One Word Substitution in Assamese: আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা অসমীয়া ভাষাৰ কিছুমান গুৰুত্বপূৰ্ণ এটা শব্দত প্ৰকাশ (One Word Substitution in Assamese) বিষয়ে সম্পূৰ্ণ জ্ঞান।
অসমীয়া ভাষাত ব্যৱহৃত ৫৮টা গুৰুত্বপূৰ্ণ এটা শব্দত প্ৰকাশৰ তালিকা তলত দিয়া হৈছে । সকলোবিলাক ভালদৰে জানিবলৈ আজিৰ এই বিষয়ে ব্লগ পষ্টটো শেষলৈ পঢ়িবা।
One word substitution in Assamese | এটা শব্দত প্ৰকাশ
Sl. No. | Phrase (বাক্যাংশ) | One Word (শব্দ) |
---|---|---|
1. | আইৰ ভাই বা ককা | মোমাই |
2. | কৰিবলগীয়া কাম | কৰ্তব্য |
3. | আনৰ তলতীয়া নোহোৱা | স্বাধীন |
4. | আঞ্জা খাবলা অনা কলপুলি | পচলা |
5. | আহোম ৰজাসকলক সম্বোধন কৰা শব্দ | স্বৰ্গদেউ |
6. | আনৰ দোষ দেখা স্বভাৱ | অসূয়া |
7. | আনৰ ভাল দেখিব নোৱাৰা | পৰশ্ৰীকাতৰ |
8. | অতিশয় শীতো নহয় অতিশয় উষ্ণও নহয় | নাতিশীতোষ্ণ |
9. | ঈশ্বৰত যাৰ বিশ্বাস নাই | নাস্তিক |
10. | একে লেঠাৰিয়ে হোৱা | ধাৰাসাৰ |
11. | একেখন সমাজত প্ৰচলিত ভাষা আৰু জীৱন ধাৰণৰ ৰীতি-নীতি | সংস্কৃতি |
12. | এটা চকুৰে নেদেখা লোক | কণা |
13. | একে গুৰুৰ শিষ্য | সতীৰ্থ, হৰি ভকত |
14. | এবাৰ ফল দিয়াৰ পাছতে যি গছ মৰি যায় | ঔষধি |
15. | একে উদৰৰ পৰা বা একে মাকৰ পৰা জন্ম যাৰ | সহোদৰ, সহোদৰা |
16. | এটা সন্তান হোৱাৰ পিছত আৰু সন্তান নোহৱা তিৰোতা | কাকবন্ধ্যা, বিয়ৈবাঁজী, কাউৰ-বাঁজী |
17. | ওপজা ঠাই | জনমভূমি |
18. | কাৱৈ মাছৰ সৰু পোঁৱালি | কাৱৈ-টিলা |
19. | কথা কোৱাত পটু লোক | কথকি |
20. | কাণেৰে নুশুনা লোক | কলা |
21. | কঁঠালৰ সৰু সৰু কলি | মুচি |
22. | কাঁচৰ বাচন গঢ়োঁতা | কঁহাৰ |
23. | কানি খোৱা মানুহ | কানীয়া |
24. | কথা কোৱাৰ যি ইচ্ছা | বিবক্ষা |
25. | কাৰো নাম নধৰাকৈ পৰা গালি | গুৱাল-গালি |
26. | খেতি কৰা লোক | খেতিয়ক |
27. | গৰু বন্ধা ঘৰ | গোহালি |
28. | গোটােই জীৱন জুৰি | আজীৱন |
29. | গিৰীয়েক মৰা তিৰোতা | বিধবা |
30. | গড়ৈ মাছৰ সৰু সৰু পোৱালি | গড়ৈচিৰিকা |
31. | ঘৰ নাই যাৰ | অঘৰী |
32. | চেলেকি খোৱা বস্তু | লেহ্য |
33. | চোবাই খোৱা বস্তু | চব্য |
34. | জীৱনী শক্তি দান কৰা ঔষধ | সঞ্জীৱনী |
35. | ডাকঘৰৰ চিঠি বিলি কৰা মানুহ | ডাক-পিয়ন |
36. | তাঁত বোৱা মানুহ | তাঁতী |
37. | দুয়োটা চকুৰে নেদেখা লোক | অন্ধ |
38. | দৰমহা নোলোৱাকৈ কাম কৰা মানুহ | অবৈতনিক |
39. | দেশৰ ভালৰ কাৰণে কাম কৰা মানুহ | দেশকৰ্মী |
40. | দেশৰ কামত মৃত্যু বৰণ কৰা মানুহ | শ্বহীদ |
41. | দেশক ভাল পোৱা মানুহ | দেশ-ভক্ত, দেশ-প্ৰেমিক |
42. | দীৰ্ঘকাল জীয়াই থকা | দীৰ্ঘজীৱী |
43. | ধান থোৱা ঘৰ | ভঁৰাল |
44. | ধানৰ বাকলি | তুঁহ |
45. | ধান ৰোৱা তিৰোতা | ৰোৱনী |
46. | ধান দোৱা তিৰোতা | দাৱনী |
47. | নিজে নিজে হোৱা | স্বয়ম্ভু |
48. | নোহোৱা বস্তু যি উলিয়ায় | আৱিষ্কাৰক, উদ্ভাৱক |
49. | নিজৰ ওপৰত যি নিৰ্ভৰ কৰে | স্বাৱলম্বী, আত্মনিৰ্ভৰশীল |
50. | নিজৰ ৰূপ-যৌৱন লৈ গৌৰৱ কৰা তিৰোতা | মানিনী |
51. | নিচেই সৰুতে মাক অথবা বাপেক মৰা সন্তান | মাউৰা |
52. | নিচেই সৰুতে মাক-বাপেক মৰা নিৰাশ্ৰয় সন্তান | ঘাত-মাউৰা |
53. | পৱিত্ৰ কামত মৃত্যুবৰণ কৰা লোক | শ্বহীদ |
54. | পিতাকৰ ভনীয়েক | পেহিয়েক |
55. | পৰৰ অধিন | পৰাধীন |
56. | পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ | পৰমুখাপেক্ষী |
57. | পৰৰ সৌভাগ্য দেখি যি কাতৰ কৰে | পৰশ্ৰীকাতৰ |
58. | পি খোৱা বস্তু | পেয় |
Tags: One word substitution in Assamese Grammar, এটা শব্দত প্ৰকাশ, one word substitution pdf, one word substitution a to z, one word substitution dictionary, important one word substitution in Assamese, one word substitution trick in Assamese.
উপসংহাৰ
আশাকৰোঁ তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।