HomeBlogScienceWhat is Galaxy in Assamese | তাৰকাৰাজ্য কি?

What is Galaxy in Assamese | তাৰকাৰাজ্য কি?

তোমালোকে তাৰকাৰাজ্য (Galaxy in Assamese) ৰ বিষয়ে কিছু জনা ছাগে। বিশ্বব্ৰহ্মাণ্ড (Universe) খন যে অলেখ তাৰকাৰাজ্যৰ থূপেৰে গঠিত। আজিৰ এই ব্লগ পষ্টৰ জৰিয়তে তোমালোকে তাৰকাৰাজ্যৰ বিষয়ে কিছু কথা পঢ়িবলৈ পাবা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

What is Galaxy in Assamese | তাৰকাৰাজ্য কি?

তাৰকাৰাজ্য হ’ল মহাকৰ্ষণ শক্তিৰে সম্পৰ্কিত হৈ থকা এক বিশাল সংখ্যক তৰা, মহাজাগতিক ধূলিকণা, গেছ আদিৰ সমষ্টি।

কোনো এখন তাৰকাৰাজ্যত হয়তো মাত্ৰ কেইটা মানহে তৰা আছে আৰু তেনেদৰেই কিছুমান তাৰকাৰাজ্যবোৰত হয়তো কেইবা হাজাৰ পৰ্যন্ত লৈকে তৰা থূপ খাই থাকিব পাৰে।

এই তাৰকাৰাজ্যবোৰৰ গড় ব্যাস বিজ্ঞানীসকলৰ অনুমান মতে প্ৰায় কেইবা হাজাৰ আলোকবৰ্ষৰ পৰা দহ লাখ আলোকবৰ্ষলৈকে হ’ব পাৰে।

কিছুসংখ্যক বিজ্ঞানী সকলৰ ধাৰণা মতে বিশ্বহ্মাণ্ড ত প্ৰায় ১০০ বিলিয়ন তাৰকাৰাজ্য আছে।

অনেক তাৰকাৰাজ্যই থূপ পাতি একো একোটা তাৰকাৰাজ্যৰ থূপ বা তাৰকাপুঞ্জ (Cluster of Galaxy) ৰ সৃষ্টি কৰে। আকৈ এনেধৰণে কিছু তাৰকাপুঞ্জ লগ লাগি অতিতাৰকাৰাজ্য বা অতি পুঞ্জ (Super Clusters) ৰ সৃষ্টি কৰে। এই অতিতাৰকাৰাজ্য বা অতি পুঞ্জৰ সমষ্টিয়েই হ’ল বিশাল বিশ্বহ্মাণ্ড (Universe)।

আমি বাস কৰা তাৰকাৰাজ্যখনৰ নাম কি?

আমি সকলোৱে বাস কৰা তাৰকাৰাজ্যখন হ’ল হাতীপটি তাৰকাৰাজ্য। এইখন তাৰকাৰাজ্যতেই সূৰ্যৰ দৰে আৰু ১০০ হাজাৰ মিলিয়ন অন্য তৰাই বাস কৰে।

আমাৰ আটাইতকৈ ওচৰত থকা তাৰকাৰাজ্যখনৰ নাম কি?

পৃথিৱীৰ আটাইতকৈ ওচৰত থকা তাৰকাৰাজ্যখনৰ নাম হ’ল মেগালিনিক ডাৱৰ (Magellanic Cloud)। পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব হ’বগৈ প্ৰায় ১,৬০,০০০ আলোকবৰ্ষ।

এন্ড্ৰমেডা তাৰকাৰাজ্যখন আমি বাস কৰা হাতীপটি তাৰকাৰাজ্যৰ আটাইতকৈ ওচৰত থকা তাৰকাৰাজ্য। এইখন তাৰকাৰাজ্য পৃথিৱীৰ পৰা প্ৰায় ২.৫৩৭ মিলিয়ন আলোকবৰ্ষ দূৰত্বত অৱস্থিত।

অৰ্থাৎ যদি তুমি পোহৰৰ বেগেৰে (২৯৯,৭৯২,৪৫৮ মিটাৰ  প্ৰতি ছেকেণ্ড) গতি কৰা যান এখনত বহি এন্ড্ৰমেডা তাৰকাৰাজ্য দিশে গতি কৰা তেন্তে ২.৫ মিলিয়ন বছৰত হে এন্ড্ৰমেডা তাৰকাৰাজ্য গৈ পাবাহি। কিন্ত এনে কোনো যান আৱিষ্কাৰ হোৱা নাই যিয়ে পোহৰৰ সমান বেগেৰে গতি কৰিব পাৰে।

আটাইতকৈ ডাঙৰ তাৰকাৰাজ্যখনৰ নাম কি?

বৰ্তমানলৈকে আৱিষ্কাৰ হোৱা তাৰকাৰাজ্যবোৰৰ ভিতৰত IC 1101 নামৰ তাৰকাৰাজ্যখনেই আটাইতকৈ ডাঙৰ তাৰকাৰাজ্য। ইয়াৰ ব্যাসাৰ্ধ প্ৰায় ১.৯৫৬৯ মিলিয়ন আলোকবৰ্ষ আৰু ইয়াত থকা তৰাৰ সংখ্যা প্ৰায় ১০০ ট্ৰিলিয়ন। এই IC1101 তাৰকাৰাজ্যখন পৃথিৱীৰ পৰা প্ৰায় ১.০৪৫ বিলিয়ন আলোকবৰ্ষ আতৰত অৱস্থিত।

আটাইতকৈ সৰু তাৰকাৰাজ্যখনৰ নাম কি?

বৰ্তমান সময়লৈকে চিনাক্ত হোৱা তাৰকাৰাজ্যবোৰৰ ভিতৰত আটাইতকৈ সৰু তাৰকাৰাজ্যখন হ’ল ছিগু ২ (Segue 2)। বিজ্ঞানীসকলৰ মতে এই তাৰকাৰাজ্যখনত কেৱল মাত্ৰ ১,০০০ টা তৰাহে আছে।

এই সুবিশাল বিশ্বহ্মাণ্ডখন অগনন তাৰকাৰাজ্যৰে গঠিত। হয়তো আৰু এনে অসংখ্য তাৰকাৰাজ্য আছে যাক চিনাক্ত কৰিব পৰা নাই। বৰ্তমান সময়ত NASA (USA), ISRO (India), ESA (Europe), CNSA (China), JAXA (Japan) আদি মহাকাশ গৱেশক কেন্দ্ৰ (Space Research Organization) বোৰে বিশদভাৱে অনুসদ্ধান চলাই আছে।

উপসংহাৰ

আশা কৰো তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related Articles