যায়।
আমি বাস কৰা এই হাতীপটি তাৰকাৰাজ্যখন দেখাত চেপেটা কাঁহী এখনৰ দৰে যাৰ মাজডোখৰ বহল আৰু ইয়াৰ দুই মূৰ ক্ৰমান্বয়ে সৰু হৈ যোৱা।
হাতীপটি তাৰকাৰাজ্যৰ দীঘ প্ৰায় ১ লাখ আলোকবৰ্ষ (১ আলোকবৰ্ষ = ৯৪৬ x ১০^10 কিলোমিটাৰ)। এই বিশাল তাৰকাৰাজ্যৰ তুলনাত আমাৰ সৌৰজগতখন তেনেই নগন্য।
হাতীপটি তাৰকাৰাজ্য নাম Milky Way কিয় হ’ল?
প্ৰাচীন গ্ৰীক কাহিনীমতে দেবাধিপতি জিউছৰ পত্নী হেৰাৰ দুগ্ধধাৰৰ (স্তন) পৰা গাখীৰ পৰি আকাশত এটা বগা বাট হৈছিল। গাখীৰৰ বাট বাবেই তাৰ নাম হ’ল Milky Way.
| এতিয়া পঢ়া:তাৰকাৰাজ্য কি?
হাতীপটি তাৰকাৰাজ্যৰ পৰৱৰ্তী আটাইতকৈ ওচৰৰ তাৰকাৰাজ্যখন কি?
প্ৰায় ২৫ লাখ আলোকবৰ্ষ দূৰত্বত অৱস্থিত হাতীপটি তাৰকাৰাজ্যৰ আটাইতকৈ ওচৰৰ প্ৰধান তাৰকাৰাজ্য হৈছে এণ্ড্ৰমেডা তাৰকাৰাজ্য (Andromeda Galaxy)। ইয়াক Messier 31 (M31) বুলিও কোৱা হয়।
এই তাৰকাৰাজ্যখন হাতীপটি তাৰকাৰাজ্যৰ পৰা প্ৰায় ২৫.৩৭ নিযুত আলোকবৰ্ষ দূৰত। মহাকাশত পোহৰে ১ বছৰত যি দূৰত্ব অতিক্ৰম কৰে তাক ১ আলোকবৰ্ষ বোলা হয়।
উপসংহাৰ
আশাকৰোঁ তোমালোকে আজি আমি সকলোৱে বাস কৰা পৃথিৱী তথা সৌৰজগত থকা হাতীপটি তাৰকাৰাজ্যৰ (Milky Way Galaxy) কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব।
অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো (Assamese.Blog) ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।